Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:39 am

Home » আঞ্চলিক » অসম » ৰাজীৱ ভৱনৰ নামটো গুচাই আজমল ভৱন হৈ যাব- মৰিগাঁৱত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰাজীৱ ভৱনৰ নামটো গুচাই আজমল ভৱন হৈ যাব- মৰিগাঁৱত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • মুখ্যমন্ত্ৰী হ’বলৈ চন্দ্ৰত জন্মগ্ৰহণ কৰিব নালাগে।
  • মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা প্ৰতিজন অসমীয়াৰে আছে।
  • আছুকো পুনৰ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ।
  • বৰ্তমান আছু এটা ৰাজনৈতিক দল।
  • আছু জনপ্ৰিয় নে আমি জনপ্ৰিয় ২০২১ৰ নিৰ্বাচনে প্ৰমাণ কৰিব।
  • তৰুণ গগৈয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী বুলি ক’বই নালাগে৷
  • ৰাজীৱ ভৱনৰ নামটো গুচাই আজমল ভৱন হৈ যাব৷
  • তৰুণ গগৈয়ে ”হু ইজ আজমল” বুলি কৈ এতিয়া গোটেই কংগ্ৰেছকে আজমলময় কৰি দিলে।
মৰিগাঁও : মুখ্যমন্ত্ৰী হ’বলৈ চন্দ্ৰত জন্মগ্ৰহণ কৰিব নালাগে। মৰিগাঁৱত এই মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা প্ৰতিজন অসমীয়াৰে আছে। মুখ্যমন্ত্ৰী কোন হ’ব সেয়া ৰাইজ আৰু ভগৱানে নিৰ্ণয় কৰিব অসমৰ ৩কোটি জনতাৰে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে, যোগ্যতাত একো অসুবিধা নাই বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।
মৰিগাঁৱত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰীগৰাকীয়ে। আছুকো পুনৰ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ। ৬ মাহৰ আগত আছু ৰাজনৈতিক দল নাছিল কিন্তু বৰ্তমান আছু এটা ৰাজনৈতিক দল। লুৰিণজ্যোতি গগৈকো পৰোক্ষভাৱে কটাক্ষ কৰি ড০ শৰ্মাই কয় যে বেয়া কথাৰ প্ৰতিযোগিতাত নামিছে যুবকজন। তেওঁৰ অনুষ্ঠানৰ TRP নাই। অসমৰ মানুহে বেয়া কথা বেয়া শব্দ বেয়া পায়। আছু জনপ্ৰিয় নে আমি জনপ্ৰিয় ২০২১ৰ নিৰ্বাচনে প্ৰমাণ কৰিব। তেওঁলোকে এই প্ৰতিযোগিতাত নামি জাতীয় সংগঠনটোৰ মৰ্যাদা লাঘৱ কৰিলে। আছুৰ মৰ্যাদা কিমান কমিল সেয়া নিৰ্বাচনত সকলোৱে দেখিবলৈ পাব বুলিও কয় মন্ত্ৰীগৰাকীয়ে।
ৰাজীৱ ভৱনৰ নামটো গুচাই আজমল ভৱন হৈ যাব এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিছুদিনৰ পাছতে এয়া দেখিবলৈ পোৱা যাব। মৰিগাঁৱত পতাকা উত্তোলন কৰি এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ গোটেই ভৱনটোৱেই আজমল ভৱন হৈ যাব। মইয়ো কংগ্ৰেছী আছিলো গতিকে মোৰো এইক্ষেত্ৰত দুখ লাগে। তৰুণ গগৈয়ে ”হু ইজ আজমল” বুলি কৈ এতিয়া গোটেই কংগ্ৰেছকে আজমলময় কৰি দিলে। তেওঁ আজমলক গালি পাৰি পাৰিয়েই শাসনত আহিছিল সেইটো এতিয়া পাহৰি যাব লাগে বুলি তৰুণ গগৈক কটাক্ষ মন্ত্ৰী ড০ শৰ্মাৰ। তেওঁ কয় যে তৰুণ গগৈয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী বুলি ক’বই নালাগে কাৰণ তেওঁ আজমলক গালি পাৰি মুখ্যমন্ত্ৰী হৈছিল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি