Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:38 pm

Home » দেশ-বিদেশ » আন্তঃৰাষ্ট্ৰীয় » ১৭ চেপ্তেম্বৰ- প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিনটো পালন কৰিব ৰাষ্ট্ৰীয় নিবনুৱা দিবস

১৭ চেপ্তেম্বৰ- প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিনটো পালন কৰিব ৰাষ্ট্ৰীয় নিবনুৱা দিবস

১৭ চেপ্তেম্বৰ,এই বিশেষ দিনটোত দেশৰ চতুৰ্দশ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন । ১৯৫০ চনৰ উক্ত দিনটোতে গুজৰাটত জন্ম লাভ কৰিছিল নৰেন্দ্ৰ মোডী ।বিশ্বৰ জনপ্ৰিয় নেতা জনৰ জন্ম দিনটোত উলহ মালহেৰে পালন কৰিব বিজেপিয়ে । মোডীৰ জন্মদিনটোত ভাৰতীয় জনতা পাৰ্টীৰ আইটি চেলে এসপ্তাহৰ বাবে ডিজিটেল ড্ৰাইভৰ জৰিয়তে এক সমীক্ষা চলাব । #HappyBirthdayModiji লিখি দেশৰ প্ৰধান মন্ত্ৰী জনক আভিবাদন জনোৱাৰ লগতে এইটোও দেখুৱাব যে নৰেন্দ্ৰ মোডীৰ নেতৃত্বতে কিদৰে ভাৰতে নতুন কিৰণ দেখিছে তাক প্ৰতিফলিত কৰিব।

ইপিনে প্ৰধানমন্ত্ৰী জনৰ জন্মদিনটো বিজেপি দলৰ নেতা কৰ্মকৰ্তা সকলে এসপ্তাহৰ বাবে উদযাপন কৰিব এক বিশেষ সপ্তাহ ৰূপে । বিজেপি দলে সেই বিশেষ সপ্তাহটোৰ নাম দিছে ‘সেৱা সপ্তাহ’ । দেশৰ সমূহ নেতা কৰ্মীয়ে ১৪ চেপ্তেম্বৰৰ পৰা ২০ চেপ্তেম্বৰলৈ পালন কৰিব এই সেৱা সপ্তাহ ।সম্প্ৰতি কোৰোনা মহামাৰীৰ বাবে এই সেৱা সপ্তাহত ভাৰতীয় জনতা পাৰ্টীৰ দলৰ সমূহ সদস্যই মাস্ক, চেনিটাইজাৰ আৰু ঔষধ বিতৰণ কৰাৰ লগতে ৰক্তদান শিবিৰ পাতি পালন কৰিব ।

উল্লেখযোগ্য যে ভাৰতত বৰ্তমানলৈ ৪ কোটিতকৈ অধিক লোক আক্ৰান্ত হোৱাৰ লগতে ৭৮ হাজাৰতকৈ অধিক লোক মৃত্যমুখত পৰিছে । কোৰোনাৰ সংহাৰত আক্ৰান্ত হোৱা লোকৰ সংখ্যাৰে বিশ্বৰ দ্বিতীয় স্থানত আছে ভাৰত । কোৰোনাৰ বাবে মাৰ্চ মাহৰ পৰা চলি আছিল লকডাউন। বৰ্তমান সমগ্ৰ দেশতে আনলক আৰম্ভ হৈছে যদিও বৰ্তমানো যেন স্বাভাবিক হোৱা নাই দেশৰ পৰিবেশ । কোৰোনা মহামাৰীয়ে দেশৰ প্ৰতিখন ক্ষেত্ৰকে চুই গৈছে ।

আগশাৰীৰ ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়তো কোৰোনাৰ প্ৰভাব পৰিছে।বহু প্ৰতিষ্ঠানে লোকচানৰ ভাৰ সহিব লোৱাৰি ব্যৱসায় বন্ধ কৰিব লগীয়া অবস্থা হৈছে ।লকডাউনৰ ফলত জুৰুলা হৈ পৰিছে দেশৰ সকলো স্তৰৰ লোক ।যাৰ ফলত দেশত বৃদ্ধি পাইছে নিবনুৱা সমস্যা । বিভিন্ন ধৰনৰ উদ্যোগ প্ৰতিষ্ঠান বন্ধ হৈ পৰাৰ লগতে কৰ্মহীন হৈ পৰিব লগীয়া হৈছে উদ্যোগ সমূহত কাম কৰি থকা লোক সকল । যাৰ ফলত দেশত বৃদ্ধি পাইছে নিবনুৱা সংখ্যা

দেশৰ এই বৰ্ধিত নিবনুৱা সমস্যাৰ বাবে দেশৰ ইন্টাৰনেট ব্যবহাৰকাৰী নিবনুৱাই ১৭ চেপ্তেম্বৰ অৰ্থাৎ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিনটো পালন কৰিব ৰাষ্ট্ৰীয় নিবনুৱা দিবস উদযাপন কৰিব । সমগ্ৰ দেশতে ইন্টাৰনেট ব্যৱহাৰকাৰী নিবনুৱাই এসপ্তাহ ধৰি পালন কৰিব এই দিবসটি ।

ইতিমধ্যে দেশৰ শিক্ষিত নিবনুৱা সকলে ৫ আৰু ৯ চেপ্চেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ব্যতিক্ৰমী ধৰনে প্ৰতিবাদ কৰিছিল বছৰি প্ৰয় ২ কোটি নিবনুৱাক সংস্থাপন দিব বুলি কোৱা মোডী চৰকাৰৰ বিৰুদ্ধে শিক্ষিত নিবনুৱা সকলে ঘৰতে কাহী বাতি বজোৱাৰ লগতে বন্তি প্ৰজ্জ্বলন কৰি এই প্ৰতিবাদ কৰিছিল ।

যদিও দেশৰ মূল সুতিৰ সংবাদ মাধ্যম সমূহে এই বিষয়টো গুৰুত্ব সহকাৰে প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই ইয়াৰ বিপৰীতে সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে বিষয়টোৱে । উল্লেখ কৰা প্ৰয়োজন যে টুইটাৰত কেইবাবাৰো শীৰ্ষত আছিল এই উচ্চ শিক্ষিত সকলৰ প্ৰতিবাদ । এই সমগ্ৰ প্ৰেক্ষাপট ভালদৰে লক্ষ্য কৰিয়ে প্ৰধান মন্ত্ৰীৰ জন্ম দিনটোত উচ্চ শিক্ষিত নিবনুবা সকলৰ প্ৰতিবাদে যে বিশেষ চৰ্চা লাভ কৰিব সেয়া নিশ্চিত হৈছে ।

দুবাৰ কৈ শাসনৰ গাদীত বহা মোডী চৰকাৰে উচ্চ শিক্ষিত সকলৰ প্ৰত্যাশা দূৰ কৰিব নোৱাৰা বিষয়তো এক ৰাজনৈকিক ইচ্চ্যু হিচাপে গ্ৰহন কৰিছে বিৰোধী দল সমূহে ৷ ইতিমধ্যে কংগ্ৰেছেও ৰোজগাৰ দো শীৰ্ষক এটি প্ৰতিবাদী কাৰ্য্যসূচী ডিজিটেল মাধ্যমত আৰম্ভ কৰিছে৷ ১৭ চেপ্তেম্বৰৰ এই প্ৰতিবাদত কংগ্ৰেছেও যে পূৰ্ন সমৰ্থন দিব সেয়া এনেবোৰ পৰিবেশে প্ৰমান কৰে ৷

দেশৰ কোটি কোটি শিক্ষিত নিবনুৱাই ১৭ চেপ্তেম্বৰত তেওলোকৰ মাৰ্কশ্বীট সমূহ দাহ কৰি প্ৰধানমন্ত্ৰী মোডীক আহ্বান জনাব যে উচ্চ শিক্ষিতক উচিত সংস্থাপনৰ বাবে উচ্চ শিক্ষিত পৰিবেশ গঢ়ি তোলক ৷ উক্ত দিনাই সেৱা সপ্তাহ উপলক্ষে বিজেপিয়েও এলানি কাৰ্য্যসূচী ঘোষনা কৰিছে ৷ সেয়েহে ১৭ চেপ্তেম্বৰৰ দিনটোত কোনটো বিষয় অধিক চৰ্চা লাভ কৰিব সেয়া হব লক্ষনীয় ৷ এটা কথা সকলোৱে মানি লব যে নিৰ্বাচনত প্ৰতিশ্ৰুতি দিয়াৰ দৰে নিবনুৱাক সংস্থাপনৰ ক্ষেত্ৰত সঠিক পৰিকল্পনা আৰু উচিত পৰিবেশ গঢ়ি তোলাত যথেষ্ট খিনি ব্যৰ্থ হ’ল ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি