Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:53 am

Home » আঞ্চলিক » অসম » কংগ্ৰেছত ব্যাপক সালসলনি; অলৱাৰৰ প্ৰতীকী ৰজা জীতেন্দ্ৰ সিঙক দিলে অসমৰ দায়িত্ব, তৰুণ গগৈকো দিলে বিশেষ দায়িত্ব

কংগ্ৰেছত ব্যাপক সালসলনি; অলৱাৰৰ প্ৰতীকী ৰজা জীতেন্দ্ৰ সিঙক দিলে অসমৰ দায়িত্ব, তৰুণ গগৈকো দিলে বিশেষ দায়িত্ব

 অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ছমাহ বাকী থকাৰ সময়ত কংগ্ৰেছ শীর্ষ নেতৃত্বই অসমৰ দায়িত্ব অৰ্পণ কৰিলে এগৰাকী নতুন সাধাৰণ সম্পাদকক। হৰিশ ৰাৱটক অসমৰ দায়িত্বৰ পৰা অব্যাহতি প্ৰদান কৰি জীতেন্দ্ৰ সিঙক অসমৰ দায়িত্ব অৰ্পণ কৰা হ’ল। ৰাজস্থানৰ অলৱাৰৰ প্রতীকী ৰজা জিতেন্দ্ৰ সিং এতিয়া অসমৰ দায়িত্ব প্ৰাপ্ত কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক। জীতেন্দ্ৰ সিং, মনোমোহন সিঙৰ চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী আছিল।

আনহাতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক পুনৰ CWCৰ সদস্যৰ পদবী অৰ্পণ কৰা হৈছে। কিন্তু সাংসদ গৌৰৱ গগৈক আঁতৰোৱা হৈছে CWCৰ ‘Permanent Invitee’ৰ তালিকাৰ পৰা। কিন্তু তাৰ পৰিৱৰ্তে প্ৰাক্তন সাংসদ সুস্মিতা দেৱক পুনৰ CWCৰ ‘Special Invitee’ৰ পদ অৰ্পণ কৰা হৈছে।

উল্লেখযোগ্য যে, কংগ্ৰেছৰ এই ব্যাপক সাল সলনিত ৰাহুল গান্ধীৰ ঘনিষ্ঠ লোকে স্থান পোৱা দেখা গৈছে। অনহাতে নেতৃত্বত নতুনত্ব বিচাৰি পত্ৰ প্ৰেৰণ কৰা ২৩ কংগ্ৰেছ নেতাক বিশেষ একো দায়িত্ব দিয়া নহ’ল। বৰঞ্চ পূৰ্বৰ দায়িত্বৰ পৰা অব্যাহতিহে দিয়া হ’ল। গোলাম নবী আজাদ, অম্বিকা চনী, মটিলাল ভৰা আৰু মল্লিকাঅৰ্জুন খৰ্গেক সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি দিয়া হ’ল।

আপেক্ষিক ভাবে কম বয়সীয়া নেতাক ৰাজ্য সমূহৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে CWCৰ সদস্যৰ পদো প্রদান কৰা হ’ল। দায়িত্ব লাভ কৰা নতুন মুখৰ ভিতৰত অন্যতম হৈছে – জিতিন প্ৰসাদ, ৰাজীৱ শুক্লা, মণিকাম টেগৰ, দেৱেন্দ্ৰ যাদৱ আৰু বিবেক বাঞ্চাল । কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ পৰামৰ্শ প্ৰদান কমিটীৰ সদস্য কেইজন হৈছে – আহমদ পেটেল, এ কে এন্থনী, মুকুল ৱাচনিক, কে চি ভেনুগোপাল আৰু ৰনদীপ সিং সূর্যেৱালা।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি