|

৭৫ টকাত প্ৰতি মাহে ৫০ কেজি চাউল আৰু ১ কেজি দাইল : আপুনি পাইছেনে?

নতুন দিল্লী : মোদী চৰকাৰৰ ‘প্ৰধানমন্ত্ৰী গৰীব কল্যান অন্ন যোজনা’ কোৰোণা সংকটকালত দৰিদ্ৰ লোকসকলৰ বাবে হৈ পৰিছে বিশেষ সহায়ক। যাৰ হাতত ৰেচন কাৰ্ড আছে, খোৱা-বোৱাত তেওঁলোকে পোৱা নাই কোনো ধৰণৰ অসুবিধা। গাঁৱত এটা পৰিয়ালত গড়ে পাঁচজন সদস্য আছে। এনে পৰিয়ালে মাত্ৰ৭৫টকা খৰচ কৰি প্ৰতি মাহে ৫০ কেজি চাউল আৰু এক কেজি দাইল লাভ কৰিছে। বিহাৰ, পশ্চিমবংগ, অসমত বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই, তেনে ক্ষেত্ৰত এই আঁচনিয়ে তিনিওখন ৰাজ্যতে বিজেপিক বিশেষ ভাবে সহায় কৰিছে বুলিও ক’ব পাৰি। যোজনা অনুসৰি. ঘৰৰ প্ৰতিগৰাকী সদস্যই মাহে পাঁচ কেজিকৈ চাউল বিনামূলীয়াকৈ লাভ কৰিছে। লগতে প্ৰতিগৰাকী সদস্যই পাঁচ-পাঁচ কেজি চাউল মাত্ৰ তিনি টকাত কেজি হিচাপত ক্ৰয় কৰিব পাৰিছে। উল্লেখ্য যে দেশত কোৰোণা সন্ত্ৰাসৰ বাবে ২৪ মাৰ্চৰ

আজিয়েই ঠিক কৰক ভুল : ৭০লাখ কৃষকে নাপালে PM-Kisanৰ ২০০০টকা

পি এম কিষাণ স্কীমৰ (PM Kisan Scheme) এটা মাত্ৰ বানান ভুলৰ কাৰণে বহুতেই নাপালে ২০০০টকা। আহক জানো কি এই ভুল আৰু কেনেকৈ ইয়াক ঠিক কৰিব পাৰে আপুনি? নতুন দিল্লী : আপুনি জানেনে যে, এটা মাত্ৰ বানান ভুলৰ কাৰণে ৭০লাখ কৃষকে ইমান লোকচান ভৰিব লগীয়া হ’ল। কাগজত হোৱা ভুলৰ কাৰণে দেশৰ কৃষকে ৪২০০কোটি টকাৰ সাহাৰ্য লাভৰ পৰা বঞ্চিত হয়। যেতিয়ালৈকে এই ভুলৰ শুধৰণি নহয় তেতিয়ালকৈ কৃষকসকলে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভ নকৰে।  পি এম কিষাণ স্কীমৰ আৱেদনকৰ্তাসকলৰ নাম আৰু বেংক একাউণ্ট নম্বৰত খেলিমেলি হৈছে। বেংক একাউণ্ট আৰু অন্য নথিত নামৰ বানান ভিন্ন। যাৰ কাৰণে তেওঁলোকে স্কীমৰ অট’মেটিক চিষ্টেমে তেওঁলোকক পাছ নকৰিলে। পি এম কিষাণ স্কীমৰ চিইঅ’ বিৱেক আগৰৱালে নিউজ18ৰ সৈতে

|

দহ লক্ষাধিক : এদিনতে দেশত আক্ৰান্তৰ নতুন ৰেকৰ্ড

নতুন দিল্লী : দেশত কৰ’না আক্ৰান্তই ১০লাখ অতিক্ৰম কৰিলে। বৃহস্পতিবাৰৰ দিনটোত এতিয়ালৈ সৰ্বাধিক ৩৪,৯৫৬জন নতুন ক’ভিড আক্ৰান্ত চিনাক্ত হোৱাৰ পাছত ভাৰতত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১০,০৩৮৩২লৈ বৃদ্ধি পায়৷ ইয়াৰ লগে লগে দেশত একেদিনাই ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই পুনৰ ৰেকৰ্ড ভংগ কৰে৷ কালিৰ দিনটোৰ ভিতৰতে দেশত ক’ভিড-১৯ৰ সৈতে জড়িত মৃত্যুৰ সংখ্যা আছিল ৬৮৭জন৷ বৰ্তমানলৈকে দেশত ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৫,৬০২জন৷ ইফালে দেশত ক’ভিড-১৯ত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে ৬,৩৫,৭৫৭ জন লোক৷ দেশত বৰ্তমান সুস্থতাৰ হাৰ ৬৩.৩৪%৷ উল্লেখ্য যে সৰ্বাধিক কৰ’না আক্ৰান্ত দেশসমূহৰ ভিতৰত ভাৰত বৰ্তমান তৃতীয় স্থানত আছে৷ আমেৰিকা আৰু ব্ৰাজিলৰ স্থান ক্ৰমে প্ৰথম আৰু দ্বিতীয়৷

|

কোভিড হ’ব বুলি মোৰ ফোন ধৰা নাই সভাপতি ৰণজিত দাস

নিজৰ স্থিতিত অটল শিলাদিত্য দেৱ, ক’লে – মোনা লোৱা ব্যক্তিৰ বিৰুদ্ধে দিছো লিখিত অভিযোগ গুৱাহাটী : কান্ধত মোনা লোৱা নেতাৰ বিৰুদ্ধে পুনৰ সৰৱ বিধায়ক শিলাদিত্য দেৱ৷ মোনা লোৱা ব্যক্তিৰ বাবেই বিজেপিত একাংশ পুৰণি নেতা এলাগি হৈছে বুলি মন্তব্য বিধায়কজনৰ৷ মোনা ধৰা শীৰ্ষ বিজেপি নেতাজনেই বিজেপিত আনিছে বিভাজন। পুনৰ শিলাদিত্য দেৱে ক’লে – মই দলৰ পৰা পদত্যাগ কৰিম বুলি কোৱা নাছিলো৷ অব্যাহতি লোৱাৰ কথাহে কৈছিলো। কেন্দ্ৰীয় নেতৃত্বই অপেক্ষা কৰিব কোৱাৰ বাবে মই এসপ্তাহ অপেক্ষা কৰিছো৷ মই পুৰ্বৰ স্থিতিত অটল আছো৷ কেন্দ্ৰীয় নেতৃত্বক মোনা লোৱা ব্যক্তিৰ বিৰুদ্ধে লিখিত অভিযোগ দিছো৷ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিব পৰা নাই৷ সভাপতি ৰণজিত দাসে ফোন ৰিচিভ কৰিলে কোভিড হ’ব পাৰে বুলি মোৰ ফোন ধৰা নাই৷

| |

১ আগষ্টৰ পৰা পথৰ কাষত দোকান দিয়া সকলে পাব ১০ হাজাৰ টকা

পথৰ কাষত ঠেলাত দোকান দি জীৱন নিৰ্বাহ কৰা সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। নতুন দিল্লী : পথৰ কাষত ঠেলাত দোকান দি জীৱন নিৰ্বাহ কৰা সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত সৰু দোকান দিয়া, পথৰ কাষত ঠেলাত দোকান দিয়া ব্যৱসায়ীক চৰকাৰে দিব কম সুতৰ বিনিময়ত লোন। চৰকাৰে এই আঁচনিৰ বাবে ধাৰ্য কৰিছে ৫০০০ কোটি টকা। কিমান টকা লোন পাব আৰু সুতৰ হাৰ কিমান হ’ব? প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত ১০ হাজাৰ টকাৰ লোন লাভ কৰিব সৰু দোকান দিয়া, পথৰ কাষত ঠেলাত দোকান দিয়া ব্যৱসায়ীসকলে। এই ধনৰাশিয়ে ব্যৱসায় ভালদৰে আৰম্ভ কৰাত সহায় কৰিব। এই ধন বহু সাধাৰণ চৰ্তত দিয়া হ’ব। ‘concessional rates’ত

|

বিজেপিৰ ব্যাপক তৎপৰতাৰ বিপৰীতে নির্বিকাৰ অসম গণ পৰিষদ

গুৱাহাটী : ৰাজ্যৰ বিধানসভা নির্বাচনলৈ মাজত মাত্র আঠটা মাহ বাকী৷ অহা বছৰৰ এপ্রিল মাহত হ’বলগীয়া বিধানসভা নির্বাচন ৰাজ্যৰ প্রধান আঞ্চলিক দল অগপৰ বাবে কার্যতঃ হ’ব অগ্ণিপৰীক্ষা৷ এসময়ত দুবাৰকৈ ৰাজ্যৰ ৰাজপাট দখল কৰা আঞ্চলিক দল অগপই ক্ষমতাত থকা অৱস্থাত কৰা অবাধ দুর্নীতি, ভ্রষ্টাচাৰ, প্রতাৰণা, গুপ্তহত্যা আদিকে ধৰি নানা কৃতকর্মৰ বাবে ২০০১ চনৰ পৰা সুদীর্ঘ ১৫ বছৰ ক্ষমতাৰ পৰা আঁতৰি থাকিবলগীয়া হয়৷ ২০১৬ চনৰ বিধানসভা নির্বাচনত দলটোৱে মাত্র ১৩খন আসন লাভ কৰা সত্ত্বেও বিজেপি নেতৃত্বাধীন মিত্রজোঁট তথা চৰকাৰৰ অংশীদাৰ হ’বলৈ সমর্থ হয় আৰু বিজেপিয়ে বি পি এফৰ দৰে অগপকো তিনিটা মন্ত্রী পদ এৰি দিয়ে৷ অহা বছৰ হ’বলগীয়া বিধানসভা নির্বাচনতো বিজেপি–গপৰ মিত্রতা অব্যাহত থাকিব বুলি দল দুটাৰ নেতৃত্বই এতিয়ালৈ কৈ আহিছে যদিও অগপই

| | | |

দিল্লীত পৰি ৰ’ল ১০ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি দিয়া আবেদন

নতুন দিল্লী : প্রধানমন্ত্রীৰ ‘এ ফৰ আছাম’ শ্লোগান এতিয়া বিস্মৃতি মাত্র৷ তাৰ সলনি বঞ্চনাই হৈ পৰিছে অসমৰ একমাত্র নিয়তি৷ অসমৰ বান–খহনীয়া সমস্যাক বছৰ বছৰ ধৰি কেন্দ্রীয় চৰকাৰে কৰি অহা উপেক্ষাৰ ছবিখন আকৌ এবাৰ প্রকট হৈ উঠিছে৷  প্রতিবছৰৰ দৰে এইবাৰো ভয়ংকৰ বানপানী আৰু খহনীয়াই অসমৰ ইমূৰ–সিমূৰ জুৰুলা কৰিছে৷ প্রাণ গৈছে অর্ধশতাধিক লোকৰ৷ এই দুর্যোগৰ মাজত দিল্লীৰ পৰা এটা ফানকল কৰিয়ে নিজৰ দায়িত্ব সামৰিছে দিল্লীৱালা নেতাসকলে৷ তাতোকৈ ডাঙৰ কথা হ’ল প্রতিবছৰ বানত হোৱা বিপুল ক্ষয়–ক্ষতিৰ ক্ষতিপূৰণ বিচাৰি গৃহ মন্ত্রালয়ক স্মাৰক–পত্র প্রদান কৰি আহিছে অসম চৰকাৰে৷ কিন্তু এই আবেদনসমূহ বিনাবিচাৰে পৰি ৰৈছে দিল্লীৰ মন্ত্রী–আমোলাৰ টেবুলত৷ লক্ষণীয় কথাটো হ’ল এই আবেদনৰ সত্যাসত্য বিচাৰ কৰিবলৈ বাৰিষাৰ শেষত এটা মন্ত্রীগোটকো অসমলৈ প্রেৰণ কৰা হয়৷ দিল্লীলৈ উভতি