Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:53 am

Home » দেশ-বিদেশ » ৭৪ সংখ্যক স্বাধীনতা দিৱস : প্ৰধানমন্ত্ৰী মোদীৰ লালকিল্লাত পতাকা উত্তোলন , ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ প্ৰদান

৭৪ সংখ্যক স্বাধীনতা দিৱস : প্ৰধানমন্ত্ৰী মোদীৰ লালকিল্লাত পতাকা উত্তোলন , ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ প্ৰদান

নতুন দিল্লী : ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লালকিল্লাত পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। তেওঁ কয়, “আজি আমি যিখন স্বাধীন ভাৰতত উশাহ লৈছো, ইয়াৰ আঁৰত ভাৰত মাতাৰ লক্ষ লক্ষ সন্তানৰ ত্যাগ, বলিদান আৰু ভাৰত মাতাক স্বাধীন কৰাৰ বাবে সমৰ্পন নিহিত আছে। আজি এনে সকলো স্বাধীনতাৰ সৈনিক, বীৰ শ্বহীদক শ্ৰদ্ধা জনোৱাৰ দিন।”

তেওঁ কয়, “কৰ’নাৰ এই সংকটৰ সময়ত সেৱাই পৰম ধৰ্ম হিচাপে লৈ নিজৰ জীৱনক তুচ্চ কৰি আমাৰ ডাক্তৰ, নাৰ্ছ, পেৰামেডিকেল ষ্টাফ, এম্বুলেন্স কৰ্মী, ছাফাই কৰ্মী, স্বাস্থ্যকৰ্মী, আৰক্ষীকে ধৰি বহু লোকে ২৪ ঘণ্টাই সেৱা আগবঢ়াইছে। এনে সকলো কৰ’না যোদ্ধাকে অভিনন্দন জনাইছো।” লগতে দেশৰ যিবোৰ অঞ্চল প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ আছে সেইসমূহ অঞ্চলৰ লোকসকললৈ সমবেদনা জ্ঞাপন কৰিছে আৰু প্ৰয়োজনৰ এই সময়ত আমাৰ নাগৰিকসকলক সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মহামাৰীৰ মাজতে ১৩০ কোটি দেশবাসীয়ে আত্মনিৰ্ভৰ হোৱাৰ সংকল্প লৈছে। সেইবাবে দেশৰ যুৱ সম্প্ৰদায়ে সুযোগ লাভ কৰিবৰ বাবে স্পেছ ছেক্টৰ মুকলি কৰি দিয়া হৈছে আৰু কৃষি ক্ষেত্ৰক বান্ধোনৰ পৰা মুক্ত কৰা হৈছে। ইয়াৰ উপৰি মোদীয়ে কয়, “আজি বিশ্বৰ বহু ডাঙৰ ডাঙৰ কোম্পানীয়ে ভাৰতৰ প্ৰতি আকৃষ্ট হৈছে। বিশ্বৰ বহুতো ডাঙৰ ডাঙৰ কোম্পানীয়ে ভাৰতৰ ফালে দৃষ্টিনিবদ্ধ কৰিছে৷ আমি ‘MakeInIndia’ৰ লগতে ‘MakeForWorld’ৰ মন্ত্ৰৰ সৈতেও আগবাঢ়িব লাগিব।”
এল অ’ চিৰ পৰা এল এ চিলৈ দেশৰ সুৰক্ষাত নিয়োজিত বীৰ, সাহসী সৈনিকসকলক প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিশেষভাৱে প্ৰশংসা কৰে আৰু তেওঁলোকলৈ শ্ৰদ্ধা তথা কৃতজ্ঞতা জ্ঞাপন কৰে। লালকিল্লাৰ পৰা দেশবাসীক সম্বোধনৰ সময়ত সৈনিকসকলৰ ত্যাগক বিশেষভাৱে স্মৰণ কৰে মোদীয়ে। ‘এল অ’ চিৰ পৰা এল এ চি-লৈ য’তেই দেশে শত্ৰুৰপৰা প্ৰত্যাহ্বান পাইছে তাতেই দেশৰ সৈনিকে শত্ৰুক উচিত প্ৰত্যুত্তৰ দিছে।’ দেশৰ বীৰ শ্বহীদসকলৰ ত্যাগৰ কথা স্মৰণ কৰি এইকথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰে।
তেওঁ কয়, ‘আমাৰ দেশৰ জোৱানসকলে কি কৰিব পাৰে, আমাৰ দেশে কি কৰিব পাৰে সমগ্ৰ বিশ্বই সেয়া লাডাখত দেখিলে। আজি মই লালকিল্লাৰ পৰা সেইসকল বীৰ জোৱানক চেল্যুট যাচিছোঁ।’ সন্ত্ৰাসবাদীয়েই হওক বা বিচ্ছিন্নতাবাদীয়েই হওক দেশে সকলোৰে সৈতে যুঁজ কৰি যোৱা বুলিও প্ৰকাশ কৰে মোদীয়ে। মোদীয়ে লগতে কয় যে, ভাৰতৰ শক্তিৰ ওপৰত থকা বিশ্ববাসীৰ বিশ্বাস এতিয়া অধিক দৃঢ় হৈ গৈ আছে।
চমুকৈ মোদীৰ ভাষণ :
  • ‘কোৰোণা যুদ্ধত ভাৰত জিকিব। দেশ আত্মবিশ্বাসী।’
  • আমাৰ দেশৰ বিভিন্ন প্ৰান্তত বিকাশৰ ছবি ভিন্ন ভিন্ন। কিছুমান অঞ্চল কিছু ক্ষেত্ৰত বহু আগত, কিছু দিশত পিছ পৰি আছে। সকলোৰে সম বিকাশত আমি গুৰুত্ব দিব লাগিব।
  • আজি ভাৰতত কোৰোণাৰ এটা নহয়, তিনিটাকৈ ভেকচিনৰ চেষ্ট চলি আছে।
  • আজি দেশত এক ডাঙৰ অভিযান আৰম্ভ হ’বলৈ গৈ আছে। এয়া হ’ল নেচনেল ডিজিটেল হেলথ মিছন। নেচনেল ডিজিটেল হেলথ মিছন, ভাৰতৰ স্বাস্থ্যখণ্ডলৈ নতুন গতি আনিব। প্ৰতিখন ৰাজ্য,প্ৰতিজন ৰোগী, আপোনাক কোনজন ডাক্তৰে কি ঔষধ দিলে, কেতিয়া দিলে, আপোনাৰ ৰিপৰ্ট কি আহিল, এই সকলো তথ্য এটা মাত্ৰ হেলথ আই ডিত অন্তৰ্ভুক্ত হৈ থাকিব।
  • যেতিয়া দেশত কোৰোণাৰ ভয়াৱহতা আৰম্ভ হৈছিল ,তেতিয়া কোৰোণা টেষ্টিঙৰ বাবে মাত্ৰ এটা লেব আছিল। আজি দেশত ১,৪০০তকৈ অধিক লেব আছে।
  • আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ বাবে, আধুনিক ভাৰত নিৰ্মাণৰ বাবে, নতুন ভাৰত নিৰ্মাণৰ বাবে দেশৰ শিক্ষাৰ আছে গুৰুত্বপূৰ্ণ ভুমিকা। গতিকে ইয়াৰ বাবে নতুন শিক্ষা নীতি দেশবাসীয়ে লাভ কৰিছে।
  • কিছুদিনপূৰ্বে দেশৰ কৃষকসকলৰ বিকাশৰ বাবে এক লাখ কোটি টকাৰ ‘অগ্ৰীকাল্চাৰ এনফ্ৰাচটাক্সাৰ ফাণ্ড’ গঠন কৰা হৈছে।
  • আজি সকলোৱে সুবিধা লাভ কৰিছে। পকী ঘৰ, ঘৰে ঘৰে বিদ্যুত্, বিশুদ্ধ খোৱা পানী, গেছ-চিলিণ্ডাৰ, জন-ধন বেংক একাউণ্টৰ পৰা আয়ুষ্মান ভাৰতলৈকে।
  • মহিলাসকল, যুৱকসকল, সমাজৰ পিছপৰা শ্ৰেণীক আমি আগুৱাই নিব লাগিব। তেওঁলোকৰ দক্ষতা বিকাশ কৰাব লাগিব। তেতিয়াহে আত্মনিৰ্ভৰ ভাৰতৰ সপোন বাস্তৱত ৰূপায়ণ হ’ব।
  • ৭৫ সংখ্যক স্বাধীনতা দিৱস ধুমধামেৰে উদযাপন কৰিম।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি