Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:11 pm

Home » আঞ্চলিক » অসম » অসম লোকসেৱা আয়োগক অধিক গতিশীল কৰিবলৈ বৰ্তমানৰ অধ্যক্ষ পল্লৱ ভট্টাচাৰ্যই গ্ৰহণ কৰিছে বহুকেইটা পদক্ষেপ

অসম লোকসেৱা আয়োগক অধিক গতিশীল কৰিবলৈ বৰ্তমানৰ অধ্যক্ষ পল্লৱ ভট্টাচাৰ্যই গ্ৰহণ কৰিছে বহুকেইটা পদক্ষেপ

অসম লোকসেৱা আয়োগক অধিক গতিশীল কৰিবলৈ বৰ্তমানৰ অধ্যক্ষ পল্লৱ ভট্টাচাৰ্যই গ্ৰহণ কৰিছে বহুকেইটা পদক্ষেপ।  অধ্যক্ষ ভট্টাচাৰ্যই কোৰোনা ভাইৰাছৰ এই সংকটৰ মাজতে আয়োগে গ্ৰহণ কৰা কিছু পদক্ষেপৰ কথা সদৰি কৰিলে।

অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া মতে, UPSCৰ আৰ্হিত অসম লোকসেৱা আয়োগে(APSC)য়ে এইবাৰ অনুষ্ঠিত কৰিব লৈছে কমবাইন কম্পিটিটিভ এক্সামেনেশ্যন,২০২০। মুঠ ৩৩১টা পদৰ বাবে অনুষ্ঠিত হব এই পৰীক্ষা। ইতিমধ্যে অনলাইন যোগে এই পিলিমেনাৰী পৰীক্ষাৰ বাবে যথেষ্ট সংখ্যক পৰীক্ষাৰ্থীয়ে আবেদন কৰিছে।

অধ্যক্ষগৰাকীয়ে লগতে কয়, https://apscrecruitment.in যোগে ১০ ছেপ্তেম্বৰৰ পৰা অনলাইন যোগে ফৰ্ম জমা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ১০ অক্টোবৰৰ নিশা ১২বজালৈকে এই অনলাইন প্ৰক্ৰিয়া চলি থাকিব।

পৰীক্ষাৰ্থীসকলে এই পৰীক্ষাৰ বাবে ফৰ্ম জমা দিবলৈ অনলাইন প্ৰক্ৰিয়াৰ সৈতে কোনো প্ৰমাণ পত্ৰ দাখিল কৰিব নালাগে। অৱশ্যে ইয়াৰ বাবে কিছু মাচুল বেংকযোগে জমা দিব লাগিব। প্ৰথম দিনাই প্ৰায় ২সহস্ৰাধিক লোকে এই পৰীক্ষাৰ বাবে আবেদন জনাইছে।

CSC আৰু SPVৰ জৰিয়তে এই অনলাইন আবেদন পত্ৰ পূৰণ কৰাৰ ক্ষেত্ৰত মিনিষ্ট্ৰী অফ ইলেক্টনিচ এণ্ড ইনফৰমেশ্যন টেকনলজী(MeitY)য়ে সহযোগ কৰিছে। এই সন্দৰ্ভত সবিশেষ APSCৰ ৱেবচাইচত উল্লেখ কৰাৰ লগতে আবেদনকাৰীৰ সুবিধাৰ্থে পুৱা ১০বজাৰ পৰা আবেলি ৫বজাৰ লৈকে উপলদ্ধ হোৱাকৈ এটা হেল্পলাইন নম্বৰ 0361-2363117 মুকলি কৰিছে।

যিকোনো ধৰণৰ সমস্যাৰ বাবে এই হেল্পলাইন নম্বৰত কাৰ্যালয় খোলা দিনত যোগাযোগ কৰাৰ লগতে আবেদনকাৰীয়ে cceapsc@gmail.com যোগেও যোগাযোগ কৰিব পাৰিব। ইফালে কোৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত বহুকেইটা পৰীক্ষা বিজ্ঞাপন দিয়াৰ পাছতো অনুষ্ঠিত কৰিব নোৱাৰাৰ কথা উল্লেখ কৰিলে অধ্যক্ষগৰাকীয়ে।

কোৰোনাৰ বাবে প্ৰায় ৬মাহ সময় বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলেও তাৰ মাজতে জনসংযোগ বিভাগৰ জুনিয়ৰ আৰু চিনিয়ৰ জনসম্পৰ্কৰক্ষাকাৰী বিষয়া নিযুক্তি দিয়াৰ কথা কলে তেওঁ। আন কেইবাটাও বিভাগতো নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ কথা জনালে। উল্লেখযোগ্য যে, অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰূপে পল্লৱ ভট্টাচাৰ্যই শপত গ্ৰহণ কৰিছিল ২০২০ৰ মাৰ্চত।

পল্লৱ ভট্টাচাৰ্যৰ কাৰ্যকাল অন্ত পৰিব ২০২১চনৰ জানুৱাৰীত। ইয়াৰ পূৰ্বে পৰ্যায়ক্ৰমে এই পৰীক্ষাবোৰ অনুষ্ঠিত কৰাৰ বাবে অসম লোকসেৱা আয়োগ সাজু হৈছে। তেওঁ লগতে কয়, আয়োগক এক সঠিক বাৰ্ষিক কেলেণ্ডাৰৰ প্ৰয়োজন আছে। চৰকাৰী বিভাগসমূহত খালী হোৱা পদসমূহ সঠিক সময়ত বিজ্ঞাপন দি পূৰণ কৰিব নোৱাৰিলে সেই বিভাগসমূহতো যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।

পল্লৱ ভট্টাচাৰ্যৰ সততা আৰু ভাৱমূৰ্তিৰ প্ৰতি কাৰো সন্দেহ নাই। কিন্তু অসম লোকসেৱা আয়োগৰ ভাৱমূৰ্তি ঘুৰাই অনাৰ বাবে তেওঁ কি ব্যৱস্থা গ্ৰহণ কৰিছে, এই সন্দৰ্ভত মন্তব্য কৰি তেখেতে কয়, পৰীক্ষা পদ্ধতি সম্পূৰ্ণ নিকা আৰু স্বচ্ছ কৰিবলৈ বহুকেইটা পদক্ষেপ গ্ৰহণ কৰা হৈছে।

বিশেষকৈ মৌখিক পৰীক্ষা যাতে স্বজনপ্ৰীতি নহয় তাৰবাবে মৌখিক পৰীক্ষা লবলৈ যি বৰ্ড গঠন কৰা হয়, কোনখন বৰ্ডত কোন থাকিব সেই সন্দৰ্ভত লটাৰীযোগে বৰ্ডৰ সদস্যসকলক আৰু কোন পৰীক্ষাৰ্থীয়ে কোন বৰ্ডত মৌখিক পৰীক্ষা দিব সেয়াও লটাৰীযোগে নিৰ্ধাৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।

তেনে কৰিলে মৌখিক পৰীক্ষাত কোনো পক্ষপাত কৰাৰ সুবিধা নাথাকিব। ইয়াৰ উপৰিও মেট্ৰিক, উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত যি নম্বৰ দিয়াৰ ব্যৱস্থা আছিল সেয়া নাইকিয়া কৰি লিখিত পৰীক্ষা আৰু মৌখিক পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মেধাৰ তালিকা প্ৰস্তুতৰ ব্যৱস্থা কৰা হৈছে বুলি তেখেতে জানিবলৈ দিয়ে।

গুণগত শিক্ষকৰ জৰিয়তে পৰীক্ষা বহীসমূহৰ মূল্যায়ন, পৰীক্ষক সকলক উচিত মাননি প্ৰদান আৰু পৰীক্ষকসকলৰ পৰিচয় গোপনে ৰখাৰ ক্ষেত্ৰত অধিক সৰ্তকতা অৱলম্বন কৰাৰ কথা তেওঁ জনালে। APSCৰ পৰামৰ্শৰ ভিত্তিতেই পৰীক্ষা বহী মূল্যায়ন কৰিবলৈ অহা পৰীক্ষকসকলৰ মাননি এতিয়া বৃদ্ধি কৰা হৈছে। লগতে এই কামত নিয়োজিত শিক্ষকসকলক উক্তদিনটোৰ বাবে বিশেষ ছুটীৰ ব্যৱস্থা কৰিছে শিক্ষা বিভাগে।

দায়িত্ব গ্ৰহণ কৰিয়েই অসমৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য আৰু ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সংগঠনৰ কৰ্মকতাসকলে গুৰুত্বপূৰ্ণ আলোচনাত বহি লোকসেৱা আয়োগৰ পৰীক্ষা পদ্ধতি কি দৰে সংস্কাৰ আৰু সুকলমে অনুষ্ঠিত কৰিব পাৰি এই সন্দৰ্ভতো তেওঁ দিহা-পৰামৰ্শ লৈছে।

অসম লোকসেৱা আয়োগৰ অধ্যক্ষগৰাকীয়ে ৮ছেপ্তেম্বৰত বিজ্ঞাপন দিয়া পিলিমেনাৰী পৰীক্ষাৰ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰিব বুলিও জনায়। সময়অনুসৰি পৰীক্ষা অনুষ্ঠিত নহলে ৰাজ্যৰ প্ৰশাসনত ইয়াৰ প্ৰভাৱ পৰে বুলিও তেওঁ মন্তব্য কৰে।

ইফালে ২০১৮চনতে অনুষ্ঠিত হোৱা APSCৰ পৰীক্ষাৰ ফলাফল ঘোষণাত বিলম্ব হোৱা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত লোকসেৱা আয়োগৰ অধ্যক্ষ ভট্টাচাৰ্যই কয়, প্ৰশ্ন কাকতত থকা বেমেজালিৰ বাবে বিষয়তো বৰ্তমান আদালতৰ বিচৰাধীন হৈ আছে। ১৫ ছেপ্তেম্বৰৰ পাছত আমি সেই ফলাফল দিব পাৰিম বুলি উল্লেখ কৰি তেওঁ কয়- ‘ ১৫ছেপ্তেম্বৰত আদালতে এক ৰায় প্ৰদান কৰিব পাৰে। আদালতৰ এই ৰায় পোৱাৰ পাছতে পিছদিনাই পৰীক্ষাৰ ফলাফল দিব পৰাকৈ আমি সকলো সাজু কৰি ৰাখিছো।’

বৰ্তমান কোন বিভাগত অধিক পদ খালী হৈ আছে এইবিষয়ে সোধা আন এক প্ৰশ্ন উত্তৰত তেখেতে জনায় যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আদিত যথেষ্ট সংখ্যক পদ খালী হৈ আছে। ইয়াৰ উপৰিও জল বৰ্ড, CDPO পদত নিযুক্তিৰ বাবে অচিৰেই পৰীক্ষা অনুষ্ঠিত হব বুলি তেওঁ জানিবলৈ দিয়ে।

লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত মৌখিক পৰীক্ষা শেষ হোৱাৰ দিনাই মেধাৰ তালিকা প্ৰকাশ কৰা হব বুলিও তেওঁ কয়। শেহতীয়াকৈ প্ৰকাশ কৰা APSCৰ কমবাইন কম্পিটিটিভ এক্সজামনেশ্যন-২০২০ত তৃতীয় লিংগক লৈ কিব সমস্যা হৈছে নেকি বুলি সোধাত এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়।

আনহাতে অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ হাতত পৰা তথ্য অনুসৰি এই বিষয়তো ৯ ছেপ্তেম্বৰ ২০২০ত উনুকিয়াই দি অসম লোকসেৱা আয়োগৰ অধ্যক্ষলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল স্বাতী বিধান বৰুৱাই। এই পত্ৰত উনুকিয়াই দিয়া হৈছিল যে, আয়োগে যি বিজ্ঞাপন জাৰি কৰিছে, সেই বিজ্ঞাপনত তৃতীয় লিংগক উপেক্ষা কৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশলৈ আঙুলিয়াই দি আসাম ষ্ট্ৰেট টেন্সজেণ্ডাৰ ৱেলফেয়াৰ বৰ্ডৰ সহযোগী উপাধ্যক্ষ স্বাতী বিধান বৰুৱাই এই পত্ৰ প্ৰেৰণ কৰাৰ পাছত আয়োগেও আন এক পত্ৰযোগে সেই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি সদৰি কৰে। APSCৰ সচিবে এই সন্দৰ্ভত অসম চৰকাৰৰ ডিৰ্পাটমেন্ট অৱ পাৰ্চনেলৰ প্ৰধান সচিবলৈ আন এক পত্ৰ প্ৰেৰণ কৰে।

বিষয়টোৰ সন্দৰ্ভত অসম লোকসেৱা আয়োগত এক গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত ১১ ছেপ্তেম্বৰত। তাৰ পাছতে APSCৰ অনলাইন প পত্ৰ পূৰণত পুৰুষ -মহিলাৰ লগতে তৃতীয় লিংগৰ অপচনটোও সংযুক্ত কৰি অন্তুভূক্ত কৰা হৈছে।

APSCয়ে অনুষ্ঠিত কৰাৰ পৰীক্ষাৰ প পত্ৰত প্ৰথমবাৰৰ বাবে সংলগ্ন হল তৃতীয় লিংগৰ অপচন। ইয়াৰ বাবে এক পত্ৰ যোগে স্বাতী বিধান বৰুৱাই উদ্যোগ গ্ৰহণ কৰি বিষয়টো এ পি এছ চিৰ দৃষ্টিগোচৰ কৰিছিল।

অসম লোকসেৱা আয়োগৰ সংস্কাৰৰ বাবে আৰু ইয়াত সংঘটিত কেলেংকাৰীৰ ন্যায়িক তদন্তও ঘোষণা কৰা হৈছে। ইতিমধ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই APSCৰ সকলো দিশ চালি-জাৰি চাইছে।

APSCত কৰিব লগা বহু কাম আছে। সেই অনুসৰি সংস্কাৰ আৰু আস্থাভাজন হব পৰাকৈ এক নিকা ভাৱমূৰ্তিৰে এই আয়োগক গঢ়ি তুলিবলৈ এতিয়া লাগে এক সু নেতৃত্ব। APSCৰ বৰ্তমান সদস্যসকলৰ ভিতৰতো আছে বহুকেইজন সৎ, দক্ষ প্ৰশাসনিক বিষয়া।

APSCৰ অধ্যক্ষ পল্লৱ ভট্টাচাৰ্যৰ নেতৃত্বত ভিতৰি গ্ৰহণ কৰা হৈছে এনে বাস্তৱসন্মত ব্যৱস্থা। দেশৰ আন ৰাজ্যৰ এনে লোকসেৱা আয়োগবোৰৰ বিভিন্ন কাৰ্য ব্যৱস্থা অধ্যয়ন কৰি এই পদক্ষেপ গ্ৰহণৰ লগতে এইবাৰ আয়োগে আবেদন পত্ৰ আৰু নিৰ্দেশাৱলীত অসমীয়া ভাষাৰো সংযোজন কৰিছে। আয়োগৰ ৱেবচািটত সেইবোৰ কথা বিস্তৃতভাৱে উল্লেখো কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি