Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 1:00 pm

Home » আঞ্চলিক » অসম » স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰী সোণোৱালৰ ১১টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰী সোণোৱালৰ ১১টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী : মহানগৰীৰ জজ খেলপথাৰত ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পতাকা উত্তোলন কৰে৷ পতাকা উত্তোলনৰ পাছতে ৰাজ্যবাসীক উদ্দেশ্যি আগবঢ়োৱা ভাষণত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কথা উল্লেখ কৰে৷ ইয়াৰ ভিতৰত –

১। আহু, শালি, বাও, বড়ো আদিকে ধৰি আমাৰ ৰাজ্যত বিভিন্ন প্ৰজাতিৰ ধান উৎপাদন হয়। ৰাজ্যত উৎপাদিত হোৱা এই ধানসমূহৰ এখন বৃহৎ বজাৰ আছে। এই দিশৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানসন্মত পদ্ধতিৰে ধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ আমাৰ চৰকাৰে প্ৰায়োগিক পৰিযোজনা হিচাপে ধেমাজি আৰু বাকসা জিলাত ‘ৰাইচ ক্লাষ্টাৰ’ স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে।
২। ৰাজ্যৰ অধিক সংখ্যক কৃষকে যাতে উৎপাদিত ধানৰ বিপৰীতে চৰকাৰৰ ন্যূনতম সমৰ্থন মূল্য লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে জিলাসমূহত ধান ক্ৰয়ৰ বাবে কেন্দ্ৰ মুকলি কৰি ধান ক্ৰয় কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব।
৩। পথাৰৰ ধান কৃষকৰ পৰা গ্ৰাহকৰ কাষলৈ লৈ যোৱাত সহায়ক হোৱাকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম চৰকাৰে ২২০টা ধান বনা কল স্থাপন কৰিবলৈ সাহায্য আগবঢ়াব। এই কলসমূহ স্থাপনৰ বাবে ইচ্ছুক উদ্যোগী, সমবায় আৰু আত্মসহায়ক গোটক ৩০ শতাংশ ৰাজ-সাহায্য আগবঢ়োৱা হ’ব।
৪। পথাৰ আৰু বজাৰৰ মাজত যোগাযোগ অধিক সুচল কৰিবলৈ ৰাজ্যৰ থলুৱা যুৱক আৰু আত্মসহায়ক গোটক ৰাজ-সাহায্যযুক্ত ১০০০খন ‘মিনি ট্ৰাক’ প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।
৫। ২০১৪ চনত প্ৰথমবাৰৰ বাবে দেশৰ শাসনভাৰ গ্ৰহণ কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম তথা উত্তৰ-পূবক ‘জৈৱিক হাব’ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে ইতিমধ্যে ৰাজ্যৰ ৭৫ হাজাৰ বিঘা কৃষিভূমি চিনাক্ত কৰিছে। স্বাধীনতা দিৱসৰ এই পৱিত্ৰ মুহূৰ্তত মই ঘোষণা কৰিব বিচাৰো যে ৰাজ্য চৰকাৰে বিশ্বনাথ জিলাত এটা Centre of Excellence for Organic Agriculture স্থাপন কৰিব।
৬। আমাৰ চৰকাৰে ৰাজ্যত এখন দুগ্ধ ফেডাৰেশ্যন গঢ়াৰ উদ্দেশ্যে জিলা দুগ্ধ সমবায়সমূহক শক্তিশালী ৰূপত গঢ় দিবলৈ পদক্ষেপ হাতত লৈছে। অনাগত দিনত অসম চৰকাৰে ৰাজ্যৰ সকলো জিলাত ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰে একোটাকৈ দুগ্ধ সংসাধন উদ্যোগ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত প্ৰায়োগিক পৰিযোজনা হিচাপে মৰিগাঁও, শোণিতপুৰ আৰু বজালী জিলাত এই দুগ্ধ সংসাধন উদ্যোগ স্থাপন কৰা হ’ব।
৭। ৰাজ্যত শীতলীকৰণ ভঁৰালৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ সম্ভৱ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে শীতলীকৰণ ভঁৰাল স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে।
৮। আমাৰ ৰাজ্যত মাকৈৰ এখন বৃহৎ বজাৰ আছে। ৰাজ্যত মাকৈৰ খেতি অধিক জনপ্ৰিয় কৰিবলৈ অসম চৰকাৰে ‘অসম কৃষি বিশ্ববিদ্যালয়’ৰ সহযোগত শীঘ্ৰে এক নতুন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে।
৯। তদুপৰি ৰাজ্য চৰকাৰে ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰে প্ৰতিখন জিলাত পশুখাদ্য মিল স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।
১০। আমাৰ ৰাজ্যত প্ৰাকৃতিকভাৱে তথা অতি কম আয়াসতে হালধি, আদা, জলকীয়া, জাঁইফল, জালুক আৰু লং-ইলাচীকে ধৰি অন্যান্য মা-মচলা আদি উৎপাদন হয়। কম পৰিমাণৰ বিনিয়োগেৰে কম পৰিসৰত এই খেতি কৰি আৰ্থিকভাৱে যথেষ্ট লাভৱান হ’ব পাৰি। সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে হালধি আৰু আদাকে ধৰি আন মা-মচলাৰ কৃষি অধিক জনপ্ৰিয় কৰি তুলিবলৈ এক নতুন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত লৈছে।
১১| মৎস্যখণ্ডত ৰাজ্যখনক স্বাৱলম্বী কৰি তলিবলৈ ৰাজ্য চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। ৰাজ্যৰ সকলোবোৰ বিল-জলাশয় চিনাক্তকৰণ আৰু জৰীপ কৰি থলুৱা আত্মসহায়ক গোটক মৎস্যপালনৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি