Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:36 am

Home » আঞ্চলিক » অসম » মিছা কথাও কব নাজানে হিমন্ত বিশ্ব শৰ্মাই’- ক’লে উপমন্যু হাজৰিকাই

মিছা কথাও কব নাজানে হিমন্ত বিশ্ব শৰ্মাই’- ক’লে উপমন্যু হাজৰিকাই

 গুৱাহাটী:৬ নং দফা কমিটীত আছে তিনিজনকৈ আইনজ্ঞ, মিছা কথাও কব নাজানে হিমন্ত বিশ্ব শৰ্মাই’- ক’লে উপমন্যু হাজৰিকাই। এখন ৰাজ্যৰ মহাধিবক্তা যে এটা সাংবিধানিক পদ আৰু ৰাজ্য চৰকাৰৰ প্ৰধান আইন উপদেষ্টা আৰু অধিবক্তা, এই কথা পাহৰিলে নেকি মন্ত্ৰী হিমন্তই? নে অসম চৰকাৰে নিজৰ মহাধিবক্তা জনকেই মান্যতা নিদিয়ে।’ প্ৰশ্ন হাজৰিকাৰ ৷

এদিন পূৰ্বে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৷ গৃহমন্ত্ৰীক সাক্ষাৎৰ সময়ত বিভিন্ন বিষয়কে ধৰি অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ কমিটীৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা হয় ৷ আলোচনাৰ পাছতে মন্ত্ৰী হিমন্ত বিশ্বই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, ‘৬নং দফাৰ প্ৰতিবেদন অসম চৰকাৰে আইনজ্ঞৰ দ্বাৰা পৰীক্ষা কৰোৱাব ৷ সাংবিধানিক দিশ সমূহ পৰীক্ষা কৰাৰ পিছতহে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব।’

পিছে মন্ত্ৰী হিমন্তৰ এনে মন্তব্যৰ পাছতে সৰব হৈ পৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চৰ উপমন্যু হাজৰিকা ৷ উপমন্যু হাজৰিকাই কয় যে, ‘হিমন্তৰ এনে মন্তব্য দুৰ্ভাগ্যজনক ৷ কিয়নো ডঃ হিমন্ত বিশ্ব শৰ্মাই মিছা কথাও ক’ব নাজানে। মিছা কথা কওঁতে মিছা হৈ ধৰা পৰে মন্ত্ৰীগৰাকী। কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে গঠন কৰি দিয়া সমিতিখনত অধ্যক্ষ ৰূপে আছে গুৱাহাটী উচ্চ ন্যায়ালয়লৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা। আৰু এজন সদস্য অসম চৰকাৰৰ মহাধিবক্তা ডঃ ৰমেশ বৰপাত্ৰ গোহাঁই আৰু এজন সদস্য অৰুণাচল প্ৰদেশৰ মহাধিবক্তা শ্ৰী নিলয় দত্ত। গতিকে আইনৰ দিশ সমূহ চাবলৈ তেওঁলোক উপযুক্ত নহয় নেকি? নে তেওঁলোক আইনজ্ঞ নহয়?’

এখন ৰাজ্যৰ মহাধিবক্তা যে এটা সাংবিধানিক পদ আৰু ৰাজ্য চৰকাৰৰ প্ৰধান আইন উপদেষ্টা আৰু অধিবক্তা, এই কথা পাহৰিলে নেকি মন্ত্ৰী হিমন্তই? নে অসম চৰকাৰে নিজৰ মহাধিবক্তা জনকেই মান্যতা নিদিয়ে।’ প্ৰশ্ন হাজৰিকাৰ ৷

উপমন্যু হাজৰিকাই লগতে অভিযোগ কৰি কয় যে,  ‘প্ৰকৃতার্থত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জাতি মাটি ভেটিৰ চৰকাৰখনে এই কমিটীৰ প্ৰতিবেদনক নাকচ কৰিব বিচাৰিছে নেকি? যাৰ বাবে প্ৰত্যেকটো পৰ্যায়তে অসমৰ মানুহক উদ্দেশ্যি মিথ্যাচাৰৰ আশ্ৰয় লৈছে।’ইফালে কমিটী গঠনৰ সময়ত ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে, কোনো সাল- সলনি নকৰাকৈ প্ৰতিবেদন কাৰ্যকৰী কৰিব ৷ আনকি মুখ্যমন্ত্ৰী সোণোৱালে কিছুদিন পূৰ্বে প্ৰতিবেদন কেন্দ্ৰীয় চৰকালৈ প্ৰেৰণ কৰা বুলিও অৱগত কৰিছিল ৷ কিন্তু মহাৰাষ্ট্ৰৰ সাংসদৰ প্ৰশ্নৰ উত্তৰত ফাদিল হ’ল ৰাজ্য চৰকাৰখনৰ মিথ্যাচাৰ ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি