Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:45 pm

Home » Uncategorized » আজিয়েই ঠিক কৰক ভুল : ৭০লাখ কৃষকে নাপালে PM-Kisanৰ ২০০০টকা

আজিয়েই ঠিক কৰক ভুল : ৭০লাখ কৃষকে নাপালে PM-Kisanৰ ২০০০টকা

পি এম কিষাণ স্কীমৰ (PM Kisan Scheme) এটা মাত্ৰ বানান ভুলৰ কাৰণে বহুতেই নাপালে ২০০০টকা। আহক জানো কি এই ভুল আৰু কেনেকৈ ইয়াক ঠিক কৰিব পাৰে আপুনি?


নতুন দিল্লী : আপুনি জানেনে যে, এটা মাত্ৰ বানান ভুলৰ কাৰণে ৭০লাখ কৃষকে ইমান লোকচান ভৰিব লগীয়া হ’ল। কাগজত হোৱা ভুলৰ কাৰণে দেশৰ কৃষকে ৪২০০কোটি টকাৰ সাহাৰ্য লাভৰ পৰা বঞ্চিত হয়। যেতিয়ালৈকে এই ভুলৰ শুধৰণি নহয় তেতিয়ালকৈ কৃষকসকলে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভ নকৰে। 
পি এম কিষাণ স্কীমৰ আৱেদনকৰ্তাসকলৰ নাম আৰু বেংক একাউণ্ট নম্বৰত খেলিমেলি হৈছে। বেংক একাউণ্ট আৰু অন্য নথিত নামৰ বানান ভিন্ন। যাৰ কাৰণে তেওঁলোকে স্কীমৰ অট’মেটিক চিষ্টেমে তেওঁলোকক পাছ নকৰিলে। পি এম কিষাণ স্কীমৰ চিইঅ’ বিৱেক আগৰৱালে নিউজ18ৰ সৈতে কথা বতৰাত কয় যে, ‘এনে খেলিমেলি কৰা আৱেদকৰ সংখ্যা প্ৰায় ৭০লাখ। আনহাতে প্ৰায় ৬০লাখ লোকৰ আধাৰ কাৰ্ডত (Aadhaar card) খেলিমেলি হৈছে।
ভেৰিফিকেচনৰ কাৰণে পেণ্ডিং হৈ আছে কোটিৰ অধিক ব্যক্তিঃ অৰ্থাৎ স্কীমৰ টকা এপ্লাই কৰাৰ পিছতো প্ৰায় ১.৩কোটি কৃষক বছৰেকত ৬০০০টকা লাভৰ পৰা বঞ্চিত হৈ আছে। বহু জিলাত লক্ষাধিক কৃষকৰ ডাটা ভেৰিফিকেশ্যনৰ কাৰণে পেণ্ডিং হৈ আছে। ৰাজ্য চৰকাৰে কৃষকৰ ডাটা ভেৰিফাই কৰি কেন্দ্ৰলৈ পঠিয়ালেহে কৃষকে টকা লাভ কৰে। 
কেনেকৈ ঠিক কৰিব ভুল? 
সকলোতকৈ আগত PM-Kisan Schemeৰ অফিচিয়েল ৱেবছাইটত যাওক। ইয়াৰ ফৰ্মৰ চুকত থকা Edit Aadhaar Details অপচনত ক্লিক কৰক। ইয়াত আপুনি নিজৰ আধাৰ নম্বৰ দাখিল কৰিব লাগিব। ইয়াৰ পিছত দেখুৱা ধৰণে এটা কেপচা ক’ড ভৰাই চাবমিট কৰক। যদি আপোনাৰ কেৱল নাম ভুল হৈ আছে অৰ্থাৎ আৱেদন আৰু আধাৰত নাম বেলেগ বেলেগ হৈ আছে তেনেহ’লে আপুনি ইয়াক অনলাইন ঠিক কৰিব পাৰে। যদি কিবা বেলেগ ভুল হৈ আছে তেনেহ’লে আপুনি সংশ্লিষ্ট কৃষি বিভাগৰ কাৰ্যালয়ত যোগাযোগ কৰক। 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি