Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 12:52 pm

Home » আঞ্চলিক » অসম » ভকুৱামাৰীত তীৰ-জুৱাৰ ৰমৰমীয়া আড্ডা : গোপন কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

ভকুৱামাৰীত তীৰ-জুৱাৰ ৰমৰমীয়া আড্ডা : গোপন কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

  • ভকুৱামাৰীত তীৰ-জুৱাৰ ৰমৰমীয়া আড্ডা
  • নীৰৱ স্থানীয় আৰক্ষী-প্ৰশাসন
  • তীৰ মাফিয়া ৰিয়াজ উদ্দিনে চলাইছে আড্ডা
  • গোপন কেমেৰাত বন্দী সমগ্ৰ দৃশ্য


আনন্দ বজাৰ : নম্বৰ দিয়ক মামা 65৷ শ্বিলঙৰ নম্বৰ দিয়ক৷ আপুনি হয়তো ভাবিছে কিহৰ নম্বৰ বিচাৰিছে? নাইবা শ্বিলঙৰ আকৌ কি এই নম্বৰ?
হয়, আপুনি ঠিকেই শুনিছে৷ এয়া অবৈধ তীৰ খেলৰ নম্বৰ৷ অতি সহজে অধিক ধন লাভ দিয়াৰ প্ৰলোভনেৰে চলোৱা এক ভয়ানক খেল৷ যি খেলত দৈনিক সৰ্বস্বান্ত হৈছে বহুলোক৷ সংবাদ প্ৰহৰীৰ গোপন কেমেৰাত বন্দী সমগ্ৰ দৃশ্য৷ বাক্সা জিলাৰ অন্তৰ্গত আনন্দবজাৰ আৰু ভকুৱামাৰীত মুকলিকৈ চলিছে এই খেল৷ নীৰৱ আৰক্ষী-প্ৰশাসন৷ ইয়াতে এনেদৰেই আনন্দবজাৰৰ আৰক্ষী চকীৰ সমীপত চলে দৈনিক লাখ লাখ টকীয়া তীৰ-জোৱাৰ সন্ত্ৰাস।
কুখ্যাত তীৰ মাফিয়া ৰিয়াজ উদ্দিনৰ ছত্ৰছায়াত চলিছে ৰমৰমীয়া তীৰ খেলৰ ঘাটি। লজ্জাজনক কথা এয়াই যে আনন্দবজাৰ আৰক্ষী চকীৰ পৰা প্ৰায় ২০০ মিটাৰ নিলগত প্ৰতিদিনে অবৈধ তীৰ খেল চলি থকাৰ পিছতো প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাত বিষয়টোৰ ওপৰত ক্ষুব্দ স্থানীয় ৰাইজ। ফলত উপায়হীন হৈ জিলা আৰক্ষী-প্ৰশাসনক একাংশই অভিযোগ দিয়াৰ পিছত মাত্ৰ এদিনৰ বাবে বন্ধ ৰখা হৈছিল৷ ভকুৱামাৰীৰ বাসিন্দা ৰিয়াজ উদ্দিনৰ, আনন্দবজাৰৰ আফজাল মেকাৰ আৰু ময়নাল মেকাৰ নেতৃত্বত এনেদৰেই চলিছে অবৈধ তীৰ খেল। যাৰ ফলত অঞ্চলটোৰ একাংশ লোকে ভিটা-মাটি পৰ্যন্ত বিক্ৰী কৰি নিজৰ সৰ্বস্ব জুৱা খেলত শেষ কৰিছে৷ কোনোজনে যদি আত্মহত্যাৰ দৰে পথ বাচি লোৱাৰ বিপৰীত আন কিছুমানে চোৰ-ডকাইতি অপহৰণৰ দৰে অপৰাধমূলক কাৰ্যত লিপ্ত হৈছে। স্কুলীয়া শিক্ষাৰ্থীৰ ওপৰতো ইয়াৰ কু প্ৰভাৱ পৰিছে। এই অবৈধ খেলৰ বাবেই অঞ্চলটোৰ সৰ্বসাধাৰণ লোক সৰ্বস্বান্ত হোৱাৰ বিপৰীতে নেতৃত্বত থকা পিয়াজ উদ্দিনৰ দৰে দিনক দিনে ধনকুবেৰলৈ পৰিণত হৈছে? ফলত প্ৰশ্ন হয়- ইয়াৰ বাবে দায়ী কোন? আমাৰ এই প্ৰতিবেদনৰ পিছত স্থানীয় আৰক্ষী-প্ৰশাসনে কেনে ব্যৱস্খা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব৷ অন্যহাতে এই অবৈধ মাৰাত্মক জুৱা খেলৰ প্ৰতি খাকিব আমাৰ তীক্ষ্ণ নজৰ৷ ৰিয়াজ উদ্দিনৰ দৰে তীৰ মাফিয়াই কাৰ সহযোগত অঞ্চলটোত তীৰ খেলৰ ঘাটি স্থাপন কৰিবলৈ সক্ষম হৈছে সেয়া দেখুৱাম পৰৱৰ্তী প্ৰতিবেদনত৷
শিক্ষাৰ্থীৰ ওপৰত। উল্লেখ্য যে বাক্সা প্ৰশাসনে কৰোণা মহামাৰীৰ ভয়াৱহতাৰ মাজত কটকটীয়া নিৰাপত্তা বাহিনীৰ দ্বাৰা সজাগ দৃষ্টি ৰখাৰ পিছতো কাৰ বলত চলিছে এই ৰমৰমীয়া তীৰ, জুৱাৰ আড্ডা। এয়া সচেতন মহল আজিৰ দিনত ডাঙৰ প্ৰশ্নবোধক চিহ্ন হৈ ঠিয় দিছে। আমাৰ আজিৰ এই প্ৰতিবেদনৰ পিছত গা লৰিবনে বাক্সা জিলা প্ৰশাসনৰ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি