মহানগৰীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ আজব কাণ্ড, চৰকাৰী নিয়ম উলংঘা কৰি চলাই গৈছে পাঠদান
গুৱাহাটী:সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত অভাৱনীয় হাৰত বৃদ্ধি পাইছে কোৰোণা ৰোগীৰ লগতে মৃতকৰ সংখ্যা। তেনে সময়তে স্বাস্থ্য বিভাগৰ নীতি–নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই একাংশ ব্যক্তিগত বিদ্যালয়ে চলাই গৈছে পাঠদান। তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে মহানগৰীৰ মাজ মজিয়াৰ নুনমাটি থানাৰ অন্তৰ্গত নেপালী চকৰ ইণ্ডিয়ান পাব্লিক স্কুল নামৰ এখন ব্যক্তিগত বিদ্যালয়ত। বিদ্যালয়খনত কোনো সামাজিক দূৰত্ব নামনাকৈ প্ৰায় অৰ্ধ–শতাধিক ছাত্র–ছাত্ৰীয়ে গ্ৰহণ কৰি আছে পাঠদান। বিদ্যালয়খনত নাই কোনো ছেনিটাইজাৰ অথবা হাত ধোৱাৰ ব্যৱস্থা।উল্লেখ্য যে, ৰাজ্যৰ শিক্ষা মন্ত্ৰীয়ে প্ৰথম অৱস্থাত ১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ পৰিকল্পনা হাতত লৈছিল যদিও কোৰোণাৰ ভয়াৱহতাৰ বাবে ১ অক্টোবৰলৈ পিছুৱাই দিয়া হৈছে বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত। কিন্তু তেনে সময়তে নুনমাটি ইণ্ডিয়ান পাব্লিক স্কুলৰ কৰ্তৃপক্ষই নিজৰ মইমতালিৰে প্ৰশাসনৰ অজ্ঞাতে চলাই আছে পাঠদান।