Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:45 am

Home » আঞ্চলিক » অসম » স্বামীয়ে দিলে তিনি তালাক, আৰক্ষীয়েও নলয় এজাহাৰ

স্বামীয়ে দিলে তিনি তালাক, আৰক্ষীয়েও নলয় এজাহাৰ

স্বামীয়ে মোবাইলত মেছেজ লিখি তালাক দিয়া এগৰাকী মহিলাই এতিয়া ন্যায় বিচাৰি ঘূৰি ফুৰিবলগীয়া হৈছে থানাই থানাই৷ ইখনৰ পিছত সিখন থানালৈ গৈছে, কিন্তু কোনেও নুশুনে মহিলাগৰাকীৰ দুখৰ কথা৷ হাতত এজাহাৰ লৈ বুধবাৰৰ পৰা ইখনৰ পিছত সিখন থানালৈ গৈছে যদিও ৰহস্যজনক কাৰণত ইখন থানাই এজাহাৰ গ্ৰহণ নকৰি সিখন থানালৈ যাবলৈ কৈ সমগ্ৰ ঘটনাৰ পৰা ফালৰি কটাৰ চেষ্টা চলাইছে৷
মোবাইলত তিনি তালাক মেছেজ লিখি পত্নীক তালাক দি সম্পৰ্ক ছেদ কৰিছিল বিশ্বনাথ চাৰিআলিৰ ১০৮ৰ কৰ্মচাৰী আজিজুৰ ৰহমানে৷ আইন প্ৰণয়ন কৰি তিনি তালাক কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰাৰ পিছতো আজিজুৰে মেছেজ কৰি তিনি তালাক দি সম্পৰ্ক ছেদ কৰাৰ পিছতে চকুপানীৰে বাট নেদেখা হৈ পৰা পত্নী তাৰাবান বেগমে চাৰিমহীয়া সন্তানক কোলাত লৈ এতিয়া ন্যায় বিচাৰি ঘূৰি ফুৰিছে ইখনৰ পিছত সিখন থানা ৷
বুধবাৰে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত হাতত এজাহাৰ লৈ উপস্থিত হোৱা দুৰ্ভগীয়া মহিলাগৰাকীৰ এজাহাৰখন ৰহস্যজনক কাৰণত গ্ৰহন নকৰিলে আৰক্ষীয়ে ৷ এজাহাৰ গ্ৰহণ নকৰি চতিয়া থানাত এজাহাৰ দিবলৈ কৈ দায় সাৰিলে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ কৰ্তব্যৰত বিষয়াই৷ ইয়াৰ পিছতে বৃহস্পতিবাৰে চতিয়া থানাত মহিলা গৰাকী উপস্থিত হয় যদিও মহিলাগৰাকীয়ে লৈ যোৱা এজাহাৰখন চতিয়া থানাতো গ্ৰহণ নকৰিলে আৰক্ষীয়ে৷ ফলত হাতত এজাহাৰ লৈ পুনৰ ঘৰলৈ উভতি আহিবলৈ বাধ্য হয় দুৰ্ভগীয়া মহিলাগৰাকী৷
উল্লেখ্য যে বিশ্বনাথৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত আদাভেটী গাঁৱৰ আজিজুৰ ৰহমান নামৰ যুৱকজনে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত গোৱালতলী গাঁৱৰ তাৰাবান বেগমৰ লগত ডেৰ বছৰ পূৰ্বে নিকাহত বহিছিল৷ কিন্তু নিকাহৰ পিছৰে পৰা যৌতুক সংক্ৰান্তীয় কথাত দুয়োৰে মাজত সংঘাত হয়৷ যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি তাৰাবানে চতিয়া আৰক্ষী থানাত গোচৰ তৰে আৰু চাৰিমহীয়া অন্তঃসত্ত্বা অৱস্থাত উভতি আহি পিতৃগৃহত আশ্ৰয় লয় মহিলাগৰাকীয়ে৷
আজিজুৰৰ ওপৰত ৰুজু হৈ থকা নিৰ্যাতনৰ গোচৰৰ বাবেই মোবাইলত মেছেজ লিখি তালাক দিয়া সম্পৰ্কত নতুন এজাহাৰ গ্ৰহণ কৰিব নোৱাৰে বুলি উদ্ভট যুক্তি দি মহিলাগৰাকীক থানাৰ পৰা ওভতাই পঠিয়ায় আৰক্ষীয়ে৷ আৰক্ষীৰ লগত সু–সম্পৰ্ক থকা ১০৮ৰ কৰ্মচাৰী আজিজুৰে মোবাইলত মেছেজ দি তালাক দিয়াৰ দৰে গুৰুতৰ অপৰাধ কৰাৰ পিছত আৰক্ষীক মেনেজ কৰাৰ বাবেই মহিলাগৰাকীয়ে ইখনৰ পিছত সিখন থানালৈ গৈ এতিয়া বিমুখ হ’বলগীয়া হোৱা বুলি অভিযোগ উঠিছে৷
নিয়ম অনুসৰি এখন থানাত দিয়া গোচৰ আন এখন থানালৈ আৰক্ষীয়ে নিজেই বদলি কৰিব পাৰে যদিও ৰহস্যজনকভাৱে আজিজুৰক বচোৱাৰ স্বাৰ্থত মহিলাগৰাকীক মানসিক হেচা দি ইখনৰ পিছত সিখন থানালৈ পঠিয়াই আছে আৰক্ষীয়ে৷ ইখনৰ পিছত সিখন থানাৰ দুৱাৰদলিয়ে দুৱাৰদলিয়ে ঘূৰিও আইনৰ ৰক্ষকসকলৰ পৰা কোনো সঁহাৰি নোপোৱা মহিলাগৰাকীক ন্যায় কোনে দিব সেইটো এতিয়া ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে৷
আনহাতে, ঘটনা সন্দৰ্ভত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আৰক্ষীয়ে গ্ৰহণ কৰা স্থিতিত মুঠেও সুখী নহয় তেওঁ। চতিয়া আৰু বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াদুগৰাকীয়ে এজাহাৰ গ্ৰহণ নকৰি মহিলাগৰাকীক অন্যায় কৰিছে৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত কথা পাতিব বুলি তেওঁ লগতে উল্লেখ কৰে৷ মোবাইলৰ জৰিয়তে তালাক দিয়া ১০৮ৰ কৰ্মচাৰী আজিজুৰ ৰহমানক শাস্তি প্ৰদান কৰি সাহসী মহিলাগৰাকীক ন্যায় প্ৰদানৰ ক্ষেত্ৰত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে বিধায়ক প্ৰমোদ বৰঠাকুৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি