Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:30 pm

Home » আঞ্চলিক » অসম » সুখ্যাতি নহয়! ভুৱা কৃষকৰে অভিলেখ গঢ়িলে বৰপেটা জিলায়

সুখ্যাতি নহয়! ভুৱা কৃষকৰে অভিলেখ গঢ়িলে বৰপেটা জিলায়

 গুৱাহাটী:সৰ্বমুঠ ভুৱা হিতাধিকাৰী ৯ লাখ ৩৯ হাজাৰ এশ ৪৬জন৷ প্ৰকৃত কৃষকক বঞ্চিত কৰি চক্ৰটোৱে নাম সোমাইছিল চৰকাৰী কৰ্মচাৰী, ঠিকাদাৰৰ৷

ৰাজ্যৰ প্ৰকৃত কৃষকক বঞ্চিত কৰি ভুৱা কৃষকেৰে ধন আত্মসাত পি এম কিষাণ আঁচনিৰ৷ এই ভয়ংকৰ জাতিয়াতিৰ আঁৰত জিলা পৰ্যায়ৰ কৃষি বিষয়া জড়িত যে সেয়া স্পষ্ট৷ যি কথা ইতিমধ্যে উচ্চ পৰ্যায়ৰ তদন্ত সমিতিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে৷ তদন্তত পোহৰলৈ অহিছে বৰপেটা জিলা কৃষি বিষয়াৰ নাম৷ যিখন জিলাত সৰ্বাধিক ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈছিল৷

জিলাভিক্তিক তথ্য অনুসৰি, বাকসাত ৫৩,৫৩৩ জন, বৰপেটাত ১৫১৭৫৮জন, বিশ্বনাথ চাৰিআলিত ৬১৩৬জন, বঙাইগাঁৱত ৮৫৭৮জন, কাছাৰত ৮১১৩জন, চৰাইদেউত ২৭২১জন, চিৰাঙত ২১,৫১৫জন, দৰঙত ২১৯০১জন, ধেমাজিত ৭০৩৪জন, ধুবুৰীত ৩৪৪১৩জন, ডিব্ৰুগড়ত ১০৪৬৯জন, ডিমা হাচাওত ২৭৫৯জন, গোৱালপাৰাত ২৫৩৭৪জন, হাইলাকান্দিত ১২৯৮৫জন, হোজাইত ৫৩২জন, যোৰহাটত ৪৬৭৩জন, কামৰূপত ৮৫৭১১জন, কামৰূপ মহানগৰত ১৭১৭জন, কাৰ্বি আংলঙত ৪৫১৭৭জন, কৰিমগঞ্জত ১৯৮৮৬জন, কোকৰাঝাৰত ২৫১৭১জন, লখিমপুৰত ৪৭৭৩৫জন, মাজুলীত  ২১১০জন, মৰিগাঁৱত ৪৯৪১৭জন, নগাঁৱত ১,৩০,৬০৭জন, নলবাৰীত ৪৪,৪৯০জন, শিৱসাগৰত ৪১৬জন, শোণিতপুৰত ৪৬০৪জন, দক্ষিণ শালমাৰাত ১৫৭৪৫জন, তিনিচুকীয়াত ২২৯৩০জন, ওদালগুৰিত ৩৯০৫জন, পশ্চিম কাৰ্বি আংলঙত ৫১৯৬৩জন ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈছে৷

সৰ্বমুঠ ভুৱা হিতাধিকাৰী ৯ লাখ ৩৯ হাজাৰ এশ ৪৬জন৷ প্ৰকৃত কৃষকক বঞ্চিত কৰি চক্ৰটোৱে নাম সোমাইছিল চৰকাৰী কৰ্মচাৰী, ঠিকাদাৰৰ৷ আনকি ৰাজনৈতিক নেতা–পালিনেতাৰ আলহীৰ নামো সোমাইছিল এই তালিকাত৷ ভুৱা কৃষকৰ তালিকাত নাম সোমোৱা কৃষকৰ একাউণ্টৰ পৰা ৯৪,২৬,৯২১ টকা ওভতাবলৈ সক্ষম হৈছে যদিও এতিয়াও বহু ধন ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি