Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:33 pm

Home » আঞ্চলিক » অসম » পৰাজয়ৰ আশংকাত ভূগিছে ৰঞ্জিৎ দাস : নাক বচোৱাৰ চেষ্টা বিজেপিৰ ৰাজ্যিক সভাপতিৰ

পৰাজয়ৰ আশংকাত ভূগিছে ৰঞ্জিৎ দাস : নাক বচোৱাৰ চেষ্টা বিজেপিৰ ৰাজ্যিক সভাপতিৰ

গুৱাহাটী : আসন্ন বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহা লগে লগে ৰাজনৈতিক দলসমূহৰ মাজতে চলিছে ব্যাপক কুচাৱাজ৷ কোনে কোন সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা, কাৰ লগত কৰিব মিত্ৰতা এনে অংকক লৈয়ো ৰাজ্যৰ ৰাজনীতি এতিয়া উত্তপ্ত৷

এনে সমীকৰণৰ মাজতেই এইবাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ অংকত লাগিছে আউল৷ পৰাজয়ৰ আশংকাত ভূগিছে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে৷ ২০১৬চনৰ বিধানসভা নিৰ্বাচনতেই নিশ্চিত পৰাজয়ৰ সন্মূখীন হৈছিল ৰঞ্জিৎ দাসে৷ কিন্তু কূটনৈতিক ৰাজনীতিয়ে সফল কৰিছিল বিজেপিক৷ ২০১৬চনৰ নিৰ্বাচনতেই সমষ্টিটোত সংখ্যালঘু লোকৰ মাজত বিজেপি বিৰোধী ঢৌ উত্থাপিত হৈছিল৷ সংখ্যালঘু লোকৰ সেই ঢৌ ভাঙিবলৈ ব্যৱহাৰ কৰা হৈছিল চিপিআই (এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক৷ কিয়নো চিপিআই (এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ আছিল এগৰাকী শক্তিশালী প্ৰাৰ্থী৷ বিপৰীতে কংগ্ৰেছৰ প্ৰাথী আছিল কিছু দুৰ্বল আৰু দলটোত চলিছিল প্ৰাৰ্থীকেন্দ্ৰিক সংঘাত৷ সেয়ে সংখ্যালঘু লোকৰ মাজত সোমাই পৰিছিল বিজেপিৰ কূটনীতি৷ চিপিআই(এম)ৰ নিৰ্দিষ্ট ভোট বেংক আছে৷ আৰু তাত যদি সংখ্যালঘু ভোটাৰে ভোটদান কৰে তেন্তে চিপিআই (এম)ৰ প্ৰাৰ্থী নিশ্চিত জয়ী হ’ব আৰু বিজেপিৰ প্ৰাৰ্থী পৰাজিত হব৷ যদি ইয়াকে নকৰি সংখ্যালঘু ভোটাৰে যদিহে বিভাজন হৈ কংগ্ৰেছ বা এআইইউডিএফক ভোটদান কৰে তেন্তে অনায়াসে বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হব৷ বিজেপিৰ এই কূটনীতি বুদ্ধি সফলভাৱে কামত লাগিল আৰু সংখ্যালঘু ভোটাৰসকলে চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক ভোটদান কৰিলে৷ তাৰ বিপৰীতে চিপিআই (এম)ৰ ভোট বেংকে বিশ্বাসঘাতকতা কৰি বিজেপিক ভোটদান কৰিলে আৰু মুখ থেকেচা খালে সংখ্যালঘু ভোটাৰে৷ পিছে ২০১৬ চনৰ এনে কোনো কূটনীতিয়ে এইবাৰ সৰভোগ বিধানসভা সমষ্টিত কাম নিদিব অৰ্থাৎ বিজেপি যে নিশ্চিত উৎখাত হব যোৱা লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত সমষ্টিবাসীয়ে তাৰ প্ৰমাণ দাঙি ধৰিছে৷ ফলত পৰাজয়ৰ উমান পায়েই এগৰাকী ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক সভাপতি হিচাপে নিজৰ নাক বচাবলৈ সমষ্টিটোৰ পৰা পলাই চুবুৰীয়া সমষ্টি ভৱানীপুৰ নাইবা পাটাছাৰকুছি সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ মন মেলিছে৷
পিছে দীৰ্ঘদিন কংগ্ৰেছ আৰু বিগত দুটা কাল এআইইউডিএফৰ দখলত থকা ভৱানীপুৰত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈ অহাটো সিমান সহজ নহয় আৰু পাটাছাৰকুছিত মিত্ৰদল অগপৰ দখলত থকা আসনটো বিজেপিৰ বাবে এৰি দিয়ে নে নিদিয়ে সেয়া সময়েহে কব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি