Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:59 am

Home » আঞ্চলিক » অসম » কেতিয়া সম্পূৰ্ণ হ’ব দেশৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনচন কেম্পৰ নিৰ্মাণ?

কেতিয়া সম্পূৰ্ণ হ’ব দেশৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনচন কেম্পৰ নিৰ্মাণ?

ডিটেনছন কেম্পৰ ভিতৰতে সুবিধা থাকিব বিদ্যালয়, চিকিৎসালয়, লাইব্ৰেৰীকে ধৰি পুৰুষ আৰু মহিলাৰ বাবে পৃথকে পৃথকে থকাৰ সুবিধা।

৩১ ডিচেম্বৰ ২০১৯ , দেশৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনচন কেম্পটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ তাৰিখ আছিল, কিন্তু এয়া ২০২০ চনৰ ছেপ্টেম্বৰ মাহ। এতিয়াও বাকী আছে বহু কাম, শামুকীয়া গতিৰে চলিছে নিৰ্মাণকাৰ্য৷

NRCত বিদেশী চিনাক্ত হোৱা লোকক ৰখাৰ বাবে গোৱালপাৰাত এই কেন্দ্ৰটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল৷ NRCৰ খচৰা প্ৰকাশ পোৱা এটা বছৰ উকলিল, পিছে আজিলৈ ডিটেনচন কেম্পটোহে সম্পূৰ্ণ হৈ নুঠিল৷ প্ৰায় ৪৬ কোটি টকা ব্যয় সাপেক্ষে অসম আৰক্ষীৰ গৃহ নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মাণৰ কাম চলি আছে এই কেম্পটোৰ৷

ডিটেনছন কেম্পৰ ভিতৰতে সুবিধা থাকিব বিদ্যালয়, চিকিৎসালয়, লাইব্ৰেৰীকে ধৰি পুৰুষ আৰু মহিলাৰ বাবে পৃথকে পৃথকে থকাৰ সুবিধা। এই চেণ্টাৰটোৰ ভিতৰত ১৫টা বিল্ডিং থাকিব কিন্তু অধিকাংশ বিল্ডিংৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই৷ নগন্য সংখ্যাক শ্ৰমিকেৰে চলিছে কাম-কাজ৷

নেদৰে যদি লেহেমীয়া গতিৰে কাম চলি থাকে তেন্তে ২০২০ দূৰৰে কথা, ২০২১ চনতো এই ডিটেনচন কেম্পটো সম্পূৰ্ণ হোৱাৰ আশা যথেষ্ট ক্ষীণ৷ যিটো ডিটেনচন কেম্পৰ নিৰ্মাণৰ আৰম্ভণিতে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশ পাইছিল বাতৰি, সেইটো ডিটেনচন কেম্প সম্পূৰ্ণ নোহোৱাত চৰকাৰকে দায়ী কৰিব বিচাৰে স্থানীয় ৰাইজে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি