Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:15 am

Home » আঞ্চলিক » অসম » সৰুক্ষেত্ৰীত বৰবালাত পথ নিৰ্মানত ব্যাপক দুৰ্নীতি

সৰুক্ষেত্ৰীত বৰবালাত পথ নিৰ্মানত ব্যাপক দুৰ্নীতি

  • চপৰা-চপৰে উঠি আহে পকীপথৰ শিল-বালিৰ তৰপ 
  • পোহৰলৈ আহিল বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ সমষ্টি উন্নয়নৰ আন এক ফোপোলা স্বৰূপ 


বৰপেটা : সততে দুৰ্নীতিৰ শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ অধীনত নিৰ্মিত প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ এই দৃশ্য বৰপেটা জিলা গড়কাপ্তানী পথ সংমণ্ডলৰ অধীনস্থ সৰুক্ষেত্ৰীৰ। বৰপেটা গড়কাপ্তানী বিভাগে নিৰ্মান কৰি থকা কুজাৰপীঠ-বনবাহাৰ-কয়াকুছি পথৰ পৰা দঙৰকুছি-কালজাৰ চমুকৈ ডিকে পথ সংযোগী এই পথছোৱাৰ দৈৰ্ঘ প্ৰায় আঢ়ৈ কিলোমিটাৰ৷ ২০১৯ চনৰ ১ মাৰ্চৰ পৰা আৰম্ভ কৰিছিল আৰু সম্পূৰ্ণ হোৱাৰ সময়সীমা আছিল কৰাৰ আছিল ৩০ নৱেম্বৰত৷ 
বৰপেটাৰোডৰ ঠিকাদাৰ ছফিকুল ইছলামে নিৰ্মাণ কৰি থকা ৰাস্তাটো মুঠেই ইষ্টিমেটমতে কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে। দুৰ্ভাগ্যৰ কথা যে বাকপটু তথা যুৱ বিধায়কৰূপে একাংশ মানুহৰ মাজত খ্যাতি থকা জাকিৰ হুছেইন শিকদাৰৰ সমষ্টিত সংঘটিতত এই ৰাস্তা নিৰ্মানত দুৰ্নীতিৰ বিৰুদ্ধে গৰজি উঠিছে স্থানীয় আমছুৰ নেতৃত্বৰ লগতে একাংশ সচেতন নাগৰিক। ১ কৌটি ৩২ লাখ ২৩ হাজাৰ ১০০ টকা আৰু পাঁচ বছৰ চোৱা-চিতাৰ বাবে ১৪ লাখ ৫২ হাজাৰ টকাৰ ৰাস্তাটোত যথেষ্ট পৰিমাণে শিল-বালি-পানীৰে ৰুলাৰ মাৰি পকীকৰণ নকৰি নামমাত্ৰ শিলৰ ওপৰত সামান্য পৰিমানে ৰুলাৰ মাৰি প্ৰথম লেভেল পকীকৰন সম্পূৰ্ন কৰিছে বুলি অভিযোগ উঠিছে। যি পকী ৰাস্তা সাধাৰণভাৱে হাতেৰে লাৰি দিলেই এনেদৰেই চপৰা-চপৰে উঠি আহে। ডাঙৰ শিলৰ ওপৰত বালি আৰু পানীৰে ৰুলাৰ মাৰি বিট¸ আলকাতৰা বা পিটচ্ নিদিয়াত ৰাস্তাটোৰ পকী তথা সৰু সৰু শিলৰ তৰপবোৰ হাতেৰে লাৰি দিলেই জহি-খহি যায়। স্থানীয় আঞ্চলিক আমছুৰ বিভিন্ন বিষয়ববীয়া আৰু একাংশ সচেতন ৰাইজে ঠিকাদাৰ আৰু চৰকাৰৰ লগতে স্থানীয় বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰৰ লগতে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰি ৰাস্তাটো প্লেন-ইষ্টিমেটমতে নিৰ্মাণ কৰিবলৈ দাবী জনায়। ঠিকাদাৰে অহা দিনত কি ধৰণে কাম কৰে আৰু গড়কাপ্তানী বিভাগৰ লগতে উৰ্ধতন কৰ্তৃপক্ষই এই সম্পৰ্কে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি