Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:22 am

Home » আঞ্চলিক » অসম » অৱসৰপ্ৰাপ্ত পঞ্চায়ত সচিব তথা সমাজ কৰ্মী আবুল কাশেম আহমেদৰ দেহাৱসান

অৱসৰপ্ৰাপ্ত পঞ্চায়ত সচিব তথা সমাজ কৰ্মী আবুল কাশেম আহমেদৰ দেহাৱসান

আলম ছৰোৱাৰ,হাউলী :
হাউলী হাজীপাৰা গাঁৱৰ বিশিষ্ট নাগৰিক, সমাজকৰ্মী, ৯৬ নং পশ্চিম হাউল গাঁও পঞ্চায়তৰ অৱসৰ প্ৰাপ্ত সচিব তথা ভৱানীপুৰ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আবুল কাশেম আহমেদৰ সোমবাৰে দিনৰ এক বজাত বাৰ্ধক্যজনিত কাৰণত নিজ বাস ভৱনত পৰলোকপ্ৰাপ্তি ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯০ বছৰ৷
মৃত্যুৰ আগমূহুৰ্তলৈকে অঞ্চলটোৰ লগতে বৰপেটা সমষ্টিৰ বিভিন্ন সামাজিক, শৈক্ষিক তথা ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাবে জড়িত আছিল৷ তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে-লগে অঞ্চল জুৰি শোকৰ ছাঁ পৰলক্ষিত হৈছে৷ বৰপেটা বিধান সভা সমষ্টিজুৰি ʼকাশেম চেক্ৰেটাৰীʼ তথা ʼকাশেম চাচাʼ হিচাপে তেখেত সু-পৰিচিত আছিল৷
মৃত্যুৰ সময়ত পাঁচ পুত্র, ছয় কন্যাসহ বহুতো আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ যায়৷ কংগ্ৰেছৰ সক্ৰিয় নিষ্ঠাবান কৰ্মী আবুল কাশেম আহমেদৰ মৃত্যুত বৰপেটাৰ সাংসদ আব্দুল খালেক, গণ অধিকাৰ কাকতৰ সঞ্চালক ছাহজাহান তালুকদাৰ, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সম্পাদক মোৱাজ্জম হুছেইন, হাজিপাৰা মণ্ডল কংগ্ৰেছৰ সভাপতি আবুল কালাম আজাদ, হাজীপাৰা গাঁও পঞ্চায়তৰ সভাপতি ৰিয়াজ উদ্দিন আহমেদ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদ, বৰপেটা জিলা আমছুৰ কাৰ্যকৰী সভাপতি আব্দুল জুব্বাৰ আলী, আমছুৰ প্ৰাক্তন সভাপতিদ্বয় আঃৰহিম আহমেদ, আঃছামাদ আহমেদ, এ আই ইউ ডি এফৰ বৰপেটা জিলা সমিতিৰ মূখ্য আহ্বায়ক ছামচুদ্দিন আহমেদ,সাংবাদিক দিদাৰ হুছেইন, হাউলী পৌৰ সভাৰ প্ৰাক্তন উপ সভাপতি বিমল কৰ্মকাৰ, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক খলিলুৰ ৰহমানকে আদি কৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা প্ৰকাশ কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি