Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:53 pm

Home » আঞ্চলিক » অসম » দালালৰ জৰিয়তে অবৈধ ধন সংগ্ৰহ কোকিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ : তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ

দালালৰ জৰিয়তে অবৈধ ধন সংগ্ৰহ কোকিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ : তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ

গুৱাহাটী : বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱপ্ৰসাদ কলিতাৰ কৰ্মকাণ্ডই একপ্ৰকাৰ সমগ্ৰ অঞ্চলটোতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷ একমাত্ৰ অবৈধ ধনৰ মোহত অন্ধ হৈ আৰক্ষী বিষয়া কলিতাই কমিছনৰাজেৰে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে৷
কেৱল এয়াই নহয়, আৰক্ষী চকীৰ ভিতৰতেই এতিয়া একাংশ দালালৰ জৰিয়তে মুকলি বজাৰ গঢ়ি তোলাৰ অভিযোগ উত্থাপন হৈছে৷ ভুৱা গোচৰ কিম্বা বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম-কাজৰ বাবদো পঞ্চায়ত সভাপতি, সদস্যৰ পৰা কমিছন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ দাবী কৰা ধন আদায় নিদিলে ভুৱা গোচৰত জেল-হাজোতলৈ প্ৰেৰণ কৰাৰ ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ উঠিছে৷ ইতিমধ্যে কোকিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱপ্ৰসাদ কলিতাৰ কেতবোৰ কৰ্মকাণ্ড বিস্তৃত ৰূপত প্ৰকাশ পাইছে৷
একমাত্ৰ কমিছন সংগ্ৰহেৰে সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তি কৰিছে৷ আৰক্ষী অধীক্ষকগৰাকীৰ নাম লৈ আৰক্ষী বিষয়া কলিতাই এতিয়া মুকলি ক’লা বজাৰ গঢ়ি তুলিছে৷ এইগৰাকী ঘোচ¸খোৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে উপায়ুক্ত, ডিজিপিক স্মাৰক-পত্ৰ প্ৰেৰণ কৰাৰ পিছতো আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ হোৱা নাই৷
ইপিনে আন কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ সৰ্বসাধাৰণ ৰাইজক ভয়-ভাবুকিৰে এইগৰাকী আৰক্ষী বিষয়াই অবাধে ধন সংগ্ৰহ কৰি থকাৰ অভিযোগ উঠিছে৷ উক্ত অঞ্চলৰ স্থানীয় একাংশ সাংবাদিকক মেনেজ কৰি ধন সংগ্ৰহৰ এক মুকলি বেহা গঢ়ি তুলিছে৷ সাংবাদিকৰ মধ্যস্থতাত সকলো ধৰণৰ গোচৰ ধনৰ বিনিময়ত মীমাংসা কৰি আহিছে৷ ধনৰ এটা অংশ সাংবাদিকেও লাভ কৰে বুলি জানিব পৰা গৈছে৷
অবৈধ ধন সংগ্ৰহেৰে অগাধ সম্পত্তিৰ পোহাৰ গঢ়া এইগৰাকী ঘোচখোৰ আৰক্ষী বিষয়াৰ সন্ত্ৰাসত এতিয়া সৰ্বসাধাৰণ ৰাইজ আতংকিত হৈ পৰিছে৷ যদি আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে মাত মাতে তেন্তে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে৷ এই সমস্ত ঘটনাৰ উচিত তদন্তৰ লগতে দোষী আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰি আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ডিজিপি আৰু ডিআইজিলৈ অসম গণ মঞ্চৰ সভাপতি মুকুল বৰাই এক পত্ৰ প্ৰেৰণ কৰিছে৷ শীঘ্ৰেই আৰক্ষী চকীৰ ভিতৰত ক’লা বজাৰ গঢ়ি তোলা দালাল চক্ৰক উৎখাত কৰাৰ লগতে দোষী আৰক্ষী বিষয়াক কঠোৰ শাস্তি প্ৰদানৰ দাবী তোলে৷
ইপিনে উক্ত পত্ৰখনত আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে যে এণ্টি-ক’ৰাপচন এণ্ড ক্ৰাইম ইনভেষ্টিগেচন ফ’ৰামৰ নামত হাফিজ আমিৰুল ইছলামে ধন সংগ্ৰহেৰে সৰ্বসাধাৰণ ৰাইজক ত্ৰাহি মধুসূদন সোঁৱৰাইছে৷ বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ নাম লৈ এইগৰাকী ভুৱা সংগঠনৰ নেতাই বিভিন্ন ধৰণৰ অবৈধ কাম-কাজত লিপ্ত হোৱাই নহয়, ভয়-ভাবুকিৰে নিৰীহ লোকৰ পৰা ধন ঘটি আহিছে৷ ভুৱা সংগঠনৰ নামত ধন সংগ্ৰহ কৰা হাফিজ আমিৰুল ইছলামক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে মঞ্চই৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি