Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 1:17 pm

Home » সম্পাদকীয় » আজিৰ চিন্তা » ২০২১ত আকৌ এবাৰ, বিজেপি চৰকাৰ

২০২১ত আকৌ এবাৰ, বিজেপি চৰকাৰ


✍ মহিবুল মণ্ডল 

অম্বিকাগিৰী ৰায় চৌধুৰীয়ে ১৯৫০ চনতেই কৈছিল- ‘বাহিৰৰ হিন্দুৱানী বা মুছলমানী উন্মাদনা অসমত সুমুৱাই, অসমলৈ বেছি সংখ্যক হিন্দু বাহিৰৰ পৰা নানিলে অসম পাকিস্তানলৈ যাব বুলি অসমীয়া হিন্দু কেইটাই ভয় দেখুৱাই আৰু বাহিৰৰ পৰা অসমলৈ বেছি সংখ্যক মুছলমান আমদানি নকৰিলে অসমীয়া মুছলমান কেইটাৰ ওপৰত অসমীয়া হিন্দুই উপদ্ৰৱ কৰিব বুলি ফুচুলাই, অসমীয়াৰ ভিতৰত বিভেদ, অশান্তি সৃষ্টি কৰিছে।’ 
যুগে যুগে সেয়াই প্ৰমাণ হৈ আহিছে। এসময়ৰ ভাষা আন্দোলন, বিদেশী খেদা আন্দোলন। আন্দোলন আহিল আৰু সমাপ্তি হ’ল। কিন্তু কোনো এটি সমস্যা সমাধান নহ’ল। ৰাজনৈতিকভাৱে এই সমস্যা সমাধান কৰাৰ হকে কোনোদিনেই ফলপ্ৰসূ পদক্ষেপ হাতত নল’লে কোনো এটি শাসকগোষ্ঠীয়ে। কেৱল ই এক সংঘাতময় সময়ৰ ইতিহাস হৈ ৰৈ গ’ল। 
আকৌ আহিল ‘কা’ আন্দোলন। জাতীয় জীৱনৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰা আইনৰ বিৰুদ্ধে আন্দোলন। শাসকগোষ্ঠীয়ে হিন্দুত্ববাদক আধাৰ কৰি লৈ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে হিন্দু বাংলাদেশীসকলক আদৰিবলৈ বৰপীৰা পাৰি দিছে। 
‘কা’ আন্দোলনৰ নামত সুযোগ গ্ৰহণ কৰিছে এচাম নেতাই। যুগে যুগে আন্দোলন সৃষ্টিকাৰী নেতা সকলেই শেষত ৰাজনৈতিক নেতালৈ পৰ্যৱসিত হৈছে। এইবাৰো যেন তাৰ ব্যতিক্ৰম নহ’ব। অসমীয়াৰ মাজত গঢ় লৈ উঠা স্বাভাৱিক পৰিৱেশক পুনৰ ঘোলা কৰি ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁলোক আকৌ জঁপিয়াই পৰিছে ৰাজনৈতিক নেতা হ’বলৈ।
জাতীয় জীৱনলৈ অহা প্ৰত্যাহ্বানক আধাৰ কৰি লৈ আন এচামে উগ্ৰ জাতীয়তাবাদীৰ পৰিচয় দি সমগ্ৰ পৰিৱেশটোকেই বাকযুদ্ধলৈ ৰূপান্তৰ কৰি নতুন দল গঠন কৰাত ব্যস্ত হৈ পৰিছে। 
জাতীয় জীৱনলৈ অহা অস্তিত্বৰ সংকটৰ মুহূৰ্তত সকলোৱে একেলগ হৈ শাসকগোষ্ঠীৰ বিৰুদ্ধে মাৰবান্ধি থিয় হোৱা সময় আছিল এয়া। ধৰ্মীয় পৰিচয়েৰে দেশী-বিদেশী চিনাক্ত কৰি কাৰোবালৈ ৰঙা দলিচা পাৰি জাতীয় অস্তিত্বক নিঃশেষ কৰিব খোজাসকলক বাধা দিবলৈ সন্মিলিত সংগ্ৰামৰ সূচনা হ’লেও ইয়াত বহু বিভীষণৰূপী চৰিত্ৰই ব্যক্তিগত-ৰাজনৈতিক স্বাৰ্থৰ সুৰক্ষাৰ বাবেই জাতি-মাটি-ভেটিৰ বিৰুদ্ধে থিয় দিছে। এয়া যেন এতিয়া মাত্ৰ প্ৰমাণ হ’বলৈহে বাকী। 
ইতিহাসত প্ৰমাণ আছে আঞ্চলিকতাবাদ তথা জাতীয়তাবাদৰ নামত ৰাজ্যখনত সময়ে সময়ে যিবোৰ ৰাজনৈতিক নেতাৰ সৃষ্টি হ’ল সিহঁতৰ খতিয়ান যদি ব্যাখ্যা কৰা হয় তেন্তে দেখা যায় বৃহৎ বৃহৎ আন্দোলন কৰি কেৱল মন্ত্ৰী- বিধায়ক হ’ল কিন্তু সমস্যাবোৰৰ সমাধান নহ’ল। 
আঞ্চলিকতাবাদ তথা জাতীয়তাবাদৰ নামত সৃষ্টি হোৱা এই সকল মন্ত্ৰী-বিধায়কে পৰৱৰ্তী সময়ত হিন্দুত্ববাদী ৰাষ্ট্ৰীয় দলকেই সমৰ্থন কৰি আহিছে। তথা স্বাভাৱিক পৰিৱেশক সদায় জাত-পাতৰ কথাৰে ঘোলা কৰি আহিছে। 
বিজেপি ত্যাগ কৰা নেত্ৰী মীৰা বৰঠাকুৰে এটি পৰ্টেলৰ আগত অলপতে এটি মন্তব্য আগবঢ়াছিল- “মই বিজেপিৰ সৈতে দীৰ্ঘদিন জড়িত হৈ আছিলো। তথা ৰাষ্ট্ৰীয় আৰু ৰাজ্যৰ ৰাজনীতিৰ বিষয়েও সূক্ষ্মভাৱে অধ্যয়ন আৰু পৰ্যবেক্ষণ কৰিছো। তাৰ পৰা এয়াই স্পষ্ট যে বিজেপিয়ে সদায় আঞ্চলিক দলসমূহক প্ৰথমে দুৰ্বল কৰি লয় আৰু পিছত গ্ৰাস কৰি পেলায়।” 
এই কথাষাৰৰ যেন সম্পূৰ্ণ ভিত্তি আছে । ‘কা’ই অসমীয়া জাতিৰ প্ৰতি ভাবুকি আনিছে বুলি টেটু ফালি চিঞৰি চিঞৰি শেষত ৰাজনৈতিক দল গঠন কৰিব বিচৰা সকলে কিন্তু ভৱিষ্যত সুৰক্ষাৰ বাবে সুনিৰ্দিষ্ট কৰ্মপন্থাৰে ঐক্যবদ্ধভাৱে এখন ৰাজনৈতিক মঞ্চত একগোট হ’ব নোৱাৰিলে। বহুধা শিবিৰত বিভক্ত হৈ সংঘৱদ্ধ এই সংগ্ৰামক দুৰ্বলহে কৰিলে। ইতিমধ্যেই অসমৰ ৰাইজেও বুজি উঠিছে অসম আৰু অসমীয়াৰ বিভীষণ কোন, শত্ৰু কোন? 
সুধাকণ্ঠ ভূপেন হাজৰিকাই তাহানিতে কৈ যোৱা সেই কথাই সঁচা হ’ব- অসমতে অসমীয়া ভগনীয়া হ’ব। সেই সময় আহিবলৈনো এতিয়া আৰু কিমান দিন? এতিয়াও সময় আছে আঞ্চলিক শক্তি সমূহ একগোট হোৱাৰ। অন্যথা ২০২১ ত আকৌ বিজেপি চৰকাৰ! কাৰণ বহুধা বিভক্ত হৈ থাকিলে অখিলে অকলে একো কৰিব নোৱাৰিব, কেৱল আছু আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ একত্ৰিত হৈও একো কৰিব নোৱাৰিব। সেয়ে বিজেপি বিৰোধী শক্তি সৱ একগোট হ’ব লাগিব। 
তেতিয়াহে জনসাধাৰণক বিজেপিয়ে বিভ্ৰান্ত কৰিবলৈ সমৰ্থ নহ’ব।- বৰ্তমানৰ পৰিস্থিতিত অগপ সম্পূৰ্ণৰূপে বিজেপিৰ বুকুত হেৰাই যোৱা বুলি ক’লেও ভুল কোৱা নহ’ব। 
লক্ষ্যণীয় যে, বিপিএফ যেতিয়া কংগ্ৰেছৰ লগত আছিল। তেতিয়া কিন্তু বিপিএফৰ এক সুকীয়া অস্তিত্ব অক্ষুণ্ন আছিল। কিন্তু যেতিয়াৰ পৰা বিজেপিৰ লগ ললে তেতিয়াই বিপিএফৰ শক্তি প্ৰায় নাইকিয়া হৈ পৰিল। 
ইয়াতেই প্ৰশ্ন হয় বিজেপিৰ সৈতে কোনো আঞ্চলিক দলে মিতিৰালি কৰিলেই সেই দলৰ অস্তিত্ব অক্ষুণ্ন নাথাকে কিয় ? ইয়াৰ উত্তৰত আমি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই গুপ্তহত্যা সন্দৰ্ভত মন্তব্য দিয়া প্ৰসংগটো ক’ব নোৱাৰো নেকি ? তেওঁ কৈছিল দিল্লীৰ নিৰ্দেশত গুপ্তহত্যা চলিছিল ৷ মহন্তৰ দিনত দিল্লীত বিজেপি চৰকাৰ অধিষ্ঠিত হৈ আছিল। এইখিনিতে আমি ভাবিব নোৱাৰো নে বিজেপিয়ে আঞ্চলিক শক্তিক পাকচক্ৰত পেলাই সিহঁতৰ শক্তি নাইকিয়া কৰে বুলি ? 
উল্লেখ্য যে, আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নতুন ৰাজনৈতিক দল ”অসম জাতীয় পৰিষদ”য়ে যদি বিজেপ’ৰ পাকচক্ৰত আছে তেন্তে ইতিহাসত তেওঁলোকো কলা অধ্যায়ত পৰিণত হ’ব তথা অসমীয়াই কোনোদিন ক্ষমা নকৰিব আৰু যদি পাকচক্ৰত পৰা নাই বা নপৰে তেন্তে কেনেদৰে সেয়া অসমবাসীক প্ৰমাণ কৰিব ? অখিল গগৈ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ বুলি দোষ জাপি অসমবাসীক প্ৰমাণ দিয়া বুলি পতিয়ান নিয়াব পাৰিব নে ? 
সাম্প্ৰদায়িক শক্তিক তথা বিজেপিক পৰাভূত কৰিবলৈ, শংকৰ-আজানৰ মান অক্ষুণ্ন ৰাখিবলৈ আৰু ‘কা’ বাতিলৰ স্বাৰ্থত প্ৰতিটো আঞ্চলিক শক্তি একত্ৰিত হোৱাৰ বাহিৰে কোনো বিকল্প নাই। যদি বিজেপিৰ পাকচক্ৰত পৰি আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নতুন দল গঠন কৰিবলৈ লৈছে তেন্তে বৰ্তমানৰ প্ৰেক্ষাপটত ২০২১ আকৌ বিজেপি চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা প্ৰকট। 
ফোন নং : 9678243705
(আপুনি এই লেখাটি পঢ়ি কেনে পালে? তলৰ কমেণ্ট বাকচত মতামত জনাবলৈ নাপাহৰিব৷ লগতে আপুনিও পঠিয়াব পাৰে আপোনাৰ প্ৰৱন্ধ, গল্প, কবিতা, চিন্তা ইত্যাদি৷ আমি প্ৰকাশ কৰিম আপোনাৰ মনৰ বতৰা৷ 
আপোনাৰ লেখাসমূহ প্ৰেৰণ কৰকঃ 
ই-মেইল : sangbadprahari@gmail.com 
নতুবা 
 হোৱাটচএপ : +917578801008)

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি