Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:17 pm

Home » আঞ্চলিক » অসম » ১৪ ছেপ্টেম্বৰত ভাগ্য নিৰ্ণয় হ’ব অসমৰ দুটাকৈ বৃহৎ উদ্যোগ নগাঁও আৰু কাছাৰ কাগজ কলৰ৷

১৪ ছেপ্টেম্বৰত ভাগ্য নিৰ্ণয় হ’ব অসমৰ দুটাকৈ বৃহৎ উদ্যোগ নগাঁও আৰু কাছাৰ কাগজ কলৰ৷

চৰকাৰে সদিচ্ছা প্ৰকাশ কৰিলে দেউলীয়া ঘোষণাৰ পৰা ৰক্ষা পৰিব বৃহৎ উদ্যোগ দুটা৷

১৪ ছেপ্টেম্বৰত ভাগ্য নিৰ্ণয় হ’ব অসমৰ দুটাকৈ বৃহৎ উদ্যোগ নগাঁও আৰু কাছাৰ কাগজ কলৰ৷ কিয়নো NCLTত বিচাৰাধীন হৈ থকা কাগজ কলৰ শেষৰটো শুনানি আছে ১৪ ছেপ্টেম্বৰত৷

যদিহে সেই শুনানিৰ পূৰ্বে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে কাগজ কলৰ কফিনত পৰিব পাৰে শেষৰটো গজাল৷ আৰু তাৰ পিছতে NCLT–এ দেউলীয়া ঘোষণা কৰি পানীৰ দৰত কোনো বণিয়াক বিক্ৰী কৰিব কল দুটাৰ বৃহৎ সম্পদ৷ যাক লৈ ক্ষোভিত হৈ পৰিছে নগাঁও কাগজ কলৰ কৰ্মচাৰীসকল৷

সেয়ে ১৪ ছেপ্টেম্বৰৰ পূৰ্বে চৰকাৰে কল দুটাৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে৷ যদিহে কোনো বণিয়াক কল দুটা বিক্ৰী কৰে তেনেহ’লে তেজ দি হ’লেও বণিয়া গোষ্ঠীক কল দুটাত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিব বুলি সকীয়াই দিয়ে কাগজ নিগম কৰ্মী ইউনিয়নৰ সাধাৰণ সম্পাদক আনন্দ বৰদলৈয়ে৷

আনহাতে, কেৰালাৰ অবিজেপি চৰকাৰে বন্ধ হৈ থকা হিন্দুস্থান নিউজপ্ৰিণ্ট উদ্যোগটো নিজা প্ৰচেষ্টাৰে পুনৰুজ্জীৱিত কৰিব পাৰিলে অসমত বিজেপি চৰকাৰ থকাৰ পিছতো কিয় বৃহৎ উদ্যোগ দুটা পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰে সদিচ্ছা প্ৰকাশ কৰা নাই বুলিও প্ৰশ্ন কৰে কলটোৰ কৰ্মচাৰীয়ে৷

এই সন্দৰ্ভত বিৰোধী দলপতি বেদব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক পত্ৰ প্ৰেৰণ কৰা বুলিও জানিবলৈ দিয়ে নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলে৷

উল্লেখ্য যে বিগত প্ৰায় ৪৪ মাহ ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে নগাঁও কাগজ কলৰ কৰ্মচাৰীসকল৷ ধনৰ অভাৱত বিনা চিকিৎসাই মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে প্ৰায় ৭০ গৰাকী কৰ্মচাৰীয়ে৷ ইয়াৰে তিনিজনকৈ কৰ্মচাৰীয়ে আৰ্থিক অনাটনত ভুগি ল’বলগীয়া হৈছে আত্মহত্যাৰ দৰে চৰম পথ৷ বহিঃৰাজ্যলৈ যোৱা কৰ্মচাৰীসকলৰ সন্তানে নিজৰ শিক্ষা অধাতে সামৰি ঘৰমুৱা হ’বলৈ বাধ্য হৈছে৷

বিগত সময়ছোৱাত কলটো পুনৰ কাৰ্যক্ষম কৰিবলৈ কৰ্মচাৰীসকলে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণেৰে চৰকাৰক দাবী জনাই আহিছে৷ কিন্তু বাৰম্বাৰ কেবল প্ৰতিশ্ৰুতি দি দায়িত্ব সামৰিছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে৷ কিন্তু এইবাৰ হয়তো নগাঁও আৰু কাছাৰ কাগজ কলৰ ভৱিষ্যৎ নিৰ্ণয় হ’ব ১৪ ছেপ্টেম্বৰত৷

চৰকাৰে সদিচ্ছা প্ৰকাশ কৰিলে দেউলীয়া ঘোষণাৰ পৰা ৰক্ষা পৰিব বৃহৎ উদ্যোগ দুটা৷ পৰৱৰ্তী সময়ত কল দুটা উদ্ধাৰ আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি