লক্ষীমপুৰ : লক্ষীমপুৰ জিলাৰ নাওবৈচা সমষ্টিত এটাৰ পিছত এটাকৈ বিধায়ক উন্নয়নত পুজিত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি৷ আমি সংবাদ প্ৰহৰীয়ে পূৰ্বেও ফাদিল কৰিছো সমষ্টিটোত বিধায়ক উন্নয়নত পুজিত সংঘটিত কেতবোৰ অনিয়ম৷
এইবাৰ মন কৰক এই পথছোৱালৈ৷ নাওবৈচা সমষ্টিৰ লালুক নাৰায়ান পুৰৰ পৰা ২ নং মীৰিগাও সংযোগী এয়া ২০১৮-১৯ বিত্তীয় বৰ্ষত বিধায়ক উন্নয়ন পুজিত ধাৰ্য কৰা ৬,৫০,০০০ টকাৰ এটি ৰাস্তা৷ ৰাইজৰ অভিযোগ অনুসৰি পথছোৱাত মাত্ৰ ২০-২৫ হাজাৰ টকাৰ কাম কৰিয়েই বাকী সমূদায় ধন আত্মসাৎ কৰাৰ অপচেষ্টা চলাইছে৷ ইতিমধ্যে মোকলাই নিছে প্ৰথম কিস্তিৰ প্ৰায় চাৰি লাখ টকা৷ কাগজে কলমে নিৰ্মাণ সমিতিৰ সভাপতি হিচাপে ৰুহুল আমিনৰ নাম উল্লেখ আছে যদিও কাৰ্যত ঠিকাদাৰৰ ৰূপত আছিল বিধায়কৰ পি এছ অ’ দিলদাৰ হুছেইন ওৰফে বাবুল৷
ফলত প্ৰশ্ন হয়, মাত্ৰ ৩-৪ ট্ৰাক শিল-বালিৰ মূল্য ৬,৫০,০০০ টকা নেকি? ৩-৪ ট্ৰাক শিল-বালিৰেই এটি পথৰ কাম সমাপ্ত কৰিব পাৰিনে? ২০১৮-১৯ বিত্তীয় বৰ্ষৰ কামছোৱা আজিলৈ সমাপ্ত নোহোৱাৰ আঁৰৰ কাহিনী কি?