Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:03 pm

Home » আঞ্চলিক » অসম » কৃষি বিধেয়ক’লৈ হৰছিমৰট কৌৰ বাদলৰ পদত্যাগ : চৰ্চা তুংগত

কৃষি বিধেয়ক’লৈ হৰছিমৰট কৌৰ বাদলৰ পদত্যাগ : চৰ্চা তুংগত

 মোদী কেবিনেটৰ পৰা আঁতৰিল আন এটা মিত্ৰদল

নতুন দিল্লী : মোদী কেবিনেটৰ পৰা আকালী দলৰ একমাত্ৰ প্ৰতিনিধি হৰছিমৰট কৌৰ বাদলে পদত্যাগৰ পাছতে দেশৰ ৰাজনীতিত আন এক আলোড়নৰ সৃষ্টি হৈছে। বিজেপি চৰকাৰে গৃহীত কৰা ‘কৃষি বিধেয়ক’লৈ প্ৰথম পৰ্যায়ত সমৰ্থন দিয়াৰ পাছত পঞ্জাৱত কৃষকসমাজৰ তীব্ৰ বিৰোধৰ সন্মুখীন হৈছিল দলটো

আকালী দলৰপৰা মোদী মন্ত্ৰীসভাত স্থান লাভ কৰা হৰছিমৰট কৌৰ বাদলে এই বিধেয়ক সম্পৰ্কীয় বৈঠকত ভাগ লৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছতে তেওঁ মন্ত্ৰীসভাৰপৰা পদত্যাগ কৰে। টুইটযোগে এই বিষয়ে সদৰী কৰি কৌৰে লিখিছে, ‘কৃষকসকলৰ সৈতে তেওঁলোকৰ কন্যা আৰু ভগ্নীৰ ৰূপত থিয় হ’বলৈ পাই গৰ্বিত বোধ কৰিছোঁ।

মন্ত্ৰীগৰাকীৰ এই পদক্ষেপৰ পাছতে আকালী দলৰ মুৰব্বী কয় যে তেওঁলোকে বাহিৰৰ পৰা বিজেপিক সমৰ্থন কৰিব যাব যদিও চৰকাৰৰ ‘কৃষকবিৰোধী নীতি’ৰ তেওঁলোক বিৰোধী। অৱশ্যে, এই বিষয়টোক লৈ কংগ্ৰেছে দলটোক তীব্ৰ সমালোচনা কৰাৰ পাছত বিজেপিৰে সম্পৰ্কৰ কথাটো দলীয় বৈঠকৰ পাছত সিদ্ধান্ত লোৱা হ’ব বুলি বাদলে প্ৰকাশ কৰিছে।

দ্য প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ এণ্ড দি প্ৰাইচ এছুৰেঞ্চ এণ্ড ফাৰ্ম ছাৰ্ভিছেজ বিল’ লোকসভাত বিৰোধীৰ দলৰ প্ৰতিবাদৰ মাজতে গৃহীত কৰে বিজেপি নেতৃত্বাধীন চৰকাৰে। ইয়াৰ পাছতে মিত্ৰদলটোৰ সৈতে আকালী দলে দূৰত্ব ৰক্ষাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিয়নো এই বিধেয়কক লৈ পঞ্জাৱৰ কৃষক সমাজ অতি অসন্তুষ্ট হৈ পৰিছিল। পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙেও দলটোক এই বিধেয়কৰ প্ৰসংগত তীব্ৰ সমালোচনা কৰিছে আৰু এই পদত্যাগক কৃষকক আভুৱা ভাৰিবলৈ সৃষ্টি কৰা ‘গিমিক’ আখ্যা দিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি