Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:57 am

Home » আঞ্চলিক » অসম » প্ৰতিবেদন- ৩ : দক্ষিণ শালমাৰা-মানকাচৰত কৃষি বিভাগত কেলেংকৰী

প্ৰতিবেদন- ৩ : দক্ষিণ শালমাৰা-মানকাচৰত কৃষি বিভাগত কেলেংকৰী

প্ৰতিবেদন- ৩
  • দক্ষিণ শালমাৰা-মানকাচৰত কৃষি বিভাগত কেলেংকৰী
  • দালালৰ কথাত উঠা-বহা কৰে কনিষ্ঠ অভিযন্তা
  • বিধানসভাত উত্থাপিত হ’ব কেলেংকাৰীৰ প্ৰশ্ন
  • সংবাদ প্ৰহৰীক জনালে স্থানীয় বিধায়কে

মানকাচৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি বিভাগত চলি থকা দূৰ্নীতি-অনিয়মৰ বিৰুদ্ধে আমি ধাৰাবাহিক প্ৰতিবেদন প্ৰকাশ কৰি আহিছো৷ আজি আগবঢ়াইছো তৃতীয় প্ৰতিবেদন। প্ৰথম আৰু দ্বিতীয় প্ৰতিবেদন পৰিবেশন হোৱাৰ লগে লগে আমাৰ হাতত আহি পৰিছে আৰু ন ন অভিযোগ আৰু তথ্য।
দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি বিভাগত চলি থকা কেলেংকাৰী সন্দৰ্ভত বিধায়কগৰাকীয়ে স্পষ্ট কৰি কয় যে দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি বিভাগত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে আৰু এই কেলেংকাৰীৰ বিষয়টো আগন্তুক বিধান সভাৰ অধিৱেশনতো উত্থাপন কৰিব৷
আনহাতে এআইইউডিএফ দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম কয়- কোনো দুৰ্নীতিৰ সৈতে আপোচ কৰা নহব আৰু যদিহে দুৰ্নীতি সংঘটিত হৈছে তেন্তে সমগ্ৰ ঘটনাৰ তদন্তৰ দাবীত প্ৰয়োজন স্থানীয় ৰাইজক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব৷
ইপিনে প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলাম আৰু প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ সৈতে এই একেটা বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰি ফোন কৰা হৈছিল যদিও সংযোগ স্থাপন নহ’ল৷
আমি ধাৰাবাহিকভাৱে আগবঢ়োৱা এই প্ৰতিবেদন কিমান সচা বা কিমান মিছা জানি লও আহক ফেচবুকত আগবঢ়োৱা নিজৰ মন্তব্যৰ জৰিয়তে৷ ফেচবুকত নিজৰ মন্তব্যত স্থানীয় এজন লোকে এই বুলি উল্লেখ কৰিছে যে- হয় ঠিকেই ধৰিছে আপুনি৷ আমাৰ গাঁৱত এজন মানুহে তিনিটা ট্ৰেক্টৰ পালে, কাৰণ তেওঁ অগপ দলৰ এগৰাকী জিলা পৰ্যায়ৰ নেতা৷ কিন্তু আমাৰ গাঁৱৰ কৃষকসকলে একোৱেই নাপালে৷ আমাৰ প্ৰতিবেদন ধাৰাবাহিকভাৱে ফাদিল হোৱাৰ পিছত দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি বিভাগটো নিকা কৰাৰ স্বাৰ্থত এনেদৰেই বহুতেই আগবাঢ়ি আহিছে৷ এয়া আছিল আমাৰ তৃতীয়টো প্ৰতিবেদন আৰু আপুনিও আপোনাৰ নিজৰ মন্তব্য আমাৰ ফেচবুক নাইবা ইউটিউবৰ জৰিয়তে প্ৰকাশ কৰিব পাৰিব৷
অন্যহাতে পেক হাউছ, কাজুবাদামকে ধৰি হৰ্টিকালচাৰ আচনিত কেনেকৈ চলি আছে অনিয়ম? পৰৱৰ্তী প্ৰতিবেদনত আজিৰ এই প্ৰশ্নৰ লগতে পূৰ্বৰ প্ৰতিবেদনত উত্থাপন কৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰসমূহ আমি ফাদিল কৰিম৷
শুনিলে হয়তো আচৰিত হব, দুটাকৈ জিলাৰ দায়িত্বত থকা গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলা কৃষি বিভাগৰ কনিষ্ঠ অভিযন্তা নুৰুল ইছলামো গ্রাম্য আন্তঃগাঁথনি পুঁজি আঁচনিৰ কেলেংকাৰিত সাঙুৰ খাই পৰিছে।
প্ৰথম প্ৰতিবেদনত আমি ফাদিল কৰা দুটাকৈ জিলাৰ দায়িত্বত থকা ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলা কৃষি বিভাগৰ পলাতক কাৰ্যবাহী অভিযন্তাৰ দূৰ্নীতিৰ মুখ্য উপদেষ্টাৰ ভূমিকা পালন কৰি এই গৰাকী কনিষ্ঠ অভিযন্তা নুৰুল ইছলামে।
অভিযোগ উঠিছে, এই গৰাকী নুৰুল ইছমানে ইচতিয়াক আহমেদ ওৰফে লাকীৰ ঘৰৰ পৰাই বিষয়াজনে কাৰ্যালয়ৰ সমস্ত কাম-কাজ চলাই আহিছে।
গ্রাম্য আন্তঃগাঁথনি পুঁজি আঁচনিৰ অধীনত শতকৰা ৭৫ ভাগ ৰেহাই মূল্যত ডিজেলচালিত, বিদ্যুৎচালিত পাম্প আৰু ৮৫ শতাংশ ৰেহাই মূল্যত সৌৰচালিত পাম্প জলসিঞ্চনৰ বাবে কৃষকক প্ৰদান কৰাত যি প্ৰক্ৰিয়া থাকে সেই ক্ষেত্ৰত কনিষ্ঠ অভিযন্তাগৰাকীয়ে ইস্তিয়াক আহমেদ ওৰফে লাকীৰ কথাত উঠা-বহা কৰে৷ লজ্জাজনক কথা যে এগৰাকী কনিষ্ঠ অভিযন্তাই দালালৰ পৰা ভূৱা কৃষকৰ তালিকাৰে বিল প্ৰস্তুত কৰি নিজেই গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত জমা দিবলৈ দৌৰি ফুৰে৷
আৰু এটা কথা কবই লাগিব যে, এজন কনিষ্ঠ অভিযন্তাই কেনেকৈ জিলাখনৰ এগৰাকী সহকাৰী কাৰ্যবাহী অভিযন্তাৰ দায়িত্ব পালন কৰি আছে, সেয়াও এক প্ৰশ্নবোধক বিষয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি