- আগষ্ট মাহৰ পৰা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে ছেপ্তেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব স্কুল-কলেজত পাঠদান
- মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হ’বনে- ৩১ জুলাইত উচ্চতম ন্যায়ালয়ত শুনানি
ব্যুৰ’ সংবাদ : ছেপ্তেম্বৰ মাহৰ পৰা ৰাজ্যত খুলিব পাৰে স্কুল-কলেজ। আগষ্ট মাহত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে ছেপ্তেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব স্কুল-কলেজত পাঠদান। এই মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ছাত্ৰ-ছাত্ৰী সংক্ৰমিত নোহোৱাকৈ স্কুল-কলেজ খোলাৰ পৰিকল্পনা কৰিছে চৰকাৰে। এই ক্ষেত্ৰত বহু কেইটা নিয়ম মানি চলিব লাগিব। ইতিমধ্যে এই সন্দৰ্ভত চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে।
উল্লেখযোগ্য যে, যোৱা মাৰ্চ মাহৰ পৰাই বন্ধ হৈ আছে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান। যাৰ ফলত সমস্যাত পৰিছে ছাত্ৰ-ছাত্ৰীসকল। শ্ৰেণীৰ অভাৱত পৰীক্ষাকলৈও চিন্তাত পৰা দেখা গৈছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে স্কুল-কলেজ ছেপ্তেম্বৰ মাহত খোলা হ’ব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যদিও, এই সকলোবোৰ নিৰ্ভৰ কৰিব আগষ্ট মাহৰ পৰিৱেশৰ ওপৰত।
মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হ’বনে- ৩১ জুলাইত উচ্চতম ন্যায়ালয়ত শুনানি
SC will have next hearing on Friday regarding PIL filed by Yuva Sena against UGC Guidelines.Yuva Sena has been garnering support from across the nation with students, teachers, Education staff and associations sending in letters of support to us!!
Thank you to everyone!!
— Varun Sardesai (@SardesaiVarun) July 27, 2020
ইপিনে কোৰোণা মহামাৰীৰ ত্ৰাস সৰ্বত্ৰ। মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছে দেশৰ শিক্ষানুষ্ঠানসমূহ। তাৰ মাজতে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকল পৰীক্ষা অনুষ্ঠিত কৰা নকৰাক লৈ দোমোজাত পৰিছিল।
কিন্তু তাৰ মাজতে যোৱা ৭ জুলাইত বিশ্ব বিদ্যালয় অনুদান আয়োগে ছেপ্তেম্বৰৰ শেষৰ ভাগত চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি জাননী জাৰি কৰিছিল। পৰীক্ষা অফলাইন, অনলাইন আৰু ব্লেণ্ডেড মোডত অনুষ্ঠিত কৰা হ’ব বুলি জনাইছিল আয়োগে। আয়োগৰ জাননী লাভ কৰাৰ পিছতে মহাৰাষ্ট্ৰ, পশ্চিমবংগ চৰকাৰৰ লগতে বহু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে তীব্ৰ বিৰোধিতা কৰে।
বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কাৰণ দৰ্শাই যে, শিক্ষাবৰ্ষৰ আৰম্ভণিৰে পৰা কোৰোণাৰ ফলত শিক্ষানুষ্ঠান বন্ধ হৈ আছে। তেনেস্থলত কিদৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয় অনুদান আয়োগে। লগতে দেশৰ ৩১ খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, মহাৰাষ্ট্ৰৰ যুৱা সেনা এই জাননীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয়।
দাখিল কৰা আবেদনৰ ভিত্তিত অহা ৩১ জুলাই তাৰিখে উচ্চতম ন্যায়ালয়ত হ’ব শুনানি। আৰু এই শুনানিতে পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয়, সেয়া স্পষ্ট হ’ব বুলি ধাৰণা কৰা হৈছে।