Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:13 am

Home » আঞ্চলিক » অসম » বৰাইলবনাঞ্চলৰ বাবে গঠন হ’ব নতুন ফৰেষ্ট ডিভিজন

বৰাইলবনাঞ্চলৰ বাবে গঠন হ’ব নতুন ফৰেষ্ট ডিভিজন

  • বন বিভাগৰ নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে দিবা-নৈশ নিৰীক্ষণ ড্ৰ’ন তথা এিKI× ডিপ্ৰিডেশ্যন ৰেচপন্স বাহন উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে
  • অসমৰ সেউজ আৱৰণ তথা ইয়াৰ বিৰল প্ৰাকৃতিক সম্পদ, জৈৱ-বৈচিত্ৰ্য তথা জীৱকূল আৰু পক্ষীকূলৰ সুৰক্ষাৰ দিশত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে : মুখ্যমন্ত্ৰী

গুৱাহাটী : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভা গৃহত বন বিভাগৰ নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে দিবা-নৈশ নিৰীক্ষণ ড্ৰ’ন, বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰাময়ত সহায়ক হোৱাকৈ এিKI× ডিপ্ৰিডেশ্যন কুইক ৰেচপন্স বাহন আনুষ্ঠানিক ভাবে উদ্বোধন কৰে৷
উল্লেখ্য যে দিবা-নৈশ নিৰীক্ষণ ড্ৰ’ন আৰু বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰাময়ত সহায়ক হোৱাকৈ এিKI× ডিপ্ৰিডেশ্যন কুইক্‌ ৰেচপঞ্চ বাহনে বন তথা বন্যপ্ৰাণীৰ সুৰক্ষাৰ দিশত এক শক্তিশালী ব্যৱস্থা গঢ়ি তুলিব৷ দিবা-নৈশ নিৰীক্ষণ ড্ৰ’নে আমাৰ বনাঞ্চলৰ আকাশমাৰ্গৰ পৰা নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰি চোৰাং চিকাৰী তথা অবৈধ কাৰ্যকলাপ ৰোধ কৰাত বিশেষ ভাৱে সহায় কৰিব৷ তদুপৰি এিKI× ডিপ্ৰিডেশ্যন কুইক্‌ ৰেচপঞ্চ বাহনে বন্যপ্ৰাণী আৰু মানুহৰ মাজত বিশেষকৈ অসমৰ গাঁৱে-ভূঞে সংঘটিত হৈ থকা হাতী আৰু মানুহৰ সংঘাত নিৰাময়ৰ দিশত বিশেষভাৱে সহায় কৰিব৷ ইতিমধ্যে বন বিভাগে ৩ খন বিশেষ নিৰীক্ষণ ড্ৰ’ন আৰু এখন বন্যপ্ৰাণী উপদ্ৰৱ তড়িৎ প্ৰতিক্ৰিয়া (Antidepredation Quick Response) বিশেষ বাহনৰ ব্যৱস্থা কৰা হৈছে৷
এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে একবিংশ শতিকা তথ্য আৰু প্ৰযুক্তিৰ যুগ৷ এই তথ্য-প্ৰযুক্তিৰ জৰিয়তে বন বিভাগক অধিক শক্তিশালী কৰাৰ বাবে ৰাজ্যৰ বন বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যাতে ইয়াৰ জৰিয়তে বন্যপ্ৰাণী সংৰক্ষণ তথা চোৰাং চিকাৰীৰ কাৰ্যকলাপ ৰোধ কৰিব পৰা যায়৷ তেওঁ কয় যে সেউজ বননি,জৈৱ-বৈচিত্ৰ্যতা,শান্ত সমাহিত প্ৰকৃতি আৰু বিৰল বন্যপ্ৰাণীৰ বাবে অসম জগত বিখ্যাত৷ সেইবাবে বিৰল,অনন্য প্ৰাকৃতিক শোভা আৰু বন্যপ্ৰাণী দৰ্শন কৰিবলৈ প্ৰতি বছৰে অসমলৈ অসংখ্য দেশী-বিদেশী পৰ্যটক আহে৷ তেওঁ কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ দিনৰে পৰা অসমৰ সেউজ আৱৰণ তথা ইয়াৰ বিৰল প্ৰাকৃতিক সম্পদ,জৈৱ-বৈচিত্ৰ্যতা তথা জীৱকূল আৰু পক্ষীকূলৰ সুৰক্ষাৰ দিশত গুৰুত্ব প্ৰদান কৰি সেই অনুসাৰে বহু সংখ্যক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ ইয়াৰ ফলত গঁড়ৰ চোৰাং চিকাৰ চমকপ্ৰদ ভাবে হ্ৰাস পাইছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে বিগত সময়ছোৱাত ২৫৯ জন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হয়৷ এশিঙীয়া গঁড় অসমৰ মান আৰু সন্মানৰ প্ৰতীক বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কাজিৰঙাত বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলাই বিগত বছৰবোৰত ৫০২ হেক্টৰ ভূমি বেদখল মুক্ত কৰা হৈছে৷ বনবিভাগে লাভ কৰা সফলতা মানুহে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছে৷ কাজিৰঙাৰ চৌপাশে থকা জনসাধাৰণ,বন বিভাগ,পাঁচখন জিলাৰ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ যৌথ প্ৰয়াসৰ সফল প্ৰতিচ্চবি এখন জনসাধাৰণে দেখিবলৈ পাইছে৷ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ইতিমধ্যে চোৰাং চিকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷
বনাঞ্চল আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে নিৰীক্ষণ আৰু নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে অধিক সজাগ,সতৰ্ক আৰু দায়বদ্ধতাৰে কাম কৰিব লাগিব৷ আমাৰ বনাঞ্চলৰ যথেষ্ট সম্পদ আৰু সম্ভাৱনা আছে৷ সেইবাবে ইয়াৰ সঠিক পৰিচালনাৰ দায়িত্ব ল’ব লাগিব যাতে নতুন প্ৰজন্মই ইয়াৰ পৰা প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হয়৷ কাজিৰঙাত ৩৩ টা হাইলেণ্ড স্থাপন কৰা বাবে বানপানীৰ সময়ত বন্যপ্ৰাণীসমূহে নিৰাপদে আশ্ৰয় ল’ব পাৰিছে৷ আনকি বানপানীৰ সময়ত জীৱ-জন্তুক খাদ্য সামগ্ৰীও যোগান ধৰা হৈছে৷ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে আজি ৰাজ্যৰ বনাঞ্চল ২২২ বৰ্গ কিলোমিটাৰ বৃদ্ধি পাইছে বুলিও তেওঁ কয়৷ ১০ কোটি গছ পুলি ৰোপণৰ লক্ষ্যৰে আগবাঢ়ি বিগত বছৰবোৰত ৬ কোটি ৫০ লাখ গছপুলি ৰোপণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷
আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে কাছাৰ-কৰিমগঞ্জ জিলাক সামৰি থকা বৰাইল বনাঞ্চলৰ বাবে ফৰেষ্ট ডিভিজন এটা স্থাপন কৰাৰ বাবে বন মন্ত্ৰী গৰাকীক নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে উন্নীত কৰা আৰু পবা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীত কৰাৰ বাবেও ৰাজ্য চৰকাৰে যাবতীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷
বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এ এম সিঙে আদৰণি ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যইও ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, বন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, মুখ্য বন্যপ্ৰাণী সংপালক এম কে যাদৱ প্ৰমুখ্যে বন বিভাগৰ উচ্ছ পদস্থ বিষয়াসকলৰ উপস্থিত থাকে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি