Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:36 am

Home » দেশ-বিদেশ » ৰাষ্ট্ৰীয় » ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ ৰক্ষাৰ যুঁজ : বিজেপিৰ ষড়যন্ত্ৰ আখ্যা

ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ ৰক্ষাৰ যুঁজ : বিজেপিৰ ষড়যন্ত্ৰ আখ্যা

জয়পুৰ : ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ ৰক্ষাৰ যুঁজ অব্যাহত আছে। উপ-মুখ্যমন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি শচীন পাইলটৰ বিদ্ৰোহে স্থিতি থৰক-বৰক কৰা চৰকাৰ ৰক্ষাৰ বাবে অধিক ক্ষিপ্ত হৈ পৰিছে মুখ্যমন্ত্ৰী অশোক গেহলট। ততকালীনভাৱে বিধানসভাৰ অধিৱেশন বিচৰা গেহলটে ইয়াকে লৈ সংঘাতত লিপ্ত হৈছে ৰাজ্যখনৰ ৰাজ্যপাল কলৰাজ মিশ্ৰৰ সৈতেও। বিধানসভাত নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে অধিৱেশন অনুষ্ঠিত কৰিব বিচৰা গেহলটে ৰাজ্যপালৰ পৰা এই সম্পৰ্কীয় অনুমোদন নোপোৱাৰ বাবে ক্ষুব্ধ হৈ পৰিছে। তেওঁ ইয়াক বিজেপিৰ ষড়যন্ত্ৰ আখ্যা দিছে।
আজি কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠকত নেতৃত্ব দি গেহলটে কংগ্ৰেছ বিধায়কসকলক কয় যে, ৰাজ্যপালৰ কাষলৈকে নহয়, প্ৰয়োজনত ৰাষ্ট্ৰপতিৰ কাষ চাপিবলৈকো তেওঁ সাজু আছে। কালি দীঘলীয়া সময় ধৰি ৰাজ্যপালৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত আজি পুনৰ তেওঁ ৰাজ্যপালক একে দাবীৰে লগ ধৰাৰ কথা। ৰাজস্থানৰ ৰাজনৈতিক অস্থিৰতাক বিজেপিৰ ষড়যন্ত্ৰ আখ্যা দি তেওঁ কয়, ‘বিজেপিৰ ষড়যন্ত্ৰ সফল হবলৈ দিয়া নহ’ব। মই ৰাষ্ট্ৰপিত ভৱনলৈকো যাবলৈ সাজু আছোঁ। যদি প্ৰয়োজন হয়, ৰাষ্ট্ৰপতি ভৱন বা প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখতো ধৰ্ণা দিয়া হ’ব।’ তেওঁ নিজৰ প্ৰতি সমৰ্থন থকা বিধায়কসকল সহযোগিতা ৰক্ষা কৰি চলিবলৈকো বৈঠকত আহ্বান জনায়।
ইফালে, গেহলটৰ কেবিনেট তথা বিধায়ক দলৰ বৈঠকৰ মাজতে বিজেপি নেতা সতীশ পুনিয়া আৰু বিৰোধী দলৰ নেতা গুলাব চন্দ্ৰ কাটাৰিয়াই ৰাজ্যপালক লগ ধৰাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে। তেওঁলোকে ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে কলৰাজ মিশ্ৰৰ কাৰ্যালয়লৈ যোৱা বুলি কৈছে যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য সহজেই অনুমেয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি