Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:04 pm

Home » আঞ্চলিক » অসম » উদ্যোগমন্ত্ৰী হোৱাৰ যোগ্যতাই নাই চন্দ্ৰমোহন পাটোৱাৰীৰ :মণজিত্‍ মহন্ত

উদ্যোগমন্ত্ৰী হোৱাৰ যোগ্যতাই নাই চন্দ্ৰমোহন পাটোৱাৰীৰ :মণজিত্‍ মহন্ত

 গুৱাহাটী:আঞ্চলিক দলৰ সভাপতি হৈয়ো দল বাগৰি গেৰুৱা হৈছিল চন্দ্ৰমোহন পাটোৱাৰী’-এইবাৰ উদ্যোগ মন্ত্ৰীৰ যোগ্যতাকলৈ প্ৰশ্ন কৰিলে মণজিত্‍ মহন্তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বেপাৰী আখ্যা দি সকলো ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতখণ্ডৰ হাতত গটাবলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰে মীৰা বৰঠাকুৰে।

‘উদ্যোগমন্ত্ৰী হোৱাৰ যোগ্যতাই নাই চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ আঞ্চলিক দলৰ সভাপতি হৈও নিশাৰ ভিতৰতে গেৰুৱা হৈ দল বাগৰা মানুহ চন্দ্ৰমোহন ৷ নীতি আদৰ্শ নথকা পাটোৱাৰীয়ে কেনেকৈ ৰক্ষা কৰিব অসমৰ উদ্যোগ ৷ চলাহি কথাৰে মানুহক আস্বস্ত কৰিব বিচাৰিছে ৰাজ্যৰ বিজেপি চৰকাৰে ৷’ -এই মন্তব্য আঞ্চলিক গণ মৰ্চাৰ সমন্বয়ক মনজিৎ মহন্তৰ ৷ নগাওঁ আৰু কাছাৰ কাগজ কল কাৰ্যক্ষম কৰা আৰু কৰ্মচাৰীৰ দৰমহা আদায়ৰ দাবীত শনিবাৰে ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি এই মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে ৷

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বেপাৰী আখ্যা দি সকলো ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতখণ্ডৰ হাতত গটাবলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰে মীৰা বৰঠাকুৰে। ২০২১ত অসমত বিজেপি চৰকাৰ উৎসাত কৰি অসমৰ সম্পদ ৰক্ষা কৰিবলৈ সকলোকে আহ্বান জনায় নেত্ৰীগৰাকীয়ে ৷

আনহাতে ২১ ছেপ্তেম্বৰত NCLTত অনুষ্ঠিত হ’বলগীয়া শুনানিত কাগজ কল সন্দৰ্ভত ইতিবাচক সিদ্ধান্ত ল’লে ফুলৰ মালা পিন্ধাব ৷ আৰু যদি সেয়া নহয়, তেনেহলে বিশ্বাসঘাটক আখ্য দি অসমৰ ৰাইজে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ৰাজপথত দৌৰাব বুলিও মন্তব্য কৰে CITU অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক তপন শৰ্মাই ৷

ইফালে কাগজ কলৰ কৰ্মচাৰীৰ এই প্ৰতিবাদত অংশ লৈ অসমৰ দুটাকৈ বৃহৎ উদ্যোগ নগাওঁ আৰু কাছাৰ কাগজ কল পুনৰোজ্জীৱিত কৰিবলৈ দাবী জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই ৷ অন্যথা ইয়াৰ প্ৰত্যুত্তৰ অসমৰ ৰাইজে ২০২১ নিৰ্বাচনত অসমৰ ৰাইজে দিব বুলি চৰকাৰক সকীয়াই দিয়ে 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি