Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:28 am

Home » আঞ্চলিক » অসম » হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগত চলিছে ব্যাপক অৰাজকতা

হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগত চলিছে ব্যাপক অৰাজকতা

২৪ বছৰে ৰাজত্ব চলাইছে কনিষ্ঠ অভিযন্তা হাৰুণ আল-ৰছিদ : আৰ টি আইৰ তথ্যত পোহৰলৈ আহিল ভয়ংকৰ তথ্য



গুৱাহাটী : হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা হাৰুণ আল-ৰছিদ৷ চৰকাৰী নিয়ম অনুসৰি এগৰাকী বিষয়া বা অভিযন্তাই এটা স্থানত তিনি বছৰ কাল নিয়োজিত হৈ থাকিব পাৰে৷ পিছে আৰ টি আইৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি এইগৰাকী কনিষ্ঠ অভিযন্তা হাৰুণ আল-ৰছিদে ১৯৯৬ চনৰ পৰা আজিলকে একেটা স্থানতে নিয়োজিত হৈ আছে৷
ফলত প্ৰশ্ন হয়, কি মধুৰ সোৱাদত কনিষ্ঠ অভিযন্তা হাৰুণ আল-ৰছিদে হাটশিঙিমাৰী এৰিব বিচৰা নাই? কাৰ সুভাশীষ পাই বিভাগটোত বিগত ২৪ বছৰে চলাই আহিছে ৰাজত্ব? অভিযোগ অনুসৰি মানকাচৰ, হাটশিঙিমাৰীৰ Sectional Officer, PHE Store Incharge, MS, VWSC কে ধৰি অকলেই কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্বত থাকি বিভাগটোক গো-গ্ৰাসে গিলি নিজৰ সম্পত্তিৰ পাহাৰ গঢ়িছে৷
কনিষ্ঠ অভিযন্তা হাৰুণ আল-ৰছিদৰ শালপতি ৰেজাউল ইছলাম ওৰফে খোকন৷ কনিষ্ঠ অভিযন্তা হাৰুণ আল-ৰছিদৰ আশীৰ্বাদতেই নিজ শালপতি ৰেজাউল ইছলাম ওৰফে খোকনেও গঢ়িছে সম্পত্তিৰ পাহাৰ৷ জিলাখনৰ প্ৰতিটো পঞ্চায়তত বিভাগটোৰ কাম-কাজ চোৱা-চিতাৰ দায়িত্বত শালপতি খোকনক লগত ৰাখি অতি অনায়াসে লুণ্ঠণৰাজ অব্যাহত ৰাখিছে৷
ফলত হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগত ২৪ বছৰে লুটি-পুটি খাই ৰাজত্ব চলাই অহা বিষয়টোৰ উচিত তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে৷ ইপিনে পৰৱৰ্তী প্ৰতিবেদনত আমি প্ৰকাশ কৰিম বিভাগটোৰ কোন কোন আঁচনিত কেনেদৰে চলাই আহিছে লুণ্ঠন৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি