Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:49 pm

Home » আঞ্চলিক » অসম » প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কাৰণে ২০১৯ বৰ্ষৰ মেধাৱী ছাত্ৰীসকলে নাপালে স্কুটী

প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কাৰণে ২০১৯ বৰ্ষৰ মেধাৱী ছাত্ৰীসকলে নাপালে স্কুটী

দূৰত্ব বাঢ়িছে নেকি ৰাজ্যৰ প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষামন্ত্ৰীৰ মাজত? সোমবাৰে ৰাজহুৱাকৈ প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ দোষ ঠেলিলে বৰ্তমানৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।


গুৱাহাটী : দূৰত্ব বাঢ়িছে নেকি ৰাজ্যৰ প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষামন্ত্ৰীৰ মাজত? সোমবাৰে ৰাজহুৱাকৈ প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ দোষ ঠেলিলে বৰ্তমানৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, তেতিয়াৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাবেই ২০১৯ বৰ্ষত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ মেধাৱী ছাত্ৰীসকলে লাভ নকৰিলে স্কুটী।
উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে চলিত বৰ্ষত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক ৰাজ্য চৰকাৰে অহা অক্টোবৰ মাহৰ পৰা স্কুটী দিব বুলি আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল। ফলত ২০১৯ বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলে প্ৰকাশ কৰিছিল অসন্তুষ্টি। কাৰণ সেইসময়তো ছাত্ৰীক স্কুটী প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়া হৈছিল ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। তেনেস্থলত কিয় ২০১৯ বৰ্ষত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ সকলক বিমুখ কৰি ২০২০ বৰ্ষৰ সকলক দিয়াৰ কথা ঘোষণা কৰিলে, সেই প্ৰশ্নৰ অৱতাৰণা কৰিছিল বঞ্চিত ছাত্ৰীসকলে।
এতিয়া সমগ্ৰ বিষয়টোত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দোষ ঠেলিলে প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘২০১৮, ২০১৯ত মন্ত্ৰী সিদ্ধান্ত ভট্টাচাৰ্যই চাইকেল দিয়াৰ কথা কৈছিল। মই ২০১৭ চনত স্কুটী দিছিলো। কিন্তু কিয় মন্ত্ৰী সিদ্ধান্ত ভট্টাচাৰ্যই স্কুটী নিদিলে, সেই কথা তেওঁ জানিব। এতিয়া বিষয়টো চিন্তা কৰি থকা হৈছে।’

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি