Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:30 pm

Home » আঞ্চলিক » অসম » দিল্লীত পৰি ৰ’ল ১০ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি দিয়া আবেদন

দিল্লীত পৰি ৰ’ল ১০ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি দিয়া আবেদন

নতুন দিল্লী : প্রধানমন্ত্রীৰ ‘এ ফৰ আছাম’ শ্লোগান এতিয়া বিস্মৃতি মাত্র৷ তাৰ সলনি বঞ্চনাই হৈ পৰিছে অসমৰ একমাত্র নিয়তি৷ অসমৰ বান–খহনীয়া সমস্যাক বছৰ বছৰ ধৰি কেন্দ্রীয় চৰকাৰে কৰি অহা উপেক্ষাৰ ছবিখন আকৌ এবাৰ প্রকট হৈ উঠিছে৷ 
প্রতিবছৰৰ দৰে এইবাৰো ভয়ংকৰ বানপানী আৰু খহনীয়াই অসমৰ ইমূৰ–সিমূৰ জুৰুলা কৰিছে৷ প্রাণ গৈছে অর্ধশতাধিক লোকৰ৷ এই দুর্যোগৰ মাজত দিল্লীৰ পৰা এটা ফানকল কৰিয়ে নিজৰ দায়িত্ব সামৰিছে দিল্লীৱালা নেতাসকলে৷ তাতোকৈ ডাঙৰ কথা হ’ল প্রতিবছৰ বানত হোৱা বিপুল ক্ষয়–ক্ষতিৰ ক্ষতিপূৰণ বিচাৰি গৃহ মন্ত্রালয়ক স্মাৰক–পত্র প্রদান কৰি আহিছে অসম চৰকাৰে৷ কিন্তু এই আবেদনসমূহ বিনাবিচাৰে পৰি ৰৈছে দিল্লীৰ মন্ত্রী–আমোলাৰ টেবুলত৷ লক্ষণীয় কথাটো হ’ল এই আবেদনৰ সত্যাসত্য বিচাৰ কৰিবলৈ বাৰিষাৰ শেষত এটা মন্ত্রীগোটকো অসমলৈ প্রেৰণ কৰা হয়৷
দিল্লীলৈ উভতি গৈ তেওঁলোকে সামান্য ক্ষয়–ক্ষতিৰ হিচাপ এটাহে উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ হাতত দাখিল কৰেগৈ৷ কিন্তু সেই যৎসামান্য ক্ষতিপূৰণো অসমক দিয়া নহয়৷ উল্লেখ্য যে অসম চৰকাৰৰ নিজা সমীক্ষা অনুসৰি ২০১৭, ২০১৮ আৰু ২০১৯ বর্ষত বানপানী আৰু খহনীয়াত অসমৰ মুঠ ১০,১০৫.৬ কোটি টকাৰ সা–সম্পত্তিৰ ক্ষতি হৈছে৷ বছৰ হিচাপত ২০১৭ চনত ৪,৩৫৮.৭৮ কোটি টকা, ২০১৮ চনত ২,৫০৯.০৬ কোটি টকা আৰু ২০১৯ চনত ৩,২৩৭.৭৬ কোটি টকাৰ ক্ষয়–ক্ষতিৰ তথ্য অসম চৰকাৰে কেন্দ্রীয় গৃহ মন্ত্রালয়ত দাখিল কৰিছিল৷ এই বৃহৎ পৰিমাণৰ ক্ষয়–ক্ষতিৰ বিপৰীতে ৰাষ্ট্রীয় দুর্যোগ প্রশমন পুঁজিৰ পৰা ক্ষতিপূৰণো বিচাৰিছিল৷ কিন্তু দুর্ভাগ্যৰ কথাটো হ’ল, যোৱা তিনিটা বছৰত এন ডি আৰ এফ পুঁজিৰ পৰা অসমে এটকাৰো সাহায্য লাভ নকৰিলে৷ ইয়াৰ বিপৰীতে উত্তৰ আৰু দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যই প্রতিবছৰে এন ডি আৰ এফৰ শ শ কোটিৰ সাহায্য লাভ কৰি গ’ল৷
তথ্য অনুসৰি, ২০১৭ বর্ষত বানপানী তথা আন দুর্যোগত হোৱা ক্ষয়–ক্ষতিৰ বাবে বিহাৰে ১,৩৬৩.৪৮ কোটি, পশ্চিমবংগই ৩২৪ কোটি, ৰাজস্থানে ৩০৬ কোটি, উত্তৰ প্রদেশে ১১৯ কোটি টকাৰ এন ডি আৰ এল পুঁজি লাভ কৰিছে৷ একেদৰে ২০১৮ বর্ষত হোৱা প্রাকৃতিক দুর্যোগৰ বাবে অন্ধ্রপ্রদেশে ৬২১ কোটি, হিমাচল প্রদেশে ৩১২ কোটি, কর্ণাটকে ৫২৫ কোটি, ওড়িশাই ৩৪১ কোটি, ত্রিপুৰাই ১৭১ কোটিৰ এন ডি আৰ এফ পুঁজি লাভ কৰিছে৷ ২০১৯ চনৰ প্রাকৃতিক দুর্যোগৰ পাছতো মধ্যপ্রদেশক ১,৭১২ কোটি, ওড়িশাক ৩,১১৪ কোটি, মহাৰাষ্ট্রক ৯৫৬ কোটি, কর্ণাটক ১,৩৪৯ কোটি আৰু বিহাৰক ৪০০ কোটিৰ এন ডি আৰ এফ পুঁজি মোকলাই দিয়া হৈছে৷ এয়া মাত্র কেইখনমান ৰাজ্যৰ উদাহৰণহে৷ কিন্তু এন ডি আৰ এফ পুঁজি লাভ কৰাৰ যোগ্যতা অর্জন কৰিব নোৱাৰিলে অসমে৷ কেন্দ্রীয় চৰকাৰৰ জটিল নীতি–নিয়মো এন ডি আৰ এফ পুঁজি লাভ কৰাৰ ক্ষেত্রত অসমৰ বাবে প্রতিবন্ধক হৈ থিয় দিছে৷ কেন্দ্রৰ নিয়ম অনুসৰি, অসম চৰকাৰে প্রতিবছৰে বানপানীত হোৱা ক্ষয়–ক্ষতিৰ সবিশেষ তথ্য দি কেন্দ্রীয় চৰকাৰৰ গৃহ মন্ত্রালয়ক স্মাৰক–পত্র প্রদান কৰে৷ ইয়াৰ পাছত কেন্দ্রই এটা বিশেষ দলক বান–খহনীয়াত হোৱা প্রকৃত লোকচানৰ সমীক্ষা কৰিবলৈ ৰাজ্যলৈ প্রেৰণ কৰে৷
ৰাজ্য ভ্রমি যোৱা দলটোৱে উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ ওচৰত প্রতিবেদন দাখিল কৰে৷ এই প্রতিবেদন অনুসৰিয়ে লোকচান অনুসৰি এন ডি আৰ এফ পুঁজি মোকলাই দিয়াৰ ক্ষেত্রত উচ্চ ক্ষমতাসম্পন্ন সমিতিখনে অনুমোদন জনায়৷ কিন্তু পুঁজি লাভ কৰিবলৈ হ’লে এটা বিশেষ চর্ত পূৰণ কৰিব লাগিব৷ সেয়া হ’ল কেন্দ্রীয় চৰকাৰৰ পৰা নিয়মমাফিক লাভ কৰা ৰাজ্যিক দুর্যোগ প্রশমন পুঁজি (এছ ডি আৰ এফ) সম্পূর্ণৰূপে ব্যয় কৰিব লাগিব৷ কিন্তু অসমৰ ক্ষেত্রত এছ ডি আৰ এফ পুঁজি ব্যয় কৰাত অনেক সমস্যা আছে৷ কিয়নো অসমত বাৰিষা বানপানী তথা নানা ভৌগোলিক–ৰাজনৈতিক কাৰণত বছৰটোৰ মাত্র চাৰি মাহমানহে এই পুঁজি ব্যয় কৰাৰ সময় পোৱা যায়৷ নির্দিষ্ট সময়ত এছ ডি আৰ এফ পুঁজি ব্যয় কৰিব নোৱাৰাৰ অজুহাততে কেন্দ্রীয় চৰকাৰে এন ডি আৰ এফ পুঁজি অসমক মোকলাই নিদিয়ে৷ অসমৰ ক্ষেত্রত এন ডি আৰ এফ পুঁজি লাভৰ নিয়ম সলনি কৰিবলৈ বা বিশেষ নীতি গ্রহণ কৰিবলৈ কেন্দ্রৰ লগত ৰাজ্য চৰকাৰে কেইবাবাৰো যোগাযোগ কৰিছে যদিও কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই৷ অথচ চৰকাৰী হিচাপ মতেই যোৱা তিনিটা বছৰত অসমত ১০,১০৫.৬ কোটি টকাৰ সা–সম্পত্তি হানি হৈছে৷
বানপানীৰ দৰে প্রাকৃতিক দুর্যোগত বিধ্বস্ত ৰাজ্যখনক বিশেষ পেকেজ প্রদান কৰাটো দূৰৰ কথা, এন ডি আৰ এফ পুঁজি মোকলাই দিয়াৰ ক্ষেত্রতো কেন্দ্রীয় চৰকাৰখনে নূ্যনতম সদিচ্ছা নেদেখুৱালে৷ কাজেই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘এ ফৰ আছাম’ শ্লোগান এতিয়া বিস্মৃতিৰ গর্ভত সোমাই পৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি