নতুন দিল্লী : মোদী চৰকাৰৰ ‘প্ৰধানমন্ত্ৰী গৰীব কল্যান অন্ন যোজনা’ কোৰোণা সংকটকালত দৰিদ্ৰ লোকসকলৰ বাবে হৈ পৰিছে বিশেষ সহায়ক। যাৰ হাতত ৰেচন কাৰ্ড আছে, খোৱা-বোৱাত তেওঁলোকে পোৱা নাই কোনো ধৰণৰ অসুবিধা। গাঁৱত এটা পৰিয়ালত গড়ে পাঁচজন সদস্য আছে। এনে পৰিয়ালে মাত্ৰ৭৫টকা খৰচ কৰি প্ৰতি মাহে ৫০ কেজি চাউল আৰু এক কেজি দাইল লাভ কৰিছে।
বিহাৰ, পশ্চিমবংগ, অসমত বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই, তেনে ক্ষেত্ৰত এই আঁচনিয়ে তিনিওখন ৰাজ্যতে বিজেপিক বিশেষ ভাবে সহায় কৰিছে বুলিও ক’ব পাৰি। যোজনা অনুসৰি. ঘৰৰ প্ৰতিগৰাকী সদস্যই মাহে পাঁচ কেজিকৈ চাউল বিনামূলীয়াকৈ লাভ কৰিছে। লগতে প্ৰতিগৰাকী সদস্যই পাঁচ-পাঁচ কেজি চাউল মাত্ৰ তিনি টকাত কেজি হিচাপত ক্ৰয় কৰিব পাৰিছে। উল্লেখ্য যে দেশত কোৰোণা সন্ত্ৰাসৰ বাবে ২৪ মাৰ্চৰ পৰা হৈছিল ল’ক ডাউন। পিছত ২৬ মাৰ্চত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গৰীব কল্যান অন্ন যোজনা ঘোষণা কৰিছিল।