Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:48 am

Home » আঞ্চলিক » অসম » বিজেপিৰ ব্যাপক তৎপৰতাৰ বিপৰীতে নির্বিকাৰ অসম গণ পৰিষদ

বিজেপিৰ ব্যাপক তৎপৰতাৰ বিপৰীতে নির্বিকাৰ অসম গণ পৰিষদ

গুৱাহাটী : ৰাজ্যৰ বিধানসভা নির্বাচনলৈ মাজত মাত্র আঠটা মাহ বাকী৷ অহা বছৰৰ এপ্রিল মাহত হ’বলগীয়া বিধানসভা নির্বাচন ৰাজ্যৰ প্রধান আঞ্চলিক দল অগপৰ বাবে কার্যতঃ হ’ব অগ্ণিপৰীক্ষা৷ এসময়ত দুবাৰকৈ ৰাজ্যৰ ৰাজপাট দখল কৰা আঞ্চলিক দল অগপই ক্ষমতাত থকা অৱস্থাত কৰা অবাধ দুর্নীতি, ভ্রষ্টাচাৰ, প্রতাৰণা, গুপ্তহত্যা আদিকে ধৰি নানা কৃতকর্মৰ বাবে ২০০১ চনৰ পৰা সুদীর্ঘ ১৫ বছৰ ক্ষমতাৰ পৰা আঁতৰি থাকিবলগীয়া হয়৷

২০১৬ চনৰ বিধানসভা নির্বাচনত দলটোৱে মাত্র ১৩খন আসন লাভ কৰা সত্ত্বেও বিজেপি নেতৃত্বাধীন মিত্রজোঁট তথা চৰকাৰৰ অংশীদাৰ হ’বলৈ সমর্থ হয় আৰু বিজেপিয়ে বি পি এফৰ দৰে অগপকো তিনিটা মন্ত্রী পদ এৰি দিয়ে৷ অহা বছৰ হ’বলগীয়া বিধানসভা নির্বাচনতো বিজেপি–গপৰ মিত্রতা অব্যাহত থাকিব বুলি দল দুটাৰ নেতৃত্বই এতিয়ালৈ কৈ আহিছে যদিও অগপই মূৰকত কিমানখন আসন দখল কৰিবলৈ সক্ষম হয়, সেয়া সময়তহে ক’ব পৰা যাব৷

বিজেপিয়ে ইতিমধ্যে মিছন–১০০ৰ লক্ষ্য আগত ৰাখি নিজৰ দখলত থকা–নথকা প্রতিটো সমষ্টিতে সাংগঠনিক তৎপৰতা আৰু জনসম্পর্ক অভিযান চলাই থকা থকাৰ বিপৰীতে মিত্রদল অগপৰ তৎপৰতা বা সাংগঠনিক কার্যসূচী তেনেই সেমেকা৷ সময়ে সময়ে অগপ নেতৃত্বই আমবাৰীস্থিত দলীয় মুখ্য কার্যালয়ত বহি বিগত দিনৰ বিভিন্ন সময়ত দলটোৱে দখল কৰিবলৈ সমর্থ হোৱা ৮৫টা সমষ্টি অহা নির্বাচনত তেওঁলোকৰ লক্ষ্য বুলি প্রকাশ কৰি আহিছে যদিও বাস্তৱ অর্থত এতিয়ালৈ এই বিষয়ত ক্ষেত্রভিত্তিক সাংগঠনিক তৎপৰতা পৰিলক্ষিত হোৱা নাই৷ আনকি বর্তমান তেওঁলোকৰ দখলত থকা ১৪টা সমষ্টি যে পুনৰ দখল কৰিব পাৰিব, আজিৰ তাৰিখত তাৰো নিশ্চিয়তা নোহোৱা হৈছে৷ আনকি ‘কা’কে ধৰি বিভিন্ন ইছ্যুক লৈ বর্তমানৰ বহুকেইগৰাকী বিধায়ক নেতৃত্বৰ ওপৰত সাংঘাতিক ধৰণে নাৰাজ৷ এইক্ষেত্রত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত, বৃন্দাবন গোস্বামী, পবিন্দ্র ডেকা, উৎপল দত্ত আদি অন্যতম৷ অগপৰ এক সূত্রৰ পৰা জানিব পৰা মতে, যদিহে সেইসকল নেতাই দলীয় নেতৃত্বৰ প্রতি নৰম মনোভাব পোষণ নকৰে, তেতিয়াহ’লে বিজেপিৰে হোৱা আসন বুজাবুজিৰ সময়ত তেওঁলোকৰ সমষ্টিসমূহ গেৰুৱা দলটোক গতাই দিব৷
ইয়াৰ প্রাৰম্ভিক পৰিকল্পনাও দলৰ ভিতৰত ইতিমধ্যে আৰম্ভ হৈছে৷ অগপ শিবিৰত চলা এনে বিভাজন–সংঘাতৰ ৰাজনীতিৰ বিপৰীতে বিজেপিয়ে বিৰোধী কংগ্রেছ, এ আই ইউ ডি এফৰ দখলত থকা সমষ্টিৰ সমান্তৰালভাৱে অগপৰ দখলত থকা সমষ্টিসমূহতো পূর্ণগতিত সাংগঠনিক কার্যকলাপ অব্যাহত ৰাখিছে৷ অগপৰ তিনি মন্ত্রী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে প্রতিনিধিত্ব কৰি অহা সমষ্টি তিনিটাক বাদ দি আঞ্চলিক দলটোৰ দখলত থকা প্রতিটো সমষ্টিতে বিজেপিৰ কার্যকর্তাসকলে পূর্ণগতিত সাংগঠনিক কার্যকলাপ, চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাছনিত আগভাগ লৈ আহিছে৷ এইক্ষেত্রত বহু সময়ত স্থানীয় অগপ নেতৃত্ব বাদেই, খোদ বিধায়কো উপেক্ষিত হ’বলগীয়া হৈছে৷ আসন বুজাবুজিৰ সময়ত সেইবোৰ সমষ্টি এইবাৰ বিজেপিৰ হাতলৈ অহাৰ আশা কৰি প্রার্থিত্বপ্রত্যাশীসক্ সমষ্টিত নামি পৰাৰো বাতৰি পোৱা গৈছে৷ বিজেপিৰ এক ঘনিষ্ঠ সূত্রৰ পৰা জানিব পৰা মতে, পাটাছাৰকুছি সমষ্টিত জয়ন্ত মল্ল বৰুৱা, মনোজ বৰুৱা, ফণীধৰ পাঠকৰ নাম সর্বাধিক চর্চাত আছে৷ কমলপুৰ সমষ্টিৰ ক্ষেত্রত দিগন্ত কলিতা, হূদয় দাস, বেণু নাথ, ৰমেন ডেকাৰ নাম চর্চিত হৈ আছে৷ সেইদৰে বঢ়মপুৰ সমষ্টিৰ ক্ষেত্রত জিতু গোস্বামী, বিভূতিভূষণ বৰঠাকুৰ, তেজপুৰত ঋতুবৰণ শর্মা, নাহৰকটীয়াত তৰংগ গগৈ, বিকুল ডেকা, লখিমপুৰত মানৱ ডেকা, আমগুৰিত অপৰাজিতা ভূঞা আদিকে ধৰি বহু নেতাৰ নাম সাংঘাতিক ধৰণে চর্চালৈ আহিছে৷ এনে অৱস্থাত অহা বিধানসভা নির্বাচনৰ প্রাকক্ষণত অগপ নেতৃত্বই আসন বুজাবুজিৰ ক্ষেত্রত জটিল সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ অগপৰ বর্তমানৰ নেতৃত্বই কেনেদৰে সেই সমস্যাৰ মোকাবিলা কৰে, সেয়া সময়তহে ক’ব পৰা যাব৷ কাৰণ বিগত পঞ্চায়ত নির্বাচন আৰু লোকসভা নির্বাচনৰ ফলাফলো অগপৰ আশাপ্রদ নাছিল, যাৰ বাবে তেওঁলোক অধিক আসন দাবী কৰিব পৰা অৱস্থাতো নাই৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি