Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:36 pm

Home » আঞ্চলিক » অসম » মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এসময়ৰ চোৰাং চিকাৰী, এতিয়া বন সুৰক্ষাৰ অতন্দ্ৰ প্ৰহৰী

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এসময়ৰ চোৰাং চিকাৰী, এতিয়া বন সুৰক্ষাৰ অতন্দ্ৰ প্ৰহৰী

একসময়ৰ দস্যু ৰত্নাকৰে পৰৱৰ্তী সময়ত ৰূপান্তৰিত হৈছিল মুনি বাল্মিকী হিচাপে ৷ কালক্ৰমত ৰামায়ন ৰচনা কৰি জগত হৈ পৰিচিত হৈ পৰিছিল৷ আজি আমি তেনে কিছু বনদস্যুৰ কথাকে কব বিচাৰিছো ৷ যি সকলে এটা সময়ত বনৰীয়া জীৱজন্তু হত্যা কৰাৰ লগতে গছ গছনি কাটি তহিলং কৰিছিল ৷ পিচে সেই সকল এতিয়া বন সুৰক্ষাৰ অতন্দ্ৰ প্ৰহৰী ৷

নতুন প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এইসকল বনদস্যুৱে এতিয়া দিনে নিশাই নিয়োজিত হৈ আহিছে বনজ সম্পদ ৰক্ষাৰ ক্ষেত্ৰত ৷ ২০০৩ চনৰ পূৰ্ৱে এই লোক সকল একো একোজন চোৰাং চিকাৰী বুলিয়ে পৰিচিত আছিল জন সমাজত ৷ পৰিয়াল পোহপাল দিয়াৰ তাগিদাত এফালৰ পৰা ধ্বংস কৰিছিল বিশ্বখ্যাত মানস ৰাষ্ট্ৰীয় উদ্যানৰ বনজ সম্পদ ৷ হত্যা কৰিছিল উদ্যানখনৰ জীৱ জন্তু৷ পিচে ২০০৩ চনত এৱছুৰ নেতৃত্বত বাক্সা জিলাৰ উপায়ুক্তৰ ওচৰত আত্মসমৰ্পন কৰি সুচনা কৰিছিল নতুন দিগন্তৰ৷
জয়চৰণ বসুমতাৰী, নাগেশ্বৰ বসুমতাৰী, সুবোধ বসুমতাৰীহতে নিজৰ জীৱন সমৰ্পন কৰিলে মানস সুৰক্ষাৰ কামত ৷ বিগত ১৭ বছৰে সামান্য বেতনতে নিয়োজিত হৈ আছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা আৰু সংবৰ্ধনৰ কামত ৷ স্থানীয় মাউজীগেন্দ্ৰী ইকো টুৰিজিম চোছাইটি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ নেতৃত্বত প্ৰায় আঠচল্লিশ জন এসময়ৰ চোৰাং চিকাৰীয়ে এতিয়া হাতত বন্দুক লৈ অহৰ্নিশে মানসৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছে ৷ বন বিভাগে এওঁলোকৰ চাকৰি নিয়মীয়াকৰণ নকৰিলেও চৰকাৰী কৰ্মচাৰীৰ সমান্তৰাল কৈ কাম কৰি আহিছে ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি