| | |

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এসময়ৰ চোৰাং চিকাৰী, এতিয়া বন সুৰক্ষাৰ অতন্দ্ৰ প্ৰহৰী

একসময়ৰ দস্যু ৰত্নাকৰে পৰৱৰ্তী সময়ত ৰূপান্তৰিত হৈছিল মুনি বাল্মিকী হিচাপে ৷ কালক্ৰমত ৰামায়ন ৰচনা কৰি জগত হৈ পৰিচিত হৈ পৰিছিল৷ আজি আমি তেনে কিছু বনদস্যুৰ কথাকে কব বিচাৰিছো ৷ যি সকলে এটা সময়ত বনৰীয়া জীৱজন্তু হত্যা কৰাৰ লগতে গছ গছনি কাটি তহিলং কৰিছিল ৷ পিচে সেই সকল এতিয়া বন সুৰক্ষাৰ অতন্দ্ৰ প্ৰহৰী ৷ নতুন প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এইসকল বনদস্যুৱে এতিয়া দিনে নিশাই নিয়োজিত হৈ আহিছে বনজ সম্পদ ৰক্ষাৰ ক্ষেত্ৰত ৷ ২০০৩ চনৰ পূৰ্ৱে এই লোক সকল একো একোজন চোৰাং চিকাৰী বুলিয়ে পৰিচিত আছিল জন সমাজত ৷ পৰিয়াল পোহপাল দিয়াৰ তাগিদাত এফালৰ পৰা ধ্বংস কৰিছিল বিশ্বখ্যাত মানস ৰাষ্ট্ৰীয় উদ্যানৰ বনজ সম্পদ ৷ হত্যা কৰিছিল উদ্যানখনৰ জীৱ জন্তু৷ পিচে ২০০৩

| | | |

প্ৰতিবেদন- ৪ : দক্ষিণ শালমাৰা-মানকাচৰত পাম্পছেট কেলেংকাৰী, বান্ধি দিলে দহ দিনৰ সময়

• দক্ষিণ শালমাৰা-মানকাচৰত পাম্পছেট কেলেংকাৰী • মুখ্যমন্ত্ৰী, কৃষিমন্ত্ৰীক বান্ধি দিলে দহ দিনৰ সময় • সময় বান্ধি দিলে কৃষক শ্ৰমিক উন্নয়ন পৰিষদে • মুখ্যমন্ত্ৰীসহ বিভিন্ন বিভাগত অভিযোগ দাখিল গুৱাহাটী : দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগত চলি থকা দূৰ্নীতি-অনিয়মৰ বিৰুদ্ধে আমি “সংবাদ প্ৰহৰী”য়ে ধাৰাবাহিক প্ৰতিবেদন প্ৰকাশ কৰি আহিছো। আজি চতুৰ্থ প্ৰতিবেদন। প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰতিবেদন প্ৰকাশ হোৱাৰ পাছতেই কনিষ্ঠ অভিযন্তা নুৰুল হ’কে এক সংবাদ মেল পাতি দূৰ্নীতিৰ বোকাত লুতুৰি পুতুৰি হৈ থকা দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগটোক উদ্ধাৰ কৰিবলৈ উঠিপৰি লাগিছে। উল্লেখযোগ্য যে কৃষক শ্ৰমিক উন্নয়ন পৰিষদে দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগৰ দূৰ্নীতি-ভ্ৰষ্টাচাৰ সন্দৰ্ভত মূখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰী অতুল বৰালৈ এক অভিযোগ পত্ৰ প্ৰেৰণ কৰে৷ কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই