স্বামীয়ে দিলে তিনি তালাক, আৰক্ষীয়েও নলয় এজাহাৰ
স্বামীয়ে মোবাইলত মেছেজ লিখি তালাক দিয়া এগৰাকী মহিলাই এতিয়া ন্যায় বিচাৰি ঘূৰি ফুৰিবলগীয়া হৈছে থানাই থানাই৷ ইখনৰ পিছত সিখন থানালৈ গৈছে, কিন্তু কোনেও নুশুনে মহিলাগৰাকীৰ দুখৰ কথা৷ হাতত এজাহাৰ লৈ বুধবাৰৰ পৰা ইখনৰ পিছত সিখন থানালৈ গৈছে যদিও ৰহস্যজনক কাৰণত ইখন থানাই এজাহাৰ গ্ৰহণ নকৰি সিখন থানালৈ যাবলৈ কৈ সমগ্ৰ ঘটনাৰ পৰা ফালৰি কটাৰ চেষ্টা চলাইছে৷ মোবাইলত তিনি তালাক মেছেজ লিখি পত্নীক তালাক দি সম্পৰ্ক ছেদ কৰিছিল বিশ্বনাথ চাৰিআলিৰ ১০৮ৰ কৰ্মচাৰী আজিজুৰ ৰহমানে৷ আইন প্ৰণয়ন কৰি তিনি তালাক কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰাৰ পিছতো আজিজুৰে মেছেজ কৰি তিনি তালাক দি সম্পৰ্ক ছেদ কৰাৰ পিছতে চকুপানীৰে বাট নেদেখা হৈ পৰা পত্নী তাৰাবান বেগমে চাৰিমহীয়া সন্তানক কোলাত লৈ এতিয়া ন্যায় বিচাৰি ঘূৰি ফুৰিছে