Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:27 am

Home » দেশ-বিদেশ » ১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব এইকেইটা নিয়ম…

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব এইকেইটা নিয়ম…

নতুন দিল্লী : ছেপ্টেম্বৰৰ পৰা সাধাৰণ মানুহৰ জীৱনলৈ আহিব পাৰে ডাঙৰ পৰিৱৰ্তন। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ পকেটত। কি কি সালসলনি আহিব পাৰে আপোনাৰ জীৱনলৈ চাও আহক…
এল পি জি চিলিণ্ডাৰৰ দাম : কোৰোণাৰ এই মহা সংকটৰ সময়ত দেশত সকলো সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। কিন্তু শীঘ্ৰে এলপিজি, চিএনজি আৰু পি এন জিৰ দাম কমিব পাৰে। ১ ছেপ্টেম্বৰৰ পৰা গেছৰ দাম সলনি হোৱাৰ সম্ভাৱনা আছে। প্ৰতি মাহৰ প্ৰথমটো দিনত গেছ চিলিণ্ডাৰৰ দাম সলনি হয়। ছেপ্টেম্বৰ মাহত গেছৰ দাম সলনি হ’ব বুলি অনুমান কৰা হৈছে।
ভাড়া বৃদ্ধি হ’ব বিমানৰ : পহিলা ছেপ্টেম্বৰৰ পৰা বৃদ্ধি হ’ব বিমান ভাড়া। অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে আন্তঃৰাষ্ট্রীয় আৰু ঘৰুৱা বিমানৰ ASF চাৰ্জ বৃদ্ধি কৰিব।
EMI : কোৰোণা সংকটৰ ফলত যিসকল গ্ৰাহকে লোণ লৈছিল তেওঁলোকৰ ই এম আই দিয়াৰ সময়সীমা ৩১ আগষ্টত শেষ হ’ব। ষ্টেট বেংক আৰু পঞ্জাব নেচনেল বেংকে অহা সপ্তাহত এই বিষয়ে ঘোষণা কৰিব পাৰে। বেংকিং ক্ষেত্ৰত এই সময়সীমা আৰু বৃদ্ধি হ’বনে নাই সেয়া পৰিষ্কাৰ নহয়।
আৰম্ভ হ’ব পাৰে দিল্লী মেট্ৰ’ : ১ ছেপ্টেম্বৰৰ পৰা দিল্লীত মেট্ৰ’ সেৱা পুনৰ আৰম্ভ হ’ব পাৰ। পহিলা ছেপ্টেম্বৰৰ পৰা দেশজুৰি আনলক ৪ জাৰি হ’ব। সূত্ৰ অনুসৰি, ছেপ্টেম্বৰ মাহৰ পৰা দিল্লীত মেট্ৰ’ সেৱা আৰম্ভ কৰাৰ অনুমতি দিয়া হ’ব পাৰে।
আৰম্ভ হ’ব ইণ্ডিগ’ এয়াৰলাইনছৰ বিমান : বাজেট এয়াৰলাইনছ ইণ্ডিগ’ৱে তেওঁলোকৰ সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। ১ ছেপ্টেম্বৰৰ পৰা প্ৰয়াগৰাজ, কলকাতা আৰু চুৰাটত বিমান সেৱা আৰম্ভ কৰা হ’ব।
খুলিব পাৰে স্কুল : কেন্দ্ৰীয় চৰকাৰে আনলক–৪ত একাধিক নিয়ম মানি ১ ছেপ্টেম্বৰৰ পৰা ১৪ নৱেম্বৰৰ ভিতৰত স্কুল খোলাৰ গাইডলাইন প্ৰস্তুত কৰিছে। স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে সচিবসকলৰ সৈতে এই বিষয়ে পৰ্যালোচনা সকৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি