বৰপেটা : এ আই ইউ ডি এফ দলৰ বৰপেটা জিলা সমিতিৰ সভাপতি ছামচুদ্দিন আহমেদ কাচিমি আৰু সাধাৰণ সম্পাদক খন্দকাৰ আশ্রাফুল মামুনৰ সৈতে মিনাক্ষী ৰহমানৰ নেতৃত্বত আৰু সৰুক্ষেত্ৰী সমষ্টি কমিটিৰ সহযোগত কয়াকুছিৰ সমীপৱৰ্তী কেওটপাৰাত বানপানীৰ কবলত ক্ষতি হোৱা দুখীয়া ৰাইজৰ মাজত আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা চিৰা, চেনী আৰু বিস্কুট আদি খাদ্য-সামগ্ৰী বিতৰণ কৰে।
বান সাহায্য কাৰ্যসূচীত যুৱ সমাজৰ সৈতে সমষ্টিৰ উন্নয়নৰ বিভিন্ন কামত ব্ৰতী থকা সমাজ সেৱিকা তথা সৰুক্ষেত্ৰী সমষ্টিৰ এ আই ইউ ডি এফ দলৰ নতুন নেত্ৰী মিনাক্ষী ৰহমানেও খাদ্য-সামগ্ৰী যোগান ধৰে। এই বান সাহায্য বিতৰণ কাৰ্যসূচীত সৰুক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক তথা কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি আলী হুছেইন, কেন্দ্ৰীয় মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা মমতাজ বেগম¸ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক তথা ৰৌমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডা০ আব্দুল কদ্দুছ সিকদাৰৰ সৈতে যুৱ মৰ্চা, মহিলা মৰ্চা আৰু ছাত্ৰ মৰ্চাৰ বহুতো বিষয়-ববীয়াই উপস্থিত থাকে।