Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:10 pm

Home » আঞ্চলিক » অসম » মেধিৰটাৰী-পালহাজী : অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ

মেধিৰটাৰী-পালহাজী : অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ

বৰপেটা : অখিল গগৈ চিকিৎসা আৰু মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৰপেটা জিলাৰ জাহোৰ পামত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কাৰ্যসূচীৰ ৰূপায়ন কৰাৰ পিছতে কলগাছিয়াত মানৱ শৃংখল কাৰ্যসূচী, বাঘবৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাকে ধৰি ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰখাৰ পাছত দেওবাৰেও বৰপেটাৰ মেধিৰটাৰীত সচেতন ছাত্ৰ-যুৱ সমাজ আৰু ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

মেধিৰটাৰী আঞ্চলিক সমধিকাৰ ক্লাৱ আৰু মেধিৰটাৰী আঞ্চলিক জনপ্ৰিয় ক্লাব এণ্ড লাইব্ৰেৰীৰ আহ্বানত অঞ্চলটোৰ শতাধিক ছাত্ৰ-যুৱ সমাজ আৰু ৰাইজে মেধিৰটাৰী বজাৰলৈ ওলাই আহি আহি মানৱ শৃঙ্খল গঢ়ি তুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে৷ এই প্ৰতিবাদী কাৰ্যসূচীত বৰপেটা জিলা কৃষক মুক্তিৰ উপ-সভাপতি আবু চুফীয়ান, বৰপেটা জিলা ছাত্ৰ মুক্তিৰ সহকাৰী সম্পাদক জেহেৰুল ইছলাম, সাংগঠনিক সম্পাদক আল আমিন, মেধিৰটাৰী আঞ্চলিক সমধিকাৰ ক্লাৱৰ সভাপতি ৰবিউল ইছলাম, উপ-সভাপতি হুকুম আলী, মেধিৰটাৰী আঞ্চলিক জনপ্ৰিয় ক্লাৱ এণ্ড লাইব্ৰেৰীৰ সভাপতি জাহাঙ্গীৰ আলম, ৰাজিদুল ইছলাম আৰু সম্পাদক মিজানুৰ ৰহমানকে ধৰি শতাধিক লোক উপিস্থিত থাকে।
একেদৰে অখিল গগৈৰ মুক্তিৰ দাবীত পালহাজীত বৰপেটা জিলা পেণ্ডেল মিস্ত্ৰী সন্থায়ো প্ৰতিবাদী মিছিল উলিয়াই৷ সামাজিক দূৰত্বৰ নিয়ম অৱলম্বন কৰি সদৌ বৰপেটা জিলা পেণ্ডেল মিস্ত্ৰী সন্থাই এই প্ৰতিবাদী মিছিল অনুষ্ঠিত কৰে ৷ইতিমধ্যে ৰাজ্যিক ভিত্তিত সদৌ অসম পেণ্ডেল মিস্ত্ৰী সন্থা গঠিত হৈছে ৷ এই সন্থাৰ নিৰ্দেশ মৰ্মেই অখিল গগৈ মুক্তৰ দাবীত ৰাজ্যজোৰা গণ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হৈছে৷ দিনজোৰা কিনকিনিয়া বৰষুণকো নেওচি দুই শতাধিক কৰ্মীয়ে পালহাজী কনৰা পাৰাত উপস্থিত হয়৷ হাতে হাতে অখিল গগৈৰ মুক্তিৰ বিভিন্ন প্লেকাৰ্ডলৈ মানৱ শৃঙ্খল গঢ়ি আগবাঢ়ে ৷ প্ৰতিবাদী কাৰী সকলে কনৰাপাৰাৰ পৰা আজাদ আঞ্চলিক মহাবিদ্যালয়ৰ সন্মুখেদি পালহাজী বজাৰৰ পূব প্ৰান্তত উপস্থিত হয়৷ এই প্ৰতিবাদী মিছিলখনত উপস্থিত আছিল বৰপেটা জিলা পেণ্ডেল মিস্ত্ৰী সন্থাৰ সভাপতি কৰম আলী, কাৰ্যকৰী সভাপতিদ্বয় ছাদেক আলী আৰু লিয়াকত আলী, সম্পাদকদ্বয় ছাদেক আলী আৰু ৰফিকুল ইছলামকে ধৰি শতাধিক লোক৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি