জুবিন বিতৰ্কঃ অৰ্থনৈতিক উত্তৰণ বনাম ৰাজনীতি
• জুবিন গাৰ্গ ৰাজ্যৰ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হোৱাত কিয় ইমান বিতৰ্ক? • জুবিনে বিজেপিত যোগদান কৰিছে নেকি? • নে বিজেপিক সমৰ্মথন কৰিলে জুবিন গাৰ্গে ? • কিয় জুবিন গাৰ্গ ওলাই আহিল কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হ’বলৈ? মহিবুল মণ্ডল : অসমত কৰোণা প্ৰকোপৰ পূৰ্বৰ পৰাই ৩০ লাখতকৈও অধিক সংখ্যক নিবনুৱা আছে। ল’ক ডাউনৰ প্ৰভাৱত বহি:ৰাজ্যৰ পৰা স্বৰাজ্যলৈ ঘুৰি আহিছে কমেও ৭ লাখ নতুন নিবনুৱা। তথা সেই সময়ত ৫.৪ লাখ বাহিৰত কাম কৰি থকা লোকে অসমলৈ অহাৰ বাবে নাম পঞ্জীয়ন কৰিছিল তথা পঞ্জীয়ন কৰাসকলৰ অধিকাংশই স্বৰাজ্যলৈ ঘুৰি আহিছে। এই সকলৰ সংস্হাপনৰ দায়িত্ব কাৰ ? ইন্টাৰনেচনেল লেবাৰ অর্গানাইজেছনে ল’ক ডাউনৰ সময়ত এটি প্ৰতিবেদন প্ৰকাশ কৰিছিল যে, কোৰোনাৰ বাবে চলি থকা ল’ক ডাউনৰ