|

নগাঁৱৰ ৰাঙলুত ৰাইজে হাতে-লোটে ধৰিলে তিনি গৰু চোৰক

নগাঁও : নগাঁৱৰ ৰাঙলুত বৃহস্পতিবাৰে নিশা গৰুসহ তিনিটা চোৰ আটক কৰে৷ স্থানীয় লোকে হাতে-লোটে ধৰি গভাইত চোৰকেইটাক উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে৷জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ৰাঙলুৰ বিভিন্ন অঞ্চলত এটা বৃহৎ চুৰি চক্ৰই গৰু চোৰ কৰি সন্ত্ৰাস সৃষ্টি কৰিছিল৷ আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷  বৃহস্পতিবাৰে নিশা গাঁওৰক্ষী বাহিনীৰ সহযোগত স্থানীয় লোকে গৰু চুুুৰি কৰিবলৈ আহোতেই হাতে–লোটে আটক কৰে চোৰকেইটাক।ইপিনে, আৰক্ষীয়ে নিশাই নগাঁৱলৈ প্ৰেৰণ কৰে ধৃত চোৰ কেইটাক৷ পুৱা শতাধিক গাঁওবাসীয়ে চোৰ চাবলৈ থানালৈ আহি চোৰ নাপাই ক্ষুব্ধ হৈ পৰে। ধৃত চোৰ কেইটা ক্ৰমে আব্দুল আজিজ(২৬) ৰহমান আলী(২৩) আৰু মঞ্জুল হক (২০)৷

|

চাহ-বিস্কুট বিক্ৰীত ব্যস্ত বিধায়ক ৰূপজ্যোতি কুৰ্মী

মৰিয়নী :এইবাৰ চাহ দোকানীৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী। নিতৌ ন ন বিতৰ্কিত মন্তব্য আৰু কৰ্মকাণ্ডৰে চৰ্চাত থকা কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এয়া এক অভিনৱ প্ৰতিবাদহে।বিশ্বকৰ্মা পূজাৰ দিনটোত অন্য এক ৰূপত মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী। মৰিয়নী নগৰৰ থানা তিনি আলিত চাহ-বিস্কুট বিক্ৰীত ব্যস্ত বিধায়কগৰাকী। গ্ৰাহকক আকৰ্ষিত কৰিবলৈ বিধায়ক গৰাকীয়ে চিঞৰিছে – ‘আহক ৰাইজ দহ টকাত চাহ-বিস্কুট, চাহ-বিস্কুট। আহক ৰাইজ গৰম চাহ মাত্ৰ দহ টকাত”। আচলতে, নিতৌ ন ন বিতৰ্কিত মন্তব্য আৰু কৰ্মকাণ্ডৰে চৰ্চাত থকা কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এয়া এক অভিনৱ প্ৰতিবাদহে। ১৭ ছেপ্টেম্বৰ তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০সংখ্যক জন্মদিনত বিজেপি দলে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী। আনহাতে, কংগ্ৰেছ দলে সমগ্ৰ দেশতে নৰেন্দ্ৰ মোদীৰ জন্ম দিনটো “ৰাষ্ট্ৰীয় নিবনুৱা দিৱস” হিচাপে

|

কৃষি বিধেয়ক’লৈ হৰছিমৰট কৌৰ বাদলৰ পদত্যাগ : চৰ্চা তুংগত

 মোদী কেবিনেটৰ পৰা আঁতৰিল আন এটা মিত্ৰদল নতুন দিল্লী : মোদী কেবিনেটৰ পৰা আকালী দলৰ একমাত্ৰ প্ৰতিনিধি হৰছিমৰট কৌৰ বাদলে পদত্যাগৰ পাছতে দেশৰ ৰাজনীতিত আন এক আলোড়নৰ সৃষ্টি হৈছে। বিজেপি চৰকাৰে গৃহীত কৰা ‘কৃষি বিধেয়ক’লৈ প্ৰথম পৰ্যায়ত সমৰ্থন দিয়াৰ পাছত পঞ্জাৱত কৃষকসমাজৰ তীব্ৰ বিৰোধৰ সন্মুখীন হৈছিল দলটো আকালী দলৰপৰা মোদী মন্ত্ৰীসভাত স্থান লাভ কৰা হৰছিমৰট কৌৰ বাদলে এই বিধেয়ক সম্পৰ্কীয় বৈঠকত ভাগ লৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছতে তেওঁ মন্ত্ৰীসভাৰপৰা পদত্যাগ কৰে। টুইটযোগে এই বিষয়ে সদৰী কৰি কৌৰে লিখিছে, ‘কৃষকসকলৰ সৈতে তেওঁলোকৰ কন্যা আৰু ভগ্নীৰ ৰূপত থিয় হ’বলৈ পাই গৰ্বিত বোধ কৰিছোঁ। মন্ত্ৰীগৰাকীৰ এই পদক্ষেপৰ পাছতে আকালী দলৰ মুৰব্বী কয় যে তেওঁলোকে বাহিৰৰ পৰা বিজেপিক সমৰ্থন