Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:14 am

Home » আঞ্চলিক » অসম » BTAD নিৰ্বাচন স্থগিত ৰখাৰ প্ৰস্তাৱ:: তাত্‍পৰ্যপূৰ্ণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

BTAD নিৰ্বাচন স্থগিত ৰখাৰ প্ৰস্তাৱ:: তাত্‍পৰ্যপূৰ্ণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

 শীৰ্ষ নেতৃত্বৰ সেউজ সংকেত পালেই কংগ্ৰেছলৈ ঘূৰি যাব নেকি হিমন্ত বিশ্ব? তাত্‍পৰ্যপূৰ্ণ মন্তব্য হিমন্ত বিশ্বৰ

গুৱাহাটী:২০২১ত হ’বলগীয়া ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। নিৰ্বাচনক কেন্দ্ৰ কৰি বৰ্তমান তত্‍পৰ হৈ পৰিছে শাসক বিৰোধী সকলো। প্ৰতিটো দলেই প্ৰস্তুত কৰিছে নিৰ্বাচনী ৰণকৌশল। তাৰ মাজতে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক ভূপেন কুমাৰ বৰাৰ ৰাজনৈতিক বিস্ফোৰণ। শনিবাৰে সংবাদ মাধ্যমৰ আগত ভূপেন কুমাৰ বৰাই কয় যে, ‘আগন্তুক ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘূৰি আহিব পাৰে কংগ্ৰেছলৈ। ইতিমধ্যে কংগ্ৰেছৰ এগৰাকী শীৰ্ষস্থানীয় নেতাৰ সৈতে সঘনে যোগাযোগ চলিছে হিমন্ত বিশ্ব শৰ্মাৰ। হাইকামাণ্ডৰ সেউজ সংকেত পালেই আকৌ কংগ্ৰেছত যোগ দিব হিমন্ত বিশ্ব শৰ্মাই।’ ভূপেন বৰাৰ এই মন্তব্যৰ পিছতে ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

বিষয়টোৰ সন্দৰ্ভত এইবাৰ মুখ খুলিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘মোক এইবোৰ কথাত অযথা টানি লাভ নাই। ২০১২ চনৰ পৰিবেশ হলে কথা আন আছিল। এতিয়া যদি টাইম মেচিনৰ জৰিয়তে পুনৰ সেই সময়লৈ উভতি যাব পাৰি তেনেহলে কথা সুকীয়া।’

মন্ত্ৰীগৰাকীয়ে লগতে BTAD নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। হিমন্ত বিশ্ব শৰ্মাই কয় যে,‘নিৰ্বাচন স্থগিত কৰিবলৈ ইতিমধ্যে স্বাস্থ্য বিভাগে নিৰ্বাচন আয়োগ আৰু মুখ্য সচিবক লিখিত ভাবে জনাইছে। কাৰণ এই সময়ত নিৰ্বাচন হ’লে বিভীষিকাময় পৰিস্থিতি হব। কেৱল BTADতে নহয় তাৰ পৰা নলবাৰী, দৰং আদি জিলালৈ সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে। মই কোনো ৰাজনৈতিক দলক দুখ নিদিওঁ। কাৰণ এটা দলে নিৰ্বাচন খেলাৰ মন কৰিলে আন দলসমূহেও নিৰ্বাচন খেলাৰ মন কৰিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি