Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:33 am

Home » আঞ্চলিক » অসম » ৮ মাহ উকলি গ’ল : কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাই নাই অসম চুক্তিৰ ৬ নং দফা কমিটীৰ প্ৰতিবেদন

৮ মাহ উকলি গ’ল : কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাই নাই অসম চুক্তিৰ ৬ নং দফা কমিটীৰ প্ৰতিবেদন

 গুৱাহাটী:৮ মাহ উকলি গ’ল, অসম চৰকাৰে অসম চুক্তিৰ ছয় নং দফা কমিটীৰ প্ৰতিবেদন প্ৰেৰণ কৰাই নাই কেন্দ্ৰীয় চৰকাৰলৈ বুধবাৰে ৰাজ্যসভাত এই কথা পোহৰলৈ আহে।কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে গঠন কৰি দিয়া অসম চুক্তিৰ ছয় নং দফা কমিটীয়ে প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰাৰ প্ৰায় ৮ মাহ উকলি গ’ল। কিন্তু এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা নাই অসম চৰকাৰে। বৰ্তমানো অসম চৰকাৰৰ নিৰীক্ষণতে আছে প্ৰতিবেদন। বুধবাৰে ৰাজ্যসভাত এই কথা পোহৰলৈ আহে।

বুধবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যসভাৰ সদস্য সম্ভাজী চত্ৰপতিৰ লিখিত প্ৰশ্নৰ উত্তৰত এই কথা সদৰী কৰে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে। অসম চুক্তিৰ ছয় নং দফাৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ হাতত দাখিল কৰাৰ সন্দৰ্ভত লিখিত প্ৰশ্ন কৰিছিল সাংসদ সম্ভাজী চত্ৰপতিয়ে। সাংসদ গৰাকীয়ে প্ৰশ্ন কৰিছিল যে, 

১. কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া কমিটীয়ে ৬ নং দফা কাৰ্যকৰীকৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিলনে?

২. কমিটীয়ে কি কি পৰামৰ্শ দিলে?

৩. চৰকাৰে প্ৰতিবেদন পৰীক্ষা বা পৰামৰ্শ সমূহ গ্ৰহণ কৰিবলৈ কিমান সময় ল’ব?

৪.নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰা হৈছে নেকি?

এই সমূহ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কয় যে, ‘কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ কমিটীয়ে অসম চৰকাৰৰ হাতত অসম চুক্তিৰ ছয় নং দফাৰ প্ৰতিবেদন দাখিল কৰিলে। বৰ্তমান প্ৰতিবেদন অসম চৰকাৰৰ নিৰীক্ষণতে আছে।’

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি