Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:44 pm

Home » আঞ্চলিক » ১৯ জুলাইলৈকে গুৱাহাটীত বৃদ্ধি ল’ক ডাউন

১৯ জুলাইলৈকে গুৱাহাটীত বৃদ্ধি ল’ক ডাউন


গুৱাহাটী : গুৱাহাটীত অহা ১৯ জুলাইলৈকে অব্যাহত থাকিব ল’ক ডাউন। কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। শণিবাৰে সংবাদমেলত এই সন্দৰ্ভত ইংগিত দিয়াৰ পিছতে ল’ক ডাউন বৃদ্ধিৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে ৰাজ্যৰ মুখ্য সচিবে। আনকি টুইটাৰযোগে মুখ্য সচিবে ল’ক ডাউনৰ সন্দৰ্ভত এখন গাইড লাইনো জাৰি কৰে।

Due to the continuing large scale spread of Covid19 occurring in almost the entire district of Kamrup(M),there has been an extension in the period of the prevailing lockdown. Here are the new guidelines that shall come into force with effect from 12th July till 19th July,2020. pic.twitter.com/feWwDdXW13

— Kumar Sanjay Krishna (@KrSanjayKrishna) July 11, 2020

আনকি মুখ্য সচিবে এই সন্দৰ্ভত জাৰি কৰে নতুন গাইড লাইনঃ
  • ল’ক ডাউনৰ সময়ছোৱাত বিনা কাৰণত চলা-ফুৰা কৰিব নোৱাৰিব। স্বাস্থ্য সংক্ৰান্তীয় বিষয়ক বাদ দি সকলো ধৰণৰ ব্যক্তিগত বাহন চলাচল বন্ধ।
  • সকলো চৰকাৰী, চৰকাৰী অধিকৃত, ব্যক্তিগত কাৰ্যালয় বন্ধ থাকিব।
  • সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ গেলামালৰ দোকান খুলিব পাৰিব। বাকী সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান, শ্বপিং মল বন্ধ থাকিব।
  • নতুনকৈ কোনো উদ্যোগ-প্ৰতিষ্ঠানত কাম আৰম্ভ কৰিব নোৱাৰিব। কিন্তু যিসমূহৰ কাম ইতিমধ্যে চলি আছে, সেয়া চলি থাকিব।
  • সকলো ধৰণৰ ৰাজহুৱা যাতায়াত সেৱা বন্ধ থাকিব।
  • সকলো শিক্ষানুষ্ঠান, কোচিং ক্লাচ, ট্ৰেইনিং, গৱেষণাৰ কাম বন্ধ থাকিব।
  • সকলোধৰণৰ ধৰ্মীয় স্থান বন্ধ থাকিব।
  • শেষকৃত্য অনুষ্ঠানত ২০ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।
  • ৰাজহুৱা স্থানত থু পেলাব নোৱাৰিব। অন্যথা জৰিমনা বিহা হ’ব।
  • সুৰা, গোটখা, পান মচলা ৰাজহুৱা স্থানত বিক্ৰী কৰা সম্পূৰ্ণ ৰূপে নিষেধ।

ক’ত ক’ত থাকিব শিথিলতাঃ
  • সামৰিক বাহিনী, কেন্দ্ৰীয়-ৰাজ্যিক অৰ্ধসামৰিক বাহিনী, আৰক্ষী, জিলা দণ্ডাধীশ, অগ্নি নিৰ্বাপন, দুৰ্যোগ ব্যৱস্থাপনা, বিদ্যুত্‍, পানী, সংবাদ মাধ্যমে সেৱা অব্যাহত ৰাখিব পাৰিব।
  • ফাৰ্মাচী খোলা থাকিব।
  • সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈকে ঘৰে ঘৰে গৈ ফল-মূল আৰু শাক-পাচলি বিক্ৰী কৰিব পাৰিব। কেৱল জিলা উপায়ুক্তই নিৰ্বাচিত কৰা ব্যৱসায়ীয়েহে এই সুবিধা ল’ব পাৰিব।
  • ই-কমাৰ্চৰ জৰিয়তে ফল-মূল, শাক-পাচলি বিক্ৰী সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ কৰিব পাৰিব।
  • জিলাৰ কেৱল ১০ শতাংশ বেংক আৰু ইঞ্চুৰেন্স কোম্পানীয়ে সেৱা আগবঢ়াব পাৰিব।
  • চিলিণ্ডাৰ ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি