Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 1:08 pm

Home » আঞ্চলিক » অসম » একেলগে স্বাধীনতা দিৱসৰ কেইবাটাও গুৰুত্বপূৰ্ণ সংবাদ- চাওঁক বিস্তাৰিত

একেলগে স্বাধীনতা দিৱসৰ কেইবাটাও গুৰুত্বপূৰ্ণ সংবাদ- চাওঁক বিস্তাৰিত

ছৈয়দ বুলবুল জামানুৰ হক :
আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত পতাকা উত্তোলন কৰি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ প্ৰদান কৰে৷

  • নিজৰ ভাষণত মোদীয়ে কয়, “আজি আমি যিখন স্বাধীন ভাৰতত উশাহ লৈছো, ইয়াৰ আঁৰত ভাৰত মাতাৰ লক্ষ লক্ষ সন্তানৰ ত্যাগ, বলিদান আৰু ভাৰত মাতাক স্বাধীন কৰাৰ বাবে সমৰ্পন নিহিত আছে। আজি এনে সকলো স্বাধীনতাৰ সৈনিক, বীৰ শ্বহীদক শ্ৰদ্ধা জনোৱাৰ দিন।”
  • “কৰ’নাৰ এই সংকটৰ সময়ত সেৱাই পৰম ধৰ্ম হিচাপে লৈ নিজৰ জীৱনক তুচ্চ কৰি আমাৰ ডাক্তৰ, নাৰ্ছ, পেৰামেডিকেল ষ্টাফ, এম্বুলেন্স কৰ্মী, ছাফাই কৰ্মী, স্বাস্থ্যকৰ্মী, আৰক্ষীকে ধৰি বহু লোকে ২৪ ঘণ্টাই সেৱা আগবঢ়াইছে। এনে সকলো কৰ’না যোদ্ধাকে অভিনন্দন জনায় দেশৰ যিবোৰ অঞ্চল প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ আছে সেইসমূহ অঞ্চলৰ লোকসকললৈ সমবেদনা জ্ঞাপন কৰি প্ৰয়োজনৰ এই সময়ত দেশৰ নাগৰিকসকলক সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।
  • প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মহামাৰীৰ মাজতে ১৩০ কোটি দেশবাসীয়ে আত্মনিৰ্ভৰ হোৱাৰ সংকল্প লৈছে। সেইবাবে দেশৰ যুৱ সম্প্ৰদায়ে সুযোগ লাভ কৰিবৰ বাবে স্পেছ ছেক্টৰ মুকলি কৰি দিয়া হৈছে আৰু কৃষি ক্ষেত্ৰক বান্ধোনৰ পৰা মুক্ত কৰা হৈছে। “আজি বিশ্বৰ বহু ডাঙৰ ডাঙৰ কোম্পানীয়ে ভাৰতৰ প্ৰতি আকৃষ্ট হৈছে। বিশ্বৰ বহুতো ডাঙৰ ডাঙৰ কোম্পানীয়ে ভাৰতৰ ফালে দৃষ্টিনিবদ্ধ কৰিছে৷
  • দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়তো যুৱৰাজ ৰাহুল গান্ধীৰ উপস্থিতিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰা হয়৷
  • মহানগৰীৰ জজ খেলপথাৰত ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পতাকা উত্তোলন কৰে৷ পতাকা উত্তোলনৰ পাছতে ৰাজ্যবাসীক উদ্দেশ্যি আগবঢ়োৱা ভাষণত বিশেষকৈ কৃষি বিভাগক গুৰুত্ব আৰোপ কৰি লোৱা ১১টা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷
  • স্বাধীনতা সংগ্ৰামীসকলৰ সৰ্বোচ্চ ত্যাগক শ্ৰদ্ধাৰে সুঁৱৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুৱা গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত বীৰ শ্বহীদসকলৰ প্ৰতি পুষ্পাঞ্জলি অৰ্পণ কৰে।
  • মৰিগাঁৱত পতাকা উত্তোলন কৰিবলৈ পাই নিজকে কৃতাৰ্থবোধ কৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ড০ শৰ্মাই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভষণত অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰাৰ লগতে ৰাজ্যত নতুনকৈ ৫ খন মেডিকেল কলেজ স্থাপন, ২ অক্টোবৰত ১১৯খন চাহ বাগিছা অঞ্চলত হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত মৰিগাঁও-দৰং সংযোগী আন এখন দলঙৰ কামো শীঘ্ৰে আৰম্ভ হ’ব বুলি ঘোষণা কৰে। অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ দৰে জাকত জিলিকাকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক গঢ়ি তুলিবলৈ ১৫০ কোটি টকা অনুমোদন কৰাৰ কথাও স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানতে মন্তব্য কৰে।
  • গুৱাহাটী মহানগৰীৰ ৰাজীৱ ভৱনতো ৭৪ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়৷ পতাকা উত্তোলন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা৷ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰা কাৰ্যসূচীত প্ৰাক্নন মুখ্যমন্ত্ৰী তৰুণ গগৈসহ ন-পুৰণি কংগ্ৰেছী নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে৷
  • বৰপেটাত পতাকা উত্তোলন কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, শিৱসাগৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, যোৰহাটত মন্ত্ৰী কেশৱ মহন্ত, শিলচৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মঙলদৈত মন্ত্ৰী নৱ দলে, নগাৱত ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা, গোলাঘাটত কৃষিমন্ত্ৰী অতুল বৰা, কোকৰাঝাত প্ৰমীলা ৰাণী ব্ৰহ্ম, গোৱালপাৰাত মন্ত্ৰী ফণীভূষণ চৌধুৰী পতাকা উত্তোলন কৰে৷
  • নগাৱত পতাকা উত্তোলনত বিসংগতি৷ শ্বহীদ ভৱনত দুবাৰকৈ ওলোটা হৈ উৰিল ত্ৰিৰংগা পতাকা৷
  • লাডাখত স্বাধীনতা দিৱস পালন৷ ১৭০০০ ফুট উচ্চতাত উৰিল ত্ৰিৰংগা পতাকা৷ জয়ধ্বনি দি আই টি বি টি এন জোৱানে উদযাপন কৰিছে স্বাধীনতা দিৱস৷
  • তিনিচুকীয়াকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত উৰিল আলফা স্বাধীনৰ পতাকা৷ ছচিয়েল মিডিয়া যোগে কৰিলে প্ৰকাশ৷
  • বিলাসীপাৰা পূৱ সমষ্টিৰ ৰাণীগঞ্জ বিজেপি ব্লক কমিটিয়ে ত্ৰিৰংগা পতাকাৰ সৈতে একেলগে উত্তোলন কৰিলে বিজেপিৰ পতাকা৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি