বৰপেটা : সমগ্ৰ অসমৰ লগতে সংগতি ৰাখি কয়াকুছিত পাকাবেতবাৰী ব্লক কংগ্ৰেছে পালন কৰে প্ৰতাৰণা দিৱস।
বিগত সময়ছোৱাত বিজেপি নেতৃত্বাধীন চৰকাৰে দিয়া প্ৰতিশ্ৰুতিবোৰ ৰক্ষা নকৰাৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে পালন কৰে এই প্ৰতাৰণা দিৱস।
বিগত সময়ছোৱাত বিজেপি নেতৃত্বাধীন চৰকাৰে দিয়া প্ৰতিশ্ৰুতিবোৰ ৰক্ষা নকৰাৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে পালন কৰে এই প্ৰতাৰণা দিৱস।
অসমত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ, বৰাক-ব্ৰহ্মপুত্ৰৰ পানী নিয়ন্ত্ৰণ আদি প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰাৰ বাবে এই প্ৰতাৰণা দিৱস পালন কৰে পাকাবেতবাৰী ব্লক কংগ্ৰেছৰ কৰ্মী আৰু সমৰ্থকসকলে। পাকাবেতবাৰী ব্লক কংগ্ৰেছ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি পাকাবেতবাৰী খণ্ড উন্নয়ন কাৰ্যালয়লৈ ৰেলী কৰি অংশগ্ৰহণ কৰা কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীয়ে হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি চৰকাৰ মুৰ্দাবাদ, প্ৰতিশ্ৰুতি ভংগকাৰী বিজেপি চৰকাৰ হায় হায়, নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা প্ৰতিশ্ৰুতি সমূহ অতি শীঘ্ৰে পূৰণ কৰক, মিছলীয়া বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দিয়ে। পিছত সকলো প্লেকাৰ্য দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সদস্য আবুল হুছেইন, পাকাবেতবাৰী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল আজিজ, ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী নুৰনেহাৰ আহমেদ, ব্লক কংগ্ৰেছৰ সদস্যা মমতাজ জাহান তালুকদাৰ, পাকাবেতবাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি আবুল হুছেইনকে আদি কৰি বহুতো নেতা-কৰ্মী।