|

কয়াকুছিৰ কুৰিহাত পানীত পৰি ভাতৃ ভগ্নীৰ মৃত্যু

কয়াকুছি : সৰুক্ষেত্ৰী সমষ্টিৰ বৰপেটা ৰাজহচক্ৰৰ অন্তৰ্গত কুৰিহা গাঁৱত পানীত পৰি বুধবাৰে সন্ধিয়া ভাতৃ-ভগ্নীৰ মৃত্যু হয়। কুৰিহা গাঁৱৰ ফৰহাদ মল্লিকৰ পুত্ৰ আব্দুল্লাহ মল্লিক(৭) আৰু ফাতেমা মল্লিক(৪)ৰ পানীত পৰি মৃতু হয়। ঘটনাৰ বিৱৰণী মতে বুধবাৰে আবেলি প্ৰায় ৪.৩০ বজাত শিশু দুজনক ঘৰত দেখা নাপায় পৰিয়ালৰ লোকে ঘৰৰ চাৰিওফালে পানীত বিচাৰিব ধৰে। বহু সময় বিচৰাৰ পিছত শিশু দুটাক পানীৰ পৰা উদ্ধাৰ কৰি পৰিয়ালৰ লোকে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত নিয়ে যদিও চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে। এনেদৰে পানীত পৰি মৃত্যু হোৱাৰ বাবে অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

| | | | |

মানাহ উদ্যানৰ বাহবাৰীত বিশ্ব ব্যঘ্ৰ দিৱস উদযাপন

গোৱৰ্ধনা : আজি ২৯ জুলাই৷ প্ৰকৃতিৰ ৰম্যভূমি মানাহ উদ্যানৰ বাহবাৰী বনাঞ্চলিক কাৰ্য্যালয়ত উদযাপন কৰা হয় বিশ্ব ব্যঘ্ৰ দিৱস(Tiger Day)৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত কামেশ্বৰ বসুমতাৰী নামৰ বনকৰ্মী গৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুক লৈ এটি সুন্দৰ গীত পৰিৱেশন কৰে৷ বনকৰ্মী কামেশ্বৰ বড়োৰ গীতে আপ্লুত কৰে অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিজনক৷ ইয়াৰ পিচতে এই অনুষ্ঠানত উপস্থিত থকা বনবিভাগৰ উচ্চ পদস্ত বিষয়া, বাক্সা জিলা উপায়ুক্ত, বাক্সা জিলা আৰক্ষী অধীক্ষক সহ কেইবা গৰাকী লোকক আৰনাই আৰু ফুলৰ থপাৰে সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি ৩০ টা বাঘ থকাৰ লগতে ৩৭ টা গড়ঁ আছে৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু আৰু গছ গছনি কোনো চোৰাং চিকাৰীয়ে ক্ষতি কৰিব নোৱাৰে ইয়াৰ বাবে বনবিভাগৰ প্ৰতিজন কৰ্মীয়ে গুৰুত্ব সহকাৰে সুৰক্ষা