Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:28 am

Home » সম্পাদকীয় » আজিৰ চিন্তা » জুবিন বিতৰ্কঃ অৰ্থনৈতিক উত্তৰণ বনাম ৰাজনীতি

জুবিন বিতৰ্কঃ অৰ্থনৈতিক উত্তৰণ বনাম ৰাজনীতি

• জুবিন গাৰ্গ ৰাজ্যৰ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হোৱাত কিয় ইমান বিতৰ্ক?
• জুবিনে বিজেপিত যোগদান কৰিছে নেকি?
• নে বিজেপিক সমৰ্মথন কৰিলে জুবিন গাৰ্গে ?
• কিয় জুবিন গাৰ্গ ওলাই আহিল কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হ’বলৈ?

মহিবুল মণ্ডল :

অসমত কৰোণা প্ৰকোপৰ পূৰ্বৰ পৰাই ৩০ লাখতকৈও অধিক সংখ্যক নিবনুৱা আছে। ল’ক ডাউনৰ প্ৰভাৱত বহি:ৰাজ্যৰ পৰা স্বৰাজ্যলৈ ঘুৰি আহিছে কমেও ৭ লাখ নতুন নিবনুৱা। তথা সেই সময়ত ৫.৪ লাখ বাহিৰত কাম কৰি থকা লোকে অসমলৈ অহাৰ বাবে নাম পঞ্জীয়ন কৰিছিল তথা পঞ্জীয়ন কৰাসকলৰ অধিকাংশই স্বৰাজ্যলৈ ঘুৰি আহিছে। এই সকলৰ সংস্হাপনৰ দায়িত্ব কাৰ ?
ইন্টাৰনেচনেল লেবাৰ অর্গানাইজেছনে ল’ক ডাউনৰ সময়ত এটি প্ৰতিবেদন প্ৰকাশ কৰিছিল যে, কোৰোনাৰ বাবে চলি থকা ল’ক ডাউনৰ ফলত ভাৰতত দৰিদ্র সীমাৰেখা স্পৰ্শ কৰিব প্ৰায় ৪০ কোটি মানুহ। ১৩০ কোটি মানুহৰ দেশত এই হাৰত যদি দৰিদ্ৰ হৈছে তেন্তে দেশৰ অর্থনীতি ক’ত আছে ?
২০১৭-১৮ চনৰ বিত্তীয় বর্ষত দেশৰ বেকাৰত্ব আছিল ৬.১ শতাংশ। ২০১৯ চনত ডিচেম্বৰ মাহত অভিলেখ সংখ্যক ৭.৬ শতাংশ বুলি প্ৰকাশ কৰিছিল ভাৰতীয় অর্থনীতিৰ পর্যবেক্ষক কেন্দ্রই।
এই বৃহৎ পৰিমানৰ নিবনুৱা সংস্হাপনৰ বাবে চৰকাৰে বাস্তৱভিত্তিক পৰিকল্পনা হাতত লোৱা দেখিবলৈ পাইছে নে ? নতুন উদ্যোগ, কাৰখানা বা কৃষিপামৰ ব্যৱস্থা হৈছে নে ? চৰকাৰী চাকৰি দিয়াটো সম্ভৱ নহয়েই৷ তেনেস্থলত কেনেকৈ এই জ্বলন্ত সমস্যাৰ সমাধান সম্ভৱ হ’ব?
কৃষি প্ৰধান দেশত শতকৰা ৭৫ ভাগ মানুহেই গাঁও অঞ্চলৰ আৰু প্ৰায় ৩৫ ভাগেই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে ৷অসম যথেষ্ট পৰিমাণে প্ৰাকৃতিক সম্পদেৰে চহকী ৰাজ্য। তথাপি ৰাজনৈতিক, আৰ্থ সামাজিক কাৰণতেই হ’ওক নতুবা প্ৰাকৃতিক সমস্যাৰ বাবেই হ’ওক আজিও পিছপৰা হৈ আছে।
যিকোনো এখন ঠাইৰ অৰ্থনৈতিক ভেটি সবল হোৱাৰ প্ৰধান উপাদানবোৰ হৈছে-বৃহৎ উদ্যোগ, সমবায় সমিতি, বিত্তীয় অনুষ্ঠান, বেচৰকাৰী প্ৰতিষ্ঠান, কুটীৰ আৰু ক্ষুদ্ৰ শিল্প ইত্যাদি। কিন্তু অসমত এই আটাইবোৰ উপাদান ভালদৰে খোপনি পুতিবলৈ উপযুক্ত সুবিধা পাইছে নে ?
অসমত বছৰি ৮০০০ হেক্টৰ কৃষিভূমি খহনীয়াত নৈৰ বুকুত বিলিন হয়৷ অৰ্থনীতিৰ উদাৰীকৰণ নীতিৰ পৰিণতিত ৰাজসাহায্য ক্ৰমাগতভাবে হ্ৰাস পোৱাৰ ফলত বিদ্যুৎ, সাৰ, বীজ, প্ৰয়োজনীয় বয়-বস্তু আদিৰ দাম ক্ৰমাগতভাবে বৃদ্ধি পাইছে৷ বীজ, সাৰ, কীটনাশক সামগ্ৰীৰ বজাৰ বহুজাতিক নিগমবোৰে দখল কৰিছে৷ লক্ষণীয় যে, যোৱা ১৯৯১-২০১১ চমলৈ এই দুটা দশকত দেশত মুঠ ১, ৪২,০০,০০০ গৰাকী খেতিয়কে কৃষি কৰ্ম ত্যাগ কৰিছে বুলি তথ্য প্ৰকাশ পাইছিল৷ সেই হিচাপত ২০১১ পৰা ২০২০ চনলৈ তাৰ হিচাপ কি হ’ব পাৰে সেয়া সহজেই অনুমেয়৷
২০১৫-১৬ বিত্তীয় বৰ্ষৰ এটি বিশেষ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে গঢ়ে এটি কৃষক পৰিয়ালৰ আৰ্থিক আয় ৩৬, ৯৭২ টকাৰ বিপৰীতে ঋনৰ পৰিমান হৈছে ৪৭,০০০ টকা৷ কেচিচি আদি প্ৰতিষ্ঠানিক ঋণৰ সুযোগ ক্ৰমাগতভাবে হ্ৰাস পাইছে৷ মাটিৰ পাট্টা নোহোৱা খেতিয়কে প্ৰতিষ্ঠানিক লোনৰ সুবিধা নাপায়৷ কৰ্মসংন্থান আৰু প্ৰতিষ্ঠানিক ঋনৰ অভাৱত বাধ্য হৈ সুতখোৰ মহাজন, এন, জি, ও, বেংক আদিৰ পৰা অধিক হাৰত ঋণ লৈ ঋণৰ টকা পৰিশোধ কৰিব নোৱাৰি একাংশ খেতিয়কে আত্মহত্যাৰ দৰে অনাকাংক্ষিত পথ বাছি লৈছে আৰু আন একাংশই ক্ৰমাগতভাৱে কৃষি কাৰ্য এৰি আন কৰ্মলৈ ধাৱিত হৈছে৷
কৃষি আৰু কৃষকৰ এনে মন্দাৱস্থা চলি থকাৰ মাজতেই আহিল কোৰোনাৰ প্ৰকোপ। কোৰোনা প্ৰকোপত দেশৰ অৰ্থনীতি কি হৈছে এবাৰ ভাবিছে নে ? এনে সন্ধিক্ষনত কৃষক-ৰাইজক সেৱা আগবঢ়াবলৈ জুবিন গাৰ্গ আগবাঢ়ি অহাটো অপৰাধ নেকি ? প্ৰতিটো বিষয়ত ৰাজনৈতিক সোৱাদ লোৱা প্ৰবৃত্তিটো আমাৰ তেজত সোমাল নেকি ?
সমালোচনা সকলোৰে হয়৷ সমালোচনাৰ উৰ্ধত কোনেও নহয়৷ জুবিন গাৰ্গো নহয়৷ তাৰ মানে এইটো নহয় প্ৰতিটো ক্ষেত্ৰত কেৱল ৰাজনৈতিক দৃষ্টিৰে সমালোচনা কৰাৰ দৰকাৰ আছে৷ জুবিনে হাতত লোৱা প্ৰজেক্টটোত বিপনীৰ জৰিয়তে থলুৱা ৰাইজৰ পৰা সেউজীয়া শাক-পাচলি, কণী, মাছ, চাহপাত, চাউল আদিৰ বাবে অসমৰ প্ৰায় প্ৰতিখন গাঁৱত যোগাযোগ স্থাপন কৰিছে৷
সম্পূৰ্ণৰূপে থলুৱাৰ উৎপাদিত সামগ্ৰী বোৰ উচিত মুল্য দি ক্ৰয় কৰি সেইয়া বিক্ৰী কৰা হ’ব৷ তাৰোপৰি ষ্টেটফেড গুদাম ভাড়া ল’বৰ বাবে প্ৰচেষ্টা হাতত লৈছে। এনে বোৰ কাম কৰিবলৈ হ’লে নিশ্চিত ভাবে চৰকাৰৰ সহায়-সহযোগিতাৰ প্ৰযোজন আছে।
এই খিনিতে আমি সসকলোৱে এটা কথা বুজা দৰকাৰ নাওঁ পানীত চলে তাক পানীতেই চলাব লাগিব। বামত চলাব চেষ্টা কৰা মানে অলিক কল্পনা কৰা হ’ব। জুবিনৰ এই প্ৰজেক্ট সফল কৰিবলৈ হ’লে নাওঁৰ দৰেই কথা বোৰ ভাবিব লাগিব। নিজৰ নাওঁ আনৰ ঘাটত চপালে মানেই নাওঁখন আনৰ হৈ গ’ল নেকি ? হয়, আমি ঠগি ঠগি এতিয়া কাকো বিশ্বাসত ল’ব নোৱাৰা হৈছো। যদি আকৌ বিশ্বাস নকৰো তেন্তে কোনে ল’ব জুবিনৰ দৰে কৃষি উত্তৰণৰ দায়িত্ব?
আমি জনো জুবিনৰ হেজাৰ হেজাৰ গুণমুগ্ধ যুৱক আছে। জুবিনক ভালপোৱা এনেকুৱাও হেজাৰ হেজাৰ যুৱক আছে যিসকলে জুবিন যি কৰিব বা কৰিব ক’ব তাকেই কৰিব। জুবিনৰ আদেশ মানি মৰিবলৈও সাজু হ’ব অনেক গুণমুগ্ধ। সেই ক্ষেত্ৰত কৃষি বিভাগে জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেচাদৰ বনাই অৰ্থনৈতিক উত্তৰণ তথা চৰকাৰে নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ প্ৰচেষ্টা হাতত লোৱা কাৰ্যক জুবিনে সমৰ্থন কৰাটো দোষ নেকি ?
“কা” সম্পূৰ্ণ ৰাজনৈতিক বিষয়। যি সকলে জুবিনৰ এই পদক্ষেপক নাগৰিকত্ব সংশোধনী আইন তথা ‘কা’ৰ লগত সাঙুৰি বিৰ্তকৰ মজিয়ালৈ ঠেলি দিছে ইয়াৰে অধিকাংশই বিজেপি’ৰ সমৰ্থক তথা ৰাজনৈতিক ভাবে সক্ৰিয় ব্যক্তি।
যিহেতু জুবিন গাৰ্গ বৰ্তমানো “কা” বিৰোধী আন্দলনৰ পক্ষত আছে। এই “কা” বিৰোধী শক্তিটোক নস্যাৎ কৰিবলৈ তথা জুবিনৰ প্ৰতি থকা ৰাইজৰ আস্থাটোক ছত্ৰভঙ্গ দিবলৈ এনে ধৰণৰ বিতৰ্কৰ মাজলৈ জুবিনক ঠেলি দিয়া হৈছে। আনকি কৃষি বিভাগে ব্ৰেণ্ড এম্বেচাদৰৰ ৰূপত জুবিন গাৰ্গক অনাটো চৰকাৰৰ এটি নতুন কৌশল হ’ব পাৰে। পৰৱৰ্তী সময়ত জুবিন গাৰ্গে কি পদক্ষেপ লয় সেয়া সময়ে নিৰ্নয় কৰিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি