Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:17 pm

Home » মনোৰঞ্জন » উন্মোচন হ’ল হিন্দী ছবিজগতৰ আন এক অন্ধকাৰ দিশ

উন্মোচন হ’ল হিন্দী ছবিজগতৰ আন এক অন্ধকাৰ দিশ

নতুন দিল্লী : অস্কাৰ লাভ কৰা মানে বলীউডত ‘মৃত্যুৰ চুম্বন’ লাভ কৰা। চলচ্চিত্ৰ পৰিচালক শেখৰ কাপুৰে এই চাঞ্চল্যকৰ মন্তব্য কৰাৰ পাছতে বলীউডৰ অন্ধকাৰ জগতৰ আন এখন ছবি ক্ৰমাৎ পোহৰৈল আহিবলৈ আৰম্ভ কৰিছে। চলচ্চিত্ৰ বিশ্বৰ শ্ৰেষ্ঠতম স্বীকৃতি ‘অস্কাৰ’ লাভৰ পাছতে দুগৰাকী তাৰকা বলীউডৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ উঠিছে। এই অভিযোগ কৰিছে শিল্পী দুগৰাকীয়ে নিজেই। ইয়াৰে এগাৰকী আন কোনো নহয় বিশ্ববিখ্যাত সংগীত পৰিচালক এ আৰ ৰহমান। ভাৰতীয় সংগীতক অগণিত অবিস্মৰণীয় গীত উপহাৰ দিয়া এ আৰ ৰহমানে ‘শ্লামডগ মিলিয়নেয়াৰ’ ছবিৰ বাবে লাভ কৰিছিল অস্কাৰৰ স্বীকৃতি। কিন্তু তাৰ পাছতে তেওঁৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে হিন্দী ছবিজগতৰ এটা লবী।
এই অভিযোগ উত্থাপন কৰিছে শিল্পীগৰাকীয়ে নিজেই। এটা ৰেডিঅ’ ষ্টেচনত দিয়া সাক্ষাৎকাৰত তেওঁ এই অভিযোগ কৰিছে। ৰহমানে কয়, ‘ভাল ছবিত কাম কৰিবলৈ মই কেতিয়াও অস্বীকাৰ নকৰোঁ। কিন্তু মই ভাবোঁ যে, মোৰ বিৰুদ্ধে এটা গেং তৎপৰ হৈ আছে, যাৰ বাবে কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হৈছে আৰু বহু অপপ্ৰচাৰ মোৰ বিৰুদ্ধে কৰা হৈছে।’ শেহতীয়াকৈ সুশান্ত সিং ৰাজপুতৰ শেষ ছবি ‘দিল বেচাৰা’ৰ সংগীত পৰিচালনা কৰিছে প্ৰখ্যাত সংগীতজ্ঞগৰাকীয়ে। কিন্তু এই ছবিখনৰ পৰিচালক মুকেশ চাব্ৰাক সংগীতৰ বাবে ৰহমানৰ কাষ চপাৰ পৰা বহু লোকে বাৰণ কৰাৰ কথাও তেওঁ প্ৰকাশ কৰে। তেওঁ কয়, ‘মুকেশ চাব্ৰা মোৰ ওচৰলৈ অহাৰ পাছত মই দুদিনতে তেওঁক চাৰিটা গীত দিছিলোঁ।
কিন্তু তেওঁ মোক কৈছিল, বহুলোকে আপোনাৰ ওচৰলৈ অহাত মোক বাধা দিছিল। তেওঁলোকে মোক বিভিন্ন কাহিনী শুনাই বাধা দিবলৈ যত্ন কৰিছিল। মই চাব্ৰাৰ কথা শুনিছিলো আৰু কৈছিলো যে, মই এতিয়া বুজিছোঁ কিয় ছবিৰ কাম ইমান কমকৈ পাইছোঁ। মোৰ বিৰুদ্ধে অহৰহ এটা গেঙে কাম কৰি আছে।’ ইফালে অনুৰূপ অভিযোগ কৰিছে আন এগৰাকী অস্কাৰ বিজয়ী ছাউণ্ড ডিজাইনাৰ ৰছুল পুকুট্টীয়ে। তেওঁ অস্কাৰ লাভৰ পাছতে হিন্দী ছবি তথা আন আঞ্চলিক ভাষাৰ ছবিৰ কাম নোপোৱা হৈছিল বা একেবাৰে কম কাম পাইছিল। এনে পৰিস্থিতিত তেওঁ একেবাৰে ভাঙি পৰাৰ উপক্ৰম হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। বহুতে তেওঁক মুখৰ আগতে, আমাক তোমাৰ প্ৰয়োজন নাই বুলি কোৱা বুলিও তেওঁ অভিযোগ কৰে।
ইফালে, ৰহমানৰ অভিযোগৰ আঁত ধৰি শেখৰ কাপুৰে কৈছে যে, বলীউডে চম্ভালিব পৰাতকৈ বেছি প্ৰতিভাশালী হোৱা বাবেই এ আৰ ৰহমানৰ দৰে তাৰকাই এনে অৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছে। অৰ্থাৎ বলীউড এতিয়া যেন কেৱল মধ্যমীয়া প্ৰতিভা আৰু মধ্যমীয়া মানৰ কাম-কাজৰ স্থানহে হৈ পৰিছে। এ আৰ ৰহমানৰ দৰে বৰেণ্য শিল্পী তথা ৰছুল পুকু্ট্টীৰ দৰে প্ৰতিভাৰ বিৰুদ্ধে এনে ষড়যন্ত্ৰ নিসন্দেহে হিন্দী ছবিজগতৰ অন্ধকাৰ দিশটোৰ এক নিৰ্লজ উন্মোচন।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি