Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:44 am

Home » আঞ্চলিক » অসম » গুৱাহাটীত ১৯ জুলাইৰ পৰা ২ আগষ্টলৈ UNLOCK 1. কোন কোন দিশত থাকিব শিথিলতা?

গুৱাহাটীত ১৯ জুলাইৰ পৰা ২ আগষ্টলৈ UNLOCK 1. কোন কোন দিশত থাকিব শিথিলতা?

গুৱাহাটী : তিনি সপ্তাহৰ সম্পূৰ্ণ ল’ক ডাউনৰ পিছত সোমবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব আনল’ক-১। আনল’ক-১ত বহু ক্ষেত্ৰত থাকিব শিথিলতা।
শনিবাৰে এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰে এখন বিশেষ গাইডলাইন। যদিও বহু ক্ষেত্ৰত শিথিলতা থাকিব, তথাপিও আনল’ক ১ৰ সময়ত বন্ধ থাকিব ব্যক্তিগত বাহনৰ চলাচল। সেইদৰে সোমবাৰ আৰু মঙলবাৰৰ দিনটোতহে আন্তঃজিলা যাতায়তৰ সুবিধা দিছে চৰাকাৰে। পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত আকৌ বুধবাৰৰ পৰা সম্পূ্ৰ্ণ ৰূপে বন্ধ থাকিব আন্তঃজিলা যাতায়াত। অহা ২ আগষ্টলৈকে গুৱাহাটীত বাহাল থাকিব আনল’ক-১।
কি আছে গাইড লাইনত?

  • কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আনল’ক-১ত ব্যক্তিগত বাহন চলাচল সম্পূৰ্ণ ৰূপে নিষিদ্ধ। স্বাস্থ্যজনীত কাৰণত ব্যৱহাৰ কৰিব পাৰিব ব্যক্তিগত বাহন। লগতে চাকৰি সংক্ৰান্তীয় কাৰণত ব্যৱহাৰ কৰিব পাৰিব ব্যক্তিগত বাহন।
  • সপ্তাহত সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব সকলো দোকান। খোলা থাকিব সুৰাৰ বিপণী।
  • বন্ধ থাকিব জিম, চিনেমা হল, শ্বপিং মল, শিক্ষানুষ্ঠান।
  • ৩০ শতাংশ কৰ্মচাৰীৰে খুলিব পাৰিব চৰকাৰী-বেচৰকাৰী কাৰ্যালয়। সকলোতে কোৰোণা পৰীক্ষা কৰিব লাগিব।
  • সকলো নিৰ্মাণ কাৰ্য কৰিব পাৰিব, মালিকসকলে নিৰ্মাণ কাৰ্যকলাপ চলি থকা স্থানত শ্ৰমিকক ৰাখিব পাৰিব৷
  • সপ্তাহৰ আটাইকেইটা দিনতে গাখীৰ, শিশু খাদ্য পোৱা যাব।
  • পাৰ্লাৰ, চেলুন চুলি কটাৰ বাবে খুলিব পাৰিব৷
  • কেব, অটো, ৰিক্সা চলাব পাৰিব৷ কিন্তু চেনিটাইজাৰ, থাৰ্মমিটাৰ ৰাখিব লাগিব৷ কিন্তু বন্ধ থাকিব ই-ৰিক্সা।
  • সান্ধ্য আইন সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে অব্যাহত থাকিব।
  • চিটিবাছ বন্ধ থাকিব।
  • হোটেল ৰেষ্টুৰেণ্টসমূহে হোম ডেলিভাৰী কৰিব পাৰিব৷
  • E-commerce সমূহ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে ডেলিভাৰী কৰিব পাৰিব।
  • সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়াত কৰিব পাৰিব। কিন্তু বুধবাৰৰ পৰা বন্ধ হ’ব এই সেৱা।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি