Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 1:35 pm

Home » আঞ্চলিক » অসম » প্ৰতিবেদন- ৪ : দক্ষিণ শালমাৰা-মানকাচৰত পাম্পছেট কেলেংকাৰী, বান্ধি দিলে দহ দিনৰ সময়

প্ৰতিবেদন- ৪ : দক্ষিণ শালমাৰা-মানকাচৰত পাম্পছেট কেলেংকাৰী, বান্ধি দিলে দহ দিনৰ সময়

• দক্ষিণ শালমাৰা-মানকাচৰত পাম্পছেট কেলেংকাৰী
• মুখ্যমন্ত্ৰী, কৃষিমন্ত্ৰীক বান্ধি দিলে দহ দিনৰ সময়
• সময় বান্ধি দিলে কৃষক শ্ৰমিক উন্নয়ন পৰিষদে
• মুখ্যমন্ত্ৰীসহ বিভিন্ন বিভাগত অভিযোগ দাখিল

গুৱাহাটী : দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগত চলি থকা দূৰ্নীতি-অনিয়মৰ বিৰুদ্ধে আমি “সংবাদ প্ৰহৰী”য়ে ধাৰাবাহিক প্ৰতিবেদন প্ৰকাশ কৰি আহিছো। আজি চতুৰ্থ প্ৰতিবেদন। প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰতিবেদন প্ৰকাশ হোৱাৰ পাছতেই কনিষ্ঠ অভিযন্তা নুৰুল হ’কে এক সংবাদ মেল পাতি দূৰ্নীতিৰ বোকাত লুতুৰি পুতুৰি হৈ থকা দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগটোক উদ্ধাৰ কৰিবলৈ উঠিপৰি লাগিছে।
উল্লেখযোগ্য যে কৃষক শ্ৰমিক উন্নয়ন পৰিষদে দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগৰ দূৰ্নীতি-ভ্ৰষ্টাচাৰ সন্দৰ্ভত মূখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰী অতুল বৰালৈ এক অভিযোগ পত্ৰ প্ৰেৰণ কৰে৷ কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই এই দুৰ্নীতিৰ উচিত তদন্তৰ বাবে চৰকাৰক মাত্ৰ দহ দিনৰ বান্ধি দিয়ে৷
মুখ্যমন্ত্ৰীলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই বিভাগটোত ব্যাপক তৎপতাৰে দূৰ্নীতি গাপ দিয়াৰ ব্যাপক অপচেষ্টা অব্যাহত ৰাখিছে। জানিব পৰা মতে জিলা প্ৰশাসনে কৃষি বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা দীপক দাস আৰু কনিষ্ঠ অভিযন্তা নুৰুল হকক মাতি আনি জিলা কৃষি বিভাগৰ পূৰ্বে বিভিন্ন আঁচনিৰ বকেয়া বিলবোৰত চহী কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে কৃষি বিভাগৰ RIDF আঁচনিৰ অধীনৰ পাম্পচেট আৰু সৌৰশক্তি বিতৰণৰ বিলত চৰকাৰী নিয়ম অনুসৰি বিভাগৰ কনিষ্ঠ অভিযন্তা, জিলা কৃষি বিষয়াৰ অনুমোদনৰ পাছত ফাইল অনুমোদনৰ বাবে জিলা উপায়ুক্তৰ ওচৰলৈ যায় আৰু জিলা উপায়ুক্তৰ চহীৰ পাছতহে বিলত কাৰ্যবাহী অভিযন্তাই চহী কৰে।
পিছে আশ্বৰ্য্যজনক কথা এয়ে যে এই সমূহ বিভাগীয় প্ৰক্ৰিয়া অবিহনে জিলা প্ৰশাসনে কাৰ্যবাহী অভিযন্তা গৰাকীক প্ৰথমতেই উক্ত বিলত চহী কৰিবলৈ কোৱাটো ৰহস্যজনক আৰু ইয়াৰ আঁৰত যে গোপন অভিসন্ধি আছে সেয়া স্পষ্ট নোহোৱাকৈ থকা নাই।
আনহাতে কনিষ্ঠ অভিযন্তা নুৰুল হকে সংবাদ মেল পাতি জিলা কৃষি বিভাগটোক ধোৱা তুলসীৰ পাত সজাবলৈ অপচেষ্টা চলালেও বিভাগটোক আৰ টি আই যোগে বিচৰা তথ্য যোগান ধৰিবলৈ সক্ষম হোৱা নাই। জানিব পৰামতে কেইবাগৰাকী লোকে আৰ টি আইৰ আবেদন দাখিল কৰিছে যদিও জোলোঙাৰ মেকুৰী ওলাই পৰাৰ ভয়ত অদ্যপি তথ্য যোগান ধৰা নাই জিলা কৃষি বিভাগে।
ইফালে দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগে পাম্পচেটৰ হিতাধিকাৰী সকলৰ তালিকা ঘোষণা নকৰাকৈয়ে প্ৰায় দুহেজাৰ গৰাকী হিতাধিকাৰীৰ বেংক ড্ৰাফট সম্পূৰ্ণ হোৱা বুলি কৰা ঘোষণাই আন এক দূৰ্নীতিৰ প্ৰসংগ উদঙাই দিছে।
অতি গুৰুত্বপূৰ্ণ কথা এয়াই যে কৃষি বিভাগটোত সংঘটিত বিয়াগোম দূৰ্নীতি, কেলেংকাৰী সন্দৰ্ভত ধাৰাবাহিক বাতৰি প্ৰকাশ হোৱাৰ পাছতে থৰকাছুটি হেৰুৱাই নিজৰ কটা নাক ঢাকিবলৈ সংবাদ মেলৰ জৰিয়তে অপপ্ৰয়াস কৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগে এজন কনিষ্ঠ অভিযন্তাৰ দ্বাৰা সংবাদ মেল পাতিলে যদিও জিলা কৃষি বিষয়া গৰাকী সন্মুখলৈ নহাৰ ৰহস্য কি? বিভাগটোৰ মুৰব্বী হিচাপে জিলা কৃষি বিষয়া গৰাকীয়ে সংবাদ মেল সম্বোধন কৰাৰ দায়িত্ব আছিল। পিছে কনিষ্ঠ অভিযন্তা নুৰুল হকে সংবাদ মেল সম্বোধন কৰি কাক বচাব বিচাৰিছে সেয়াহে আশ্বৰ্য্যজনক। নে জিলা কৃষি বিষয়া মোজাম্মেল হকে বিভাগটোক সমুলঞ্চে গ্ৰাস কৰিবলৈ কৌশল ৰচনা কৰিছে?
আমি সংবাদ প্ৰহৰীয়ে দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগৰ ন ন দূৰ্নীতি, কেলেংকাৰীৰ তথ্য ফাদিল কৰি যাম। অহা প্ৰতিবেদনত বিভাগটোৰ হৰ্টিকালচাৰত সংঘটিত কাজু বাদাম, চূণ, জিংক ফচফেট, পেক হাউচ সন্দৰ্ভত অন্য এক দূৰ্নীতি তথ্য উদঙাই দিয়া হ’ব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি